আমাক ‘সতী ৰাধিকা’ৰ নামত সমন্বয়ক্ষেত্ৰ নালাগে : অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ

সতী ৰাধিকাৰ ছবি, ফে'চবুকৰ পৰা সংগৃহীত

অসম বিধানসভাত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি দাখিল কৰা বাজেটত মুখ্য মন্ত্ৰীৰ সমষ্টি মাজুলীত অনুসূচিত জাতিৰ আই ‘সতী ৰাধিকা’ৰ নামত এক সমন্বয়ক্ষেত্ৰ নিৰ্মাণৰ কথা ঘোষণা কৰিছে। কিন্তু মন্ত্ৰীগৰাকীৰ এই ঘোষণাই আশ্বস্ত কৰিব পৰা নাই অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদক।

‘আমাক এতিয়া অনুসূচিত জাতিৰ সতী ৰাধিকাৰ নামত বঁটা, সমন্বয়ক্ষেত্ৰ একো নালাগে, কেৱল নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰিব লাগে।‘ নৰ্থ-ইষ্ট নাওৰ আগত এই ঘোষণা পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাসৰ।

তেওঁৰ কয় যে চৰকাৰে ‘এই বিধেয়কখন গৃহীত কৰি বাংলাদেশৰ পৰা হিন্দু বাঙালীসকলক আনি অনুসূচিত জাতিৰ লোকসকলক ধ্বংস কৰিব নালাগে।‘

আনহাতে আজি মন্ত্ৰী হিমন্ত বিশ্বই ঘোষণা কৰা সতী ৰাধিকা সমন্বয়ক্ষেত্ৰ নিৰ্মাণৰ প্ৰস্তাৱক সংগঠনটোৱে বিশ্বাসত লোৱা নাই বুলি উল্লেখ কৰি দাসে লগতে কয়, ‘২০১৭ চনত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীত ঘোষণা কৰিছিল যে অসমৰ অনুসূচিত জাতিৰ আই ‘সতী ৰাধিকা’ৰ নামত ৰাজ্যিক পৰ্য্যায়ৰ বঁটা প্ৰদান কৰা হ’ব। কিন্তু যোৱা দুই বছৰে এই ৰাজ্যিক বঁটা প্ৰদান নকৰিলে।‘

এটা সামান্য ৰাজ্যিক পৰ্য্যায়ৰ বঁটা প্ৰদান কৰিব নোৱাৰা চৰকাৰখনে সতী ৰাধিকাৰ নামত মাজুলীত সমন্বয়ক্ষেত্ৰ বনাব বুলি ঘোষণা কৰাটো প্ৰলোভনৰ বাহিৰে আন একো নহয় বুলি দাসে কয়।

ৰাজ্য চৰকাৰক কটাক্ষ কৰি দাসে কয় যে ‘কেৱল আধাৰশিলা স্থাপন কৰি উন্নয়নৰ নামত ফুলজাৰি মৰা’ সোণোৱাল চৰকাৰে ২০১৮-১৯ বৰ্ষৰ বাজেটৰ আঁচনি ৰূপায়ণ কৰিব নোৱাৰাটোয়েই চৰকাৰৰ ব্যৰ্থতাক প্ৰমাণ কৰিছে।