ধৰ্ষণৰ ভূস্বৰ্গত পৰিণত সোণোৱালৰ অসম; তিনিদিনত তৃতীয়টো ধৰ্ষণ কৰি হত্যাৰ ঘটনা

গোৱালপাৰাত ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা

rape

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ৰাজ্যত পুনৰ ধৰ্ষণ কৰি হত্যাৰ দৰে বৰ্বৰ ঘটনা সংঘটিত হৈছে।

গোৱালপাৰা জিলাৰ লখিপুৰ আৰক্ষী চকীৰ অন্তৰ্গত এখন গাঁৱত শুকুৰবাৰে ৰাতিপুৱা এগৰাকী কিশোৰীৰ ক্ষত-বিক্ষত শৰীৰ উদ্ধাৰ হয়।

ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে জহিৰুল ইছলাম নামৰ এগৰাকী লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে ভূক্তভোগী কিশোৰী গৰাকীৰ বয়স ১০ বছৰ আৰু নিশা এটা ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণৰ বাবে কিশোৰী গৰাকী ওচৰৰ এঘৰলৈ গৈছিল।

অনুষ্ঠানত অংশগ্ৰহণৰ বাবে যোৱা কিশোৰী গৰাকী বহু ৰাতিলৈ ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে ওচৰ চুবুৰীয়াৰ ঘৰতে তাই নিশা কটাব বুলি ধৰি লৈছিল।

কিন্তু শুকুৰবাৰে ৰাতিপুৱা গাঁৱৰ লোকে কিশোৰী গৰাকীৰ মৃতদেহ খেতি পথাৰৰ মাজত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰে।

‘‘আমি ঘটনা সন্দৰ্ভত এগৰাকী অভিযুক্তক আটক কৰি তদন্ত অব্যাহত ৰাখিছো,’’ গোৱালপাৰা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ ভট্টাচাৰ্য্যই কয়।

খেতিপথাৰত উদ্ধাৰ হোৱা কিশোৰী গৰাকীৰ মৃতদেহটো গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

অসমত বিগত তিনিটা দিনত সংঘটিত হোৱা এয়া তৃতীয়টো ধৰ্ষণ আৰু হত্যাৰ ঘটনা।

বুধবাৰে তিনিচুকীয়া জিলাত এগৰাকী বিবাহিত মহিলাক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল।

বৃহস্পতিবাৰে মৰিগাঁও জিলাত এগৰাকী আঠ বছৰীয়া বিদ্যালয়ৰ ছাত্ৰীক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত ৰাজ্যত ক্ৰমান্বয়ে ধৰ্ষণৰ ঘটনা বৃদ্ধি পাইছে। অসম আৰক্ষীয়ে ৰাজ্যত মহিলাৰ ওপৰত সংঘটিত অপৰাধমূলক ঘটনা ৰোধ কৰাত ব্যৰ্থ হৈছে।