NORTHEAST NOW (Assamese)

বিলাসীপাৰাত গ্ৰেপ্তাৰ সন্দেহযুক্ত জেহাদী

January 19, 2025 6:40 pm · নৰ্থ ইষ্ট নাও, ডেস্ক
Updated: January 19, 2025 6:09 pm

দেওবাৰে ধুবুৰীৰ বিলাসীপাৰাত আন এজন সন্দেহযুক্ত জেহাদীক গ্ৰেপ্তাৰ কৰা হৈছে।

অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে (এছটিএফ) বিশেষ খবৰৰ ভিত্তিত শেহতীয়াকৈ এই সন্দেহযুক্ত জেহাদীটোক কৰায়ত্ত কৰিছে।

জানিব পৰা মতে গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম জাহীদ আলী। আলী ধুবুৰী জিলাৰেই বাসিন্দা।

জাহীদক গ্ৰেপ্তাৰ কৰি আইনী ব্যৱস্থাৰ বাবে গুৱাহাটীলৈ অনা হৈছে বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে উল্লেখ কৰিছে যে চলি থকা ‘অপাৰেচন প্ৰঘাত’ৰ সময়তে জাহীদক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰৰ লগে লগে এই গোচৰত জড়িত হৈ থকা লোকৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি পাইছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

Related News