অসমত পুনৰ এজন কোভিড-১৯ পজিটিভ ৰোগী চিনাক্ত; আক্ৰান্তৰ সংখ্যা ৩০জনলৈ বৃদ্ধি

images.jpeg-21-632x375

প্ৰতিনিধিত্বমূলক ফটো

অসমত পুনৰ এজন কোভিড-১৯ পজিটিভ ৰোগী ধৰা পৰিছে। আজি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি এই কথা সদৰী কৰে।

মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া মতে ধুবুৰীৰ আন এজন ব্যক্তিৰ কোভিড-১৯ পজিটিভ ধৰা পৰিছে। এই লোকজনো নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতৰ সমাৱেশৰ সৈতে সম্পৰ্কিত।

অসমত এতিয়া কোভিড-১৯ ত আক্ৰান্তৰ সংখ্যা ৩০জনলৈ বৃদ্ধি পালে।

উল্লেখযোগ্য যে যোৱা ৯ এপ্ৰিলত ধুবুৰীত আন এজন COVID-19 পজিটিভ ৰোগীৰ ঘটনা পোহৰলৈ আহিছিল।

ধুবুৰী জিলাত চিনাক্ত হোৱা উক্ত আক্ৰান্ত লোকজন জিলাখনৰ পূৰ্বতে চিনাক্ত হোৱা COVID-19 পজিটিভ ৰোগীজনৰ সংস্পৰ্শত অহা লোক আছিল।

এই লোকজন ইয়াৰ পূৰ্বে যোৱা ৭ এপ্ৰিলত ধুবুৰীত ধৰা পৰা এজন COVID-19 পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ আহিছিল।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে ধুবুৰীৰ লোকজনৰ দেহত COVID-19 পজিটিভ পোৱা বুলি জানিবলৈ দিছিল।

উল্লেখ্য যে বৰ্তমানলৈ অসমত ক’ৰ’নাত আক্ৰান্ত হোৱা ৩০ গৰাকী লোকৰ ভিতৰত ২৯ গৰাকী লোকৰে দিল্লীৰ নিজামুদ্দিন জামাতৰ সৈতে সম্পৰ্ক আছিল।