• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জুৱা খেলৰ আয়োজকৰ সৈতে ভৰলু থানাৰ বিষয়াৰ উৎকোচৰ কথা-বতৰা ফাদিল হোৱাৰ পিছতো ব্যৱস্থা নোলোৱাৰ অভিযোগ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 15, 2018 10:42 pm
Durniti Vs Police

দুৰ্নীতিত অভিযুক্ত আৰক্ষী বিষয়াজন আৰু দুৰ্নীতি বিৰোধী মঞ্চ অসমৰ এজাহাৰখনৰ কপি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি! জুৱা খেলৰ আয়োজকৰ সৈতে থানাত উৎকোচৰ কথা-বতৰাৰ ভিডিঅ’ ফাদিল হোৱাৰ পাছতো ভৰলু থানাৰ উপ-পৰিদৰ্শকৰ বিৰুদ্ধে ব্যৱস্থা নল’লে চৰকাৰে

যোৱা ৬ ছেপ্তেম্বৰৰ দিনা ভাইৰেল হৈ পৰিছিল ভৰলু থানাৰ সহকাৰী উপ-পৰিদৰ্শক সনৎ কুমাৰ মুদৈয়ে কেইগৰাকীমান জুৱাৰীৰ সৈতে উৎকোচ গ্ৰহণ কৰা সম্পৰ্কত কথা-বতৰা পাতি থকা এটা ভিডিঅ’।

সংবাদ মাধ্যমত বাৰম্বাৰ এই বাতৰি প্ৰকাশ পোৱাৰ পাছতো আৰক্ষীগৰাকীৰ বিৰুদ্ধে কোনো ধৰণৰ তদন্তৰ ব্যৱস্থা নকৰাত সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আনহাতে সংবাদ মাধ্যমত বাতৰিটো প্ৰকাশ পোৱাৰ ১০ দিন ওকলাৰ পাছতো আৰক্ষীগৰাকীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা হাতত নোলোৱাত সৰব হৈ পৰিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি, অসম।

দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীল বুলি কোৱা চৰকাৰে দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাত ১৫ ছেপ্তেম্বৰত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে আৰক্ষী আয়ুক্তৰ কাৰ্য্যালয়ত উপস্থিত হৈ ভৰলুমুখ আৰক্ষী থানাৰ উক্ত বিষয়াগৰাকীৰ বিৰুদ্ধে তদন্ত দাবী কৰি এজাহাৰ দিয়ে।

উল্লেখ্য যে, দুৰ্নীতি বিৰোধী যুৱশক্তিয়ে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ভৰলু থানাৰ সমীপতে চলি থকা জুৱা খেলৰ সৈতে জড়িত লোকৰ পৰা ৩৫,০০০ টকা উৎকোচ লোৱা বুলি গুৰুতৰ অভিযোগ তোলে এজাহাৰখনত।

আনহাতে, এজাহাৰখন দাখিল কৰাৰ পিছত দুৰ্নীতি বিৰোধী যুৱ শক্তি, অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে নৰ্থ ইষ্ট নাওক কয় যে আৰক্ষীয়ে উৎকোচ লোৱাৰ কথা পাতি থকাৰ ভিডিঅ’ সংবাদ মাধ্যমত প্ৰচাৰিত হোৱাৰ এসপ্তাহ উকলি যোৱাৰ পাছতো আৰক্ষী উপ-পৰিদৰ্শকগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা হাতত নল’লে। সেয়েহে তেওঁলোকে আৰক্ষী আয়ুক্তক সমগ্ৰ বিষয়টোৰ তদন্ত কৰিবৰ বাবে এখন এজাহাৰ দাখিল কৰে।

আনহাতে, উক্ত আৰক্ষী উপ-পৰিদৰ্শকগৰাকীক ভৰলু আৰক্ষী থানাতে ৰখাবৰ বাবে আৰক্ষীৰ উচ্চ পৰ্য্যায়ৰ বিষয়াসকলৰ এটা পক্ষই চেষ্টা কৰি থকা বুলি গুৰুতৰ অভিযোগ তোলে ধৰ্মকান্ত গগৈয়ে।

ইয়াৰোপৰি, ভিডিঅ’টোত টকাৰ লেনদেনৰ কথা পতাটো স্পষ্ট হৈ পৰিছে বুলি তেওঁ উল্লেখ কৰি লগতে কয় ‘টকা লৈছে নে নাই, সেই কথা তদন্তৰ পাছতেই মুকলিকৈ ওলাই পৰিব।‘

আনহাতে, ‘মোদীৰ দুৰ্নীতিমুক্ত ভাৰত অথবা সৰ্বানন্দ সোণোৱালৰ দুৰ্নীতিমুক্ত অসম ক’ত হেৰাল?’ বুলি প্ৰশ্ন কৰি তেওঁ কয় যে সাধাৰণ জনতালৈ দুৰ্নীতিমুক্ত অসম তথা ভাৰত গঢ়িবৰ বাবে বিজ্ঞাপনৰ জৰিয়তে আহ্বান জনাই আছে যদিও সেই সময়তে চৰকাৰৰ গৃহ বিভাগৰ আইন ৰক্ষকসকলে আইন ভংগ কৰি আছে।

তেওঁ লগতে প্ৰশ্ন কৰে যে সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতো দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে কিয়?

ভিডিঅ’টোত কথা পাতি থকা আৰক্ষী বিষয়াগৰাকীৰ বাৰ্তালাপৰ কিয়দংশ তলত দিয়া হ’ল-

সনত কুমাৰ মুদৈ : তই খোৱাৰ নামত ১০০০ টকা খা না, বাকী ৩৫০০০ টকা মোক দে।

অন্য পক্ষ : আপুনি ১০০০ টকা খাব দিছে, তাৰ খেলাৰ পৰা ১০০০ টকা সি খাইছে। হৈ গ’ল, ক্লেয়াৰ।

মুদৈ : নহয়, নহয়, ৰেফাৰ দিয়ক তাক, বৰুৱা।

কালি চাৰিখন নে তিনিখন খেলা হৈছে, চাৰি হাজাৰকৈ দিছে।

অন্য পক্ষ : আমাৰ পৰা লৈছে, সিঁহতৰ পৰা পইচা লৈছে।

অন্য পক্ষ : মোৰ খেলা আছে, মই পইচা দি আহিলো, বাকী যাৰ যাৰ খেলা আছে, মই দি আহিলো।

উল্লেখ্য যে, ভৰলুমুখ আৰক্ষী থানাৰ সহকাৰী ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে কেইগৰাকীমান জুৱাৰীক থানাৰ ভিতৰত আশ্ৰয় দি তেওঁলোকৰ সৈতে কমিশ্যনৰ অংকৰ কথা আলোচনা কৰা বিষয়টোৱে উদঙাই তুলিছে স্মাৰ্ট পুলিচৰ অন্য এক ৰূপ।

আনহাতে, ভিডিঅ’টোৰ কথোপকথনৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে, ভৰলুমুখ থানাৰ অন্তৰ্গত অঞ্চলসমূহত জুৱাৰ অবৈধ খেলসমূহ আৰক্ষীৰ ছত্ৰছায়াতে চলি থাকে। এনে ক্ষেত্ৰত কিছু সংখ্যকে প্ৰশ্ন কৰিছে যদি ৰক্ষকে ভক্ষক হয় তেন্তে সাধাৰণ ৰাইজৰ নিৰাপত্তা ক’ত?’

https://www.facebook.com/jibon.dhunia.7/videos/329092281195368/

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd