ইউৰোপীয়ান য়ুনিয়নত CAA-ৰ বিৰুদ্ধে প্ৰস্তাৱ উত্থাপন; আজি বিতৰ্ক আৰু ভোটগ্ৰহণ

“অফিচিয়েল মত” নহয় বুলি য়ুনিয়নৰ বৈদেশিক পৰিক্ৰমা আৰু নিৰাপত্তা নীতিৰ মুখপাত্ৰৰ ঘোষণা

Anti-CAA resolutions in EU Parliament

ইউৰোপীয়ান য়ুনিয়নৰ সংসদ আৰু ইয়াৰ একাংশ সদস্যই ভাৰতত গৃহীত CAA-ৰ বিৰুদ্ধে প্ৰস্তাৱ উত্থাপন কৰি কৈছে যে এই আইনখনে ভাৰতৰ নাগৰিকত্বৰ ক্ষেত্ৰত এটা বিপজ্জনক মোৰ লৈছে।

৭৫১জন সদস্য থকা সংসদত প্ৰায় ৬০০জন সদস্যই মুঠ ৬টা প্ৰস্তাৱ উত্থাপন কৰিছে আৰু ইতিমধ্যে এটা খচৰা প্ৰকাশ কৰা হৈছে।

আজি প্ৰস্তাৱকেইটাক লৈ সংসদত প্ৰথমে বিতৰ্ক আৰু পিছত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

অৱশ্যে য়ুনিয়নৰ বৈদেশিক পৰিক্ৰমা আৰু নিৰাপত্তা নীতিৰ মুখপাত্ৰ Virginie Battu-Henriksson-এ ইয়াক য়ুনিয়নৰ “অফিচিয়েল মত” নহয় বুলি এটা স্পষ্টীকৰণ দিছে।

ভাৰতেও এই পদক্ষেপত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে আৰু প্ৰতিক্ৰিয়া দি কৈছে যে গোটেই বিষয়টো ভাৰতৰ অভ্যন্তৰীণ বিষয় আৰু আইনখন লোকসভা আৰু ৰাজ্যসভাত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে অনা হৈছে।

আনহাতে ভাৰতত থকা ইউৰোপীয়ান য়ুনিয়নৰ প্ৰতিনিধিয়েও এই প্ৰস্তাৱটো ইউৰোপীয়ান য়ুনিয়নৰ সংসদৰ আনুষ্ঠানিক প্ৰস্তাৱ নহয় বুলি এটা মত আগ বঢ়াইছে।

ইউৰোপীয়ান য়ুনিয়নৰ প্ৰতিষ্ঠাপক সদস্য ফ্ৰান্সেও ইয়াক ভাৰতৰ এটা অভ্যন্তৰীণ বিষয় বুলি স্বীকাৰ কৰিছে। ইউৰোপীয়ান য়ুনিয়নত ইউৰোপৰ মুঠ ২৮খন দেশ আছে আৰু ভাৰতৰ সৈতে ইয়াৰ সম্পৰ্ক মধুৰ।