নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দিল্লীত অসমীয়াৰ প্ৰতিবাদ

ELq0wkRVUAAMnnF-1140x570

নাগৰিকত্ব সংশোধনী আইন বিৰোধী শতাধিক প্ৰতিবাদকাৰীয়ে শনিবাৰে দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদ সাৱ্যস্ত কৰি চৰকাৰক আইনখন বাতিল কৰিবলৈ আহ্বান জনায়।

সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱা আৰু ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ইয়াত স্বাক্ষৰ কৰি আইনত পৰিণত কৰাৰ পাছৰে পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ, বিশেষকৈ অসমত কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন ৰূপায়ন কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে।

‘’আমি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিছো। এইখন সম্পূৰ্ণ সংবিধান বিৰোধী। ই লগতে আমাৰ পৰিচয়, সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতি ভাবুকি,’’-ৰাজধানী চহৰখনত কৰ্মৰত এগৰাকী অসমীয়া ৰেইছাই কয়।

একেদৰে মতপোষণ কৰি আন এগৰাকী প্ৰতিবাদকাৰী মৃগাংক শইকীয়াই কয় যে তেওঁলোকে চৰকাৰৰ অসাংবিধানিক সিদ্ধান্তৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰাখিব।

‘’চৰকাৰে যিয়েই জাপি দিব খোজে তাকেই আমি মানি ল’ব নোৱাৰো… অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকৰ সুৰক্ষা আৰু অধিকাৰ সংকটত,’’-শইকীয়াই কয়।

প্ৰতিবাদকাৰীসকলে আইনখনৰ বিৰুদ্ধে অসম ভৱনৰ সন্মুখত মমবাতি লৈ সমদল উলিয়াই প্ৰতিবাদ সাৱ্যস্ত কৰে।

‘’আমি সীমান্তৰ সিপাৰৰ পৰা ৩১, ডিচেম্বৰ,২০১৪’লৈকে অহা লোকসকলক চৰকাৰে নাগৰিকত্ব দিব বিচৰাটো মানি ল’ব নোৱাৰো,’’-আন এগৰাকী প্ৰতিবাদকাৰীয়ে কয়।

তেওঁ কয় যে চৰকাৰে অসম চুক্তিক সন্মান কৰা উচিত আৰু সেই অনুসৰি ১৯৭১চনৰ ২৫ মাৰ্চক ভিত্তিবৰ্ষ হিচাপে লৈ ইয়াৰ পূৰ্বে অসমলৈ অহা লোকসকলক ভাৰতীয় হিচাপে চিনাক্ত কৰা উচিত।