NORTHEAST NOW (Assamese)

উৎকণ্ঠাৰ অন্ত! ৮ ফেব্ৰুৱাৰিত ‘আনন্দৰাম বৰুৱা বঁটা-২০১৮’

January 28, 2019 9:45 pm · কল্পজ্যোতি শইকীয়া
Updated: January 28, 2019 9:49 pm
প্ৰতিনিধিত্বমূলক ফটো।

কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰৱৰ্তিত আৰু নিয়মীয়াকৈ সময়ত দি অহা আনন্দৰাম বৰুৱা বঁটা, ২০১৮ পাবৰ বাবে এইবাৰ সৰ্বাধিক দীঘলীয়া সময় অপেক্ষা কৰিব লগীয়া হ’ল মেধাৱী ছাত্ৰ-ছাত্ৰীসকল। অৱশেষত শিক্ষা বিভাগে ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হোৱাৰ আগতেই এই বঁটাটো দিবলৈ যৎপৰোনাস্তি চেষ্টা চলোৱা বুলি জানিব পৰা গৈছে।

মাধ্যমিক শিক্ষাৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াই নৰ্থ-ইষ্ট নাওক জনোৱামতে বিশেষ কৃতিত্বৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক অহা ৮ ফেব্ৰুৱাৰিত ‘আনন্দৰাম বৰুৱা বঁটা-২০১৮’ প্ৰদান কৰা হ’ব।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ (২০১৮ চনৰ মে’ মাহত ঘোষিত হৈছিল) ৭-৮ মাহৰ পিছত এই বঁটা দিয়াটো নিশ্চিত বুলি জানি বহুতো মেধাৱী ছাত্ৰ-ছাত্ৰী আনন্দিত হৈ পৰা বুলি জানিব পৰা গৈছে।

শিক্ষা বিভাগে জনোৱামতে, স্থান লাভ কৰাসকলৰ উপৰি ডিষ্টিংশ্যন আৰু ষ্টাৰ মাৰ্ক পাই উত্তীৰ্ণ হোৱাসকলকহে এই বঁটা দিয়া হ’ব। বঁটাত এইসকলক একোটাকৈ লেপটপ প্ৰদান কৰিব চৰকাৰে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰথম বিভাগ পাই উত্তীৰ্ণ হোৱা সকলোকে লেপটপ দিয়া হৈছিল। বিজেপি চৰকাৰে ইয়াক সীমাবদ্ধ কৰি কেৱল ওপৰত কোৱা ধৰণৰ কৃতিত্বধাৰীসকলকহে বঁটা দিয়া নিয়ম কৰে।

এই বছৰ বঁটা দিয়াত পলম হোৱাত চাৰিওফালে সমালোচনা হোৱা দেখা গৈছিল। ছাত্ৰ-ছাত্ৰীসকলৰো বঁটালৈ বাট চাই চাই আমনি লাগিছিল। কাৰণ তেওঁলোকক বিগত বৰ্ষৰ ১৮ ছেপ্টেম্বৰৰ পৰাই অনলাইন প্ৰক্ৰিয়াৰ জৰিয়তে আনন্দৰাম বৰুৱা বঁটাৰ বাবে নাম পঞ্জীয়ন কৰিবলৈ কোৱা হৈছিল। সেইমতে ছাত্ৰ-ছাত্ৰীসকলে নাম পঞ্জীয়ন কৰিও বহু দিন একো খা-খবৰ নোপোৱাত হতাশ হৈ পৰিছিল।

শিক্ষা বিষয়াজনে জনোৱামতে, অহা ৮ ফেব্ৰুৱাৰি, অৰ্থ্যাৎ শুকুৰবাৰৰ দিনা কৃতী ছাত্ৰ-ছাত্ৰীসকলক গুৱাহাটীৰ সৰুসজাইত আনন্দৰাম বৰুৱা বঁটা ২০১৮ প্ৰদান কৰা হ’ব। দিনৰ ১২ বজাৰ পৰা এই বঁটা বিতৰণ অনুষ্ঠানটো অনুষ্ঠিত হ’ব।

মন কৰিব লগীয়া যে বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছৰে পৰা ৰাজ্যৰ বিত্তীয় অৱস্থা ভাল হৈছে বুলি বিত্ত মন্ত্ৰীয়ে দাবী কৰি আহিছে যদিও ইমান দিনে বঁটা নিদিয়াৰ অন্তৰালত চৰকাৰৰ বিত্তীয় অৱস্থাই দায়ী বুলি জনৰৱ উঠা দেখা গৈছিল।

Related News