মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বাবে দু:খবৰ : বন্ধ হ’ল আনন্দৰাম বৰুৱা বঁটা

Anandram Baruah Award

অসমৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দু:খবৰ। এতিয়াৰ পৰা ৰাজ্যত নাথাকিব আনন্দৰাম বৰুৱা বঁটাৰ প্ৰচলন। আজি শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে আচম্বিতে এই ঘোষণা কৰিছে।

শিক্ষামন্ত্ৰী গৰাকীয়ে সদৰি কৰা অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰা আনন্দৰাম বৰুৱা বঁটা এইবাৰৰ পৰা প্ৰদান কৰা কৰা নহয়।

উল্লেখ্য যে ২০০৫ চনৰ পৰা তৰুণ গগৈ চৰকাৰে প্ৰৱৰ্তন কৰা আনন্দৰাম বৰুৱা বঁটাৰ জৰিয়তে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক লেপটপ প্ৰদান কৰি অহা হৈছিল।

প্ৰথম অৱস্থাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক ডেস্কটপ প্ৰদান কৰা হৈছিল যদিও ২০১২ চনৰ পৰা চৰকাৰে আনন্দৰাম বৰুৱা বঁটাৰ বাবে লেপটপ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছিল।

অৱশ্যে লেপটপ ল’বলৈ অস্বীকাৰ কৰা ছাত্ৰ-ছাত্ৰীসকলক লেপটপৰ পৰিৱৰ্তে নগদ ধন দিয়াৰ ব্যৱস্থা কৰিছিল চৰকাৰে।

প্ৰথম বৰ্ষৰে পৰা কেৱল প্ৰথম বিভাগত উত্তীৰ্ণ হ’লেই ছাত্ৰ-ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হৈছিল যদিও বিগত দুটা বছৰৰ পৰা হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছাত ষ্টাৰ নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীসকলকহে এই বঁটা প্ৰদান কৰাৰ ব্যৱস্থা কৰিছিল বিজেপি চৰকাৰে।

কিন্তু এতিয়াৰ পৰা সম্পূৰ্ণৰূপেই আনন্দৰাম বৰুৱা বঁটাৰ প্ৰচলন বন্ধ কৰি দিয়াৰ ফলত এই সুবিধা লাভৰ পৰা বঞ্চিত হ’ব মেধাৱী ছাত্ৰ-ছাত্ৰীসকল।