• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাত মহিলাৰ বাবে নাই প্ৰস্ৰাৱগাৰৰ সুব্যৱস্থা; ‘স্বচ্ছ ভাৰত’ অভিযানক ভেঙুচালি

মহিলাৰ ক্ষেত্ৰত লেতেৰা ঠাইত প্ৰস্ৰাৱ কৰিলে সংক্ৰমণ হোৱাৰ সম্ভাৱনা প্ৰচুৰ : এগৰাকী গ্ৰন্থপ্ৰেমী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 29, 2018 7:26 pm
Book Fair Toilet System

চানমাৰিত চলি থকা অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাত টয়লেটৰ পুতৌলগা ব্যৱস্থা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ চানমাৰিত চলি থকা প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাত নাই প্ৰস্ৰাৱগাৰৰ সুব্যৱস্থা। এই কথাটোত নিজৰ আশ্চৰ্য্য আৰু হতাশা প্ৰকাশ কৰিছে বহুকেইগৰাকী গ্ৰন্থপ্ৰেমীৰ লগতে সচেতন নাগৰিকে। গ্ৰন্থৰ লগত জড়িত প্ৰকাশন পৰিষদৰ দৰে চৰকাৰী অনুষ্ঠানেই নাগৰিকৰ স্বচ্ছতা আৰু স্বাস্থ্যৰ দিশটো অৱজ্ঞা কৰাৰ অভিযোগ আনিছে গ্ৰন্থমেলালৈ যোৱা কেইবাগৰাকী মহিলাই।

“মোৰ ১১ বছৰীয়া ছোৱালীজনীৰ প্ৰস্ৰাৱ কৰিব লগাত মূল মঞ্চৰ কাষতে Toilet বুলি লিখি নিৰ্দেশ কৰা ফালে গৈ দেখো, অতি কদৰ্য্যময় জাবৰ-জোঁথৰেৰে ভৰা ঠাইৰ কাষতে দুখন মান টিনপাটেৰে আঁৰ দি থোৱা এডোখৰ স্থান। এইটো বৰ অস্বাস্থ্যকৰ। কেনেকৈ সহজভাৱে ল’ব পাৰি?” ক্ষুভিত এগৰাকী মহিলাই এইদৰে কয়।

গ্ৰন্থমেলাত টয়লেটলৈ যোৱা বাটটোৰ এছোৱা।

মহিলাগৰাকীয়ে আকৌ কয়, “ইয়াত নকৰাই মূল গেইটৰ বাহিৰেদি গৈ পোৱা খেলপথাৰখনৰ স্থায়ী প্ৰস্ৰাৱগাৰটোলৈ নিলো। তাতো একেই অৱস্থা। যোৱা পথটোৱেই জাবৰৰ ওপৰেৰে। কি ঘিণ লগা কথা! এইবোৰ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি নহয়নে?”

উল্লেখযোগ্য যে যোৱা ২২ জানুৱাৰিৰ পৰা চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত প্ৰকাশন পৰিষদৰ ৩২ সংখ্যক গ্ৰন্থমেলা চলি আছে।

কিন্তু দৈনিক হাজাৰ হাজাৰ গ্ৰন্থপ্ৰেমীৰ ভিৰ হোৱা সত্ত্বেও গ্ৰন্থমেলাৰ চৌহদৰ ভিতৰত উপযুক্ত আৰু স্বাস্থ্যসন্মত প্ৰস্ৰাৱগাৰ নাই। শৌচাগাৰৰ কথা দূৰতে থাওক। ফলত মহিলাসকল সৰ্বাধিক অসুবিধাৰ সন্মুখীন হৈছে। কাৰণ পুৰুষসকলৰ দৰে মহিলাসকলৰ য’তে-ত’তে প্ৰস্ৰাৱ কৰাত বহুতো অসুবিধা আছে।

“এগৰাকী মহিলাই বা ছোৱালীয়ে য’তে-ত’তে প্ৰস্ৰাৱ কৰিব নোৱাৰে। লেতেৰা ঠাইত প্ৰস্ৰাৱ কৰাৰ ফলত মহিলাগৰাকী বা ছোৱালীগৰাকীৰ মূত্ৰদ্বাৰত সংক্ৰমণ হোৱাৰ সম্ভাৱনা বহুত বেছি।” এগৰাকী সচেতন মহিলাই কয়।

আন এগৰাকী যুৱতীয়ে আমাৰ সাংবাদিকক কয়, “গ্ৰন্থৰ লগত জড়িত এটা চৰকাৰী অনুষ্ঠানেই যদি এইবোৰ গুৰুত্বপূৰ্ণ কথাক উপেক্ষা কৰে, তেন্তে আনলৈ থাকিল কি?”

Book Fair Toilet_5
চানমাৰিত চলি থকা অসম প্ৰকাশন পৰিষদৰ ৩২ সংখ্যক গ্ৰন্থমেলাত টয়লেটৰ অৱস্থা।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে উত্তৰ-পূব গ্ৰন্থমেলাৰ আয়োজকেও এই খেলপথাৰখনতে বছৰ বছৰ ধৰি গ্ৰন্থমেলাৰ আয়োজন কৰি আহিছে। কিন্তু উপযুক্ত আৰু স্বাস্থ্যসন্মত ধৰণৰ প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা তেওঁলোকেও নকৰে। খেলপথাৰখনত থকা আৰু প্ৰায়ে অতি কদৰ্য্যময় অৱস্থাত থকা স্থায়ী প্ৰস্ৰাৱগাৰ দুটাৰেই (এটা পুৰুষৰ বাবে আৰু এটা মহিলাৰ বাবে) হাজাৰ হাজাৰ মানুহৰ বাবে ‘যথেষ্ট’ বুলি কাম চলাই দিয়ে। গ্ৰন্থৰ সৈতে জড়িত দুটা বৃহৎ অনুষ্ঠানৰ এনে কাণ্ড সঁচাকৈয়ে চিন্তনীয়।

আনহাতে সচেতন ৰাইজৰ প্ৰশ্ন, মোদীৰ ‘স্বচ্ছ ভাৰত’ৰ শ্ল’গানক খোদ চৰকাৰী অনুষ্ঠানেই ভেঙুচালি কৰি থাকিলে কেনেকৈ সাধাৰণ নাগৰিকৰ পৰা উপযুক্ত সঁহাৰি আশা কৰিব পাৰিব আঁচনিখন ৰূপায়ণৰ চেষ্টা কৰি থকা কেন্দ্ৰীয় চৰকাৰে?

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm
হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd