NORTHEAST NOW (Assamese)

সাত বজাৰ পৰা ইণ্টাৰনেট বন্ধ, কেব বিৰোধিতাক নাকী লগোৱাৰ চেষ্টাত চৰকাৰ

December 11, 2019 5:48 pm · এন ই নাও নিউজ
চৰকাৰী জাননী।

অসমবাসীয়ে নাগৰিকত্ব (সংশোধন) বিধেয়কৰ বিৰুদ্ধে অব্যাহত ৰখা ব্যাপক বিক্ষোভক কাবু কৰিবলৈ অৱশেষত ইণ্টাৰনেট সেৱা বন্ধৰ আশ্ৰয় লৈছে চৰকাৰে।

বিধেয়কখনৰ বিৰুদ্ধে ৰাজধানী দিচপুৰকে ধৰি সমগ্ৰ অসমৰ হাজাৰ হাজাৰ লোক পথৰ ওপৰতে ৰৈ থকাৰ সময়ত ৰাজ্য চৰকাৰে কিছু সময় পূৰ্বে এই জাননী জাৰি কৰিছে।

১১ ডিচেম্বৰৰ সন্ধিয়া ৭ বজাৰ পৰা ১২ ডিচেম্বৰৰ সন্ধিয়া ৭ বজালৈকে অসমৰ লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, কামৰূপ (মেট্ৰ’) আৰু কামৰূপ জিলাত এই নিৰ্দেশ বলবৎ হ’ব।

সকলো ম’বাইল সেৱা আগবঢ়োৱা কোম্পানিৰে সেৱা বন্ধ থাকিব।

স্পষ্টভাৱে বিধেয়কবিৰোধিতাক নাকী লগাবলৈকে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

 

চৰকাৰী জাননী।

Related News