• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উৎকণ্ঠাৰ অন্ত! ৮ ফেব্ৰুৱাৰিত ‘আনন্দৰাম বৰুৱা বঁটা-২০১৮’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 28, 2019 9:45 pm
Anundoram Borooah Award

প্ৰতিনিধিত্বমূলক ফটো।

7.3k
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰৱৰ্তিত আৰু নিয়মীয়াকৈ সময়ত দি অহা আনন্দৰাম বৰুৱা বঁটা, ২০১৮ পাবৰ বাবে এইবাৰ সৰ্বাধিক দীঘলীয়া সময় অপেক্ষা কৰিব লগীয়া হ’ল মেধাৱী ছাত্ৰ-ছাত্ৰীসকল। অৱশেষত শিক্ষা বিভাগে ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হোৱাৰ আগতেই এই বঁটাটো দিবলৈ যৎপৰোনাস্তি চেষ্টা চলোৱা বুলি জানিব পৰা গৈছে।

মাধ্যমিক শিক্ষাৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াই নৰ্থ-ইষ্ট নাওক জনোৱামতে বিশেষ কৃতিত্বৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক অহা ৮ ফেব্ৰুৱাৰিত ‘আনন্দৰাম বৰুৱা বঁটা-২০১৮’ প্ৰদান কৰা হ’ব।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ (২০১৮ চনৰ মে’ মাহত ঘোষিত হৈছিল) ৭-৮ মাহৰ পিছত এই বঁটা দিয়াটো নিশ্চিত বুলি জানি বহুতো মেধাৱী ছাত্ৰ-ছাত্ৰী আনন্দিত হৈ পৰা বুলি জানিব পৰা গৈছে।

শিক্ষা বিভাগে জনোৱামতে, স্থান লাভ কৰাসকলৰ উপৰি ডিষ্টিংশ্যন আৰু ষ্টাৰ মাৰ্ক পাই উত্তীৰ্ণ হোৱাসকলকহে এই বঁটা দিয়া হ’ব। বঁটাত এইসকলক একোটাকৈ লেপটপ প্ৰদান কৰিব চৰকাৰে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰথম বিভাগ পাই উত্তীৰ্ণ হোৱা সকলোকে লেপটপ দিয়া হৈছিল। বিজেপি চৰকাৰে ইয়াক সীমাবদ্ধ কৰি কেৱল ওপৰত কোৱা ধৰণৰ কৃতিত্বধাৰীসকলকহে বঁটা দিয়া নিয়ম কৰে।

এই বছৰ বঁটা দিয়াত পলম হোৱাত চাৰিওফালে সমালোচনা হোৱা দেখা গৈছিল। ছাত্ৰ-ছাত্ৰীসকলৰো বঁটালৈ বাট চাই চাই আমনি লাগিছিল। কাৰণ তেওঁলোকক বিগত বৰ্ষৰ ১৮ ছেপ্টেম্বৰৰ পৰাই অনলাইন প্ৰক্ৰিয়াৰ জৰিয়তে আনন্দৰাম বৰুৱা বঁটাৰ বাবে নাম পঞ্জীয়ন কৰিবলৈ কোৱা হৈছিল। সেইমতে ছাত্ৰ-ছাত্ৰীসকলে নাম পঞ্জীয়ন কৰিও বহু দিন একো খা-খবৰ নোপোৱাত হতাশ হৈ পৰিছিল।

শিক্ষা বিষয়াজনে জনোৱামতে, অহা ৮ ফেব্ৰুৱাৰি, অৰ্থ্যাৎ শুকুৰবাৰৰ দিনা কৃতী ছাত্ৰ-ছাত্ৰীসকলক গুৱাহাটীৰ সৰুসজাইত আনন্দৰাম বৰুৱা বঁটা ২০১৮ প্ৰদান কৰা হ’ব। দিনৰ ১২ বজাৰ পৰা এই বঁটা বিতৰণ অনুষ্ঠানটো অনুষ্ঠিত হ’ব।

মন কৰিব লগীয়া যে বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছৰে পৰা ৰাজ্যৰ বিত্তীয় অৱস্থা ভাল হৈছে বুলি বিত্ত মন্ত্ৰীয়ে দাবী কৰি আহিছে যদিও ইমান দিনে বঁটা নিদিয়াৰ অন্তৰালত চৰকাৰৰ বিত্তীয় অৱস্থাই দায়ী বুলি জনৰৱ উঠা দেখা গৈছিল।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd