নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা : দিল্লীত ধৰ্ণাত বহিব অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ

citizenship-amendment-bill

প্ৰতিনিধিত্বমূলক ছবি

নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ৰ বিৰোধিতা কৰি দেশৰ ৰাজধানী নতুন দিল্লীত এইবাৰ প্ৰতিবাদ সাৱ্যস্ত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমে।

অহা ২৬ অক্টোবৰত সংগঠনটোৱে জাতিধ্বংসী বিধেয়কখন বাতিলৰ দাবীত নতুন দিল্লীত ধৰ্ণা কাৰ্যসূচী পালন কৰাৰ লগতে অসমত যাতে হিন্দু বাংলাদেশীক সংস্থাপিত নকৰে তাৰ দাবী জনাই দেশৰ প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰিব।

ইয়াৰ লগতে ২৭ অক্টোবৰত বিধেয়কখনৰ বিৰোধিতা কৰি দেশৰ ৰাজধানী নগৰীখনত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ অনুষ্ঠিত কৰিব বুলিও সংগঠনটোৰ সভাপতি ৰুবুল দাস আৰু সাধাৰণ সম্পাদক হেমকান্ত দাসে সোমবাৰে এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিয়ে।

এই সন্দৰ্ভত নেতাদ্বয়ে কয় যে ১৯৭১ চনৰ ২৪ মাৰ্চলৈকে অসমে লাখ লাখ অবৈধ বিদেশীৰ বোজা বহন কৰাৰ লগতে বৰ্তমান উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপত ৰাজ্যত ৰাষ্ট্ৰীয়  নাগৰিকপঞ্জী (এন আৰ চি) উন্নীতকৰণৰ কাম প্ৰায় সমাপ্ত হ’বলৈ আগবাঢ়িছে। এনে ক্ষেত্ৰত বিধেয়কখন গৃহীত হ’লে এন আৰ চিৰ প্ৰাসংগিকতা নাইকিয়া হোৱাৰ লগতে ই অসমীয়া জাতিক ধ্বংসৰ মুখলৈ ঠেলি দিব।

আনহাতে, ২৬ অক্টোবৰৰ ধৰ্ণা কাৰ্যসূচীতে সংগঠনটোৱে ৰাজ্যত সংৰক্ষণ নীতি সঠিক ৰূপত প্ৰণয়নৰ বাবে দাবী উত্থাপন কৰিব। এই সন্দৰ্ভত সংগঠনটোৱে  কেন্দ্ৰীয় আইন তথা সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰীক সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰও প্ৰদান কৰিব।