নিউমোনিয়া, টাইফয়েড আৰু প্ৰস্ৰাৱৰ সংক্ৰমণৰ দৰে ৰোগত কাম দিয়া নাই এন্টিবায়টিকে : ICMR ৰ উদ্বেগজন প্ৰতিবেদন

শেহতীয়াকৈ ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্জ (আইচিএমআৰ)-এ প্ৰকাশ কৰিছে এক উদ্বেগজনক প্ৰতিবেদন। বেক্টেৰিয়াজনিত ৰোগত এন্টিবায়টিক ঔষধেৰে চিকিৎসা কৰাৰ সন্দৰ্ভত পোহৰলৈ আহিছে এক ভয়াৱহ তথ্য।

প্ৰতিবেদন অনুসৰি প্ৰস্ৰাৱৰ সংক্ৰমণ, তেজৰ সংক্ৰমণ, নিউমোনিয়া আৰু টাইফয়েড আদি ৰোগত সাধাৰণ এন্টিবায়টিক ফলপ্ৰসূ নহয়।

ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আইচিএমআৰ)ৰ এন্টিমাইক্ৰ’বিয়াল ৰেজিষ্টেন্স চাৰ্ভিলেন্স নেটৱৰ্কে (এএমআৰএছএন) বাৰ্ষিক প্ৰতিবেদন দাখিল কৰিছে। প্ৰতিবেদন অনুসৰি নিউমোনিয়া, চেপ্টিক, হাওঁফাওঁৰ সংক্ৰমণ আৰু ডায়েৰিয়াৰ দৰে ৰোগত এন্টিবায়টিক ফলপ্ৰসূ নহয়।

দেশৰ কেইবাখনো চিকিৎসালয় আৰু ক্লিনিকৰ পৰা সংগ্ৰহ কৰা তথ্য আৰু প্ৰতিবেদনৰ ভিত্তিত আইচিএমআৰে প্ৰকাশ কৰিছে এই প্ৰতিবেদন। ২০২৩ চনৰ ১ জানুৱাৰীৰ পৰা ২০২৩ চনৰ ৩১ ডিচেম্বৰলৈকে অ’পিডি আৰু আইচিইউত থকা ৰোগীৰ ওপৰত এক সমীক্ষা চলোৱা হৈছিল।

ই কলাই, ক্লেবচিয়েলা নিউমোনিয়াৰ দৰে বেক্টেৰিয়াৰ বিৰুদ্ধে কিমান ফলপ্ৰসূ সেইটো জানিবলৈ এন্টিবায়টিক পৰীক্ষা কৰা হয়। ইয়াৰ বাবে শৰীৰৰ বিভিন্ন অংশৰ পৰা নমুনা সংগ্ৰহ কৰা হয়। তেজ, প্ৰস্ৰাৱ, শ্বাসনলীৰ নমুনা সংগ্ৰহ কৰে বিজ্ঞানীসকলে। লেবত মুঠ ৯৯ হাজাৰ ৪৯২ টা নমুনা পৰীক্ষা কৰা হয়। চৰকাৰী আৰু ব্যক্তিগত লেবত এই নমুনা পৰীক্ষা হয়।

পৰীক্ষাৰ অন্তত দেখা গ’ল যে ই.কলাই বেক্টেৰিয়াৰ ওপৰত এন্টিবায়টিকে তেনেকৈ কাম কৰা নাছিল। বিশেষকৈ আই চি ইউত ভৰ্তি হোৱা ৰোগীৰ ক্ষেত্ৰত এনে এন্টিবায়টিকে কাম দিয়া নাই।

পৰীক্ষাত দেখা গ’ল যে এন্টিবায়টিক চেফ’টেক্সাইম, চেফটাজিডিন, চিপ্ৰ’ফ্ল’ক্সাচিন আৰু লেভ’ফ্ল’ক্সাচিনে মূলতঃ এনে ৰোগত ২০ শতাংশ ফলপ্ৰসূতা হেৰুৱাই পেলায়।

আকৌ পাইপেৰাচিলিন-টাজ’বেক্টাম, ইমিপেনেম আৰু মেৰ’পেনেমৰ দৰে এন্টিবায়টিক ক্লেবচিয়েলা নিউমোনিয়া বেক্টেৰিয়াৰ বিৰুদ্ধে ফলপ্ৰসূ নাছিল। পাইপেৰাচিলিন-টাজ’বেক্টামৰ ফলপ্ৰসুতা ২০১৭ চনত ৫৬.৮ শতাংশৰ পৰা ২০২৩ চনত ৪২.৪ শতাংশলৈ হ্ৰাস পাইছে।

আনকি ঘৰতে ব্যৱহাৰ কৰা এমিকাচিন মেৰ’পেনেমও কম ফলপ্ৰসূ হৈ পৰিছে। ইয়াৰ উপৰিও গেষ্ট্ৰ’এণ্টেৰাইটিছৰ কাৰণ হোৱা ছালমনেলা টাইফিৰ দৰে ৯৫ শতাংশ বেক্টেৰিয়া অধিক প্ৰতিৰোধী হৈ পৰিছে।