চাহ বাগিচা অধ্যুষিত অঞ্চলত মাদক দ্ৰব্য নিবাৰণৰ বাবে সজাগতা অভিযান

bebb10f4-297f-48c0-9ae1-b26146542a81

চুলাই মদ খাই ডেৰ শতাধিক লোকৰ মৃত্যু ঘটাৰ পাছতে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত প্ৰতিবাদ সাব্যস্ত হোৱাৰ সময়তে নগাঁও জিলাৰ বৃহত্তৰ  চামগুৰি অঞ্চলৰ চাহ বাগিচা অধ্যুষিত অঞ্চল হিচাপে পৰিচিত উদমাৰী, ননৈ আদি চাহ বাগান সমূহত উদমাৰী হাইস্কুলৰ ছাত্ৰ একতা সভা, শিক্ষক সমাজ, আটছা, আছা, উদমাৰী স্বাস্থ্য কেন্দ্ৰ, অংগনাৱাদী কেন্দ্ৰৰ লগতে স্থানীয় ৰাইজৰ সহযোগত মাদক দ্ৰব্য নিবাৰণৰ ক্ষেত্ৰত প্ৰচাৰ ও সজাগতা সভা অনুষ্ঠিত কৰা হয়।

শনিবাৰে পুৱা সহস্ৰাধিক লোক উদমাৰী হাইস্কুলত সমবেত হৈ শৃংখলাবদ্ধভাৱে মদ বন্ধ কৰাৰ বিৰুদ্ধে হাতে হাতে প্লে’ কাড লৈ বিভিন্ন শ্ল’গানেৰে আকাশ বতাহ কঁপাই উদমাৰী বাগানৰ পৰা ননৈ লৈ শোভাযাত্ৰা উলিয়াই ৰাইজক সজাগ কৰা পৰিলক্ষিত হয়।

ইয়াৰ পাছতে ননৈ চাহ বাগিচাৰ খেলপথাৰত এক প্ৰতিবাদী সভা অনুষ্ঠিত হয়।সভাত বিভিন্ন বক্তাই মদকে ধৰি মাদক দ্ৰব্যসমূহ বৰ্জনৰ বাবে আহ্বান জনাই সকলো এইক্ষেত্ৰত সচেতন হৈ আগবাঢ়ি অহাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

উল্লেখ্য যে বিগত বছৰ বছৰ ধৰি এই অঞ্চলবোৰত চুলাই মদ আদি বনাই পৰিবেশ বিনষ্ট কৰি আহিছে যদিও কলিয়াবৰ আবকাৰী বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় লোকে উত্থাপন কৰি আহিছে।