উজনিত ক’লা হীৰাৰ মুক্ত খনন, মুখ্য মন্ত্ৰীক তদন্তৰ দাবী প্ৰদেশ কংগ্ৰেছৰ

27-06-19 Guwahati- Apurba Kumar Bhattacharya press met (3)

অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য্যই বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত সম্বোধন কৰা সংবাদমেল। ফটো : য়ু বি

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰ শ্ল’গান দিয়া ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দিনত উজনি অসমৰ বিশেষকৈ তিনিচুকীয়া জিলাৰ কেইবাখনো সংৰক্ষিত বনাঞ্চল তথা অভয়াৰণ্যত কয়লাৰ অবৈধ মুক্ত খনন অবাধে চলি আছে। যাৰ বাবে এতিয়া বনাঞ্চল সমুহৰ জৈৱ বৈচিত্ৰলৈ ভাবুকি নামি অহাৰ অভিযোগ আনিছে অসম প্ৰদেশ কংগ্ৰেছে।

শেহতীয়াভাৱে কংগ্ৰেছৰ নৱ-নিৰ্বাচিত সাংসদ প্ৰদ্যুত বৰদলৈয়ে সংবাদমেলযোগে এই অভিযোগ দাঙি ধৰিছে। ইয়াৰ পাছতেই অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য্যই বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি মুখ্য মন্ত্ৰীক ইয়াৰ চৰজমিন তদন্ত কৰাৰ দাবী কৰে।

অপূৰ্ব ভট্টাচাৰ্য্যৰ অভিযোগ অনুসৰি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আৰম্ভ কৰি কেইবাখনো সংৰক্ষিত বনাঞ্চলত ক’ল ইণ্ডিয়া লিমিটেডৰ কোনো অনুমতি নোহোৱাকৈ অসাধু ব্যৱসায়ীয়ে কয়লাৰ অবৈধখনন চলাই আছে। সেই সমুহৰ ভিতৰত আপাৰ দিহিং (প্ৰথম সংযোজন), ডিৰাক (প্ৰথম সংযোজন), মাকুমপানী, টিপম, টিংকপানী, নামফাই (প্ৰথম সংযোজন), লেখাপানী, পাহাৰপুৰ, টিৰাপ, চালেহকাই সংৰক্ষিত বনাঞ্চলত কয়লাৰ  অবৈধ খনন চলি থকাৰ তথ্য প্ৰদেশ কংগ্ৰেছে দাঙি ধৰিছে।

কেৱল কয়লা আহৰণেই নহয় সেই স্থানত বনৰীয়া হাতীৰ মৃত্যুক গাপ দি ৰখা আৰু কয়লা খননৰ সময়ত শ্ৰমিকে কৰুণ মৃত্যুক সাবটি ল’বলগীয়া হোৱা ঘটনাও প্ৰকাশ কৰিছে। লগতে মুখ্য মন্ত্ৰীক তৃতীয় পক্ষক লগত লৈ ইয়াৰ চৰজমিন তদন্ত কৰাৰো কংগ্ৰেছে দাবী কৰিছে।

‘’আৰক্ষী আৰু বন বিভাগ এই দুয়োটা বিভাগৰ সহযোগিতা নোহোৱাকৈ এই কাৰ্য্য সম্ভৱ নহয়। আৰক্ষী আৰু বন বিভাগে চৰকাৰৰ কোনো বৰমূৰীয়াৰ আশীৰ্বাদ নোহোৱাকৈ এই কাম কৰিব নোৱাৰে। এনে কামত মুখ্য মন্ত্ৰীৰ যদি আশীৰ্বাদ নাই তেনেহ’লে আমাৰ এই প্ৰত্যাহ্বান গ্ৰহণ কৰি তদন্ত ঘোষণা কৰক’,-সংবাদমেলত অপূৰ্ব ভট্টাচাৰ্য্যই কয়।

তেওঁ লগতে ৰাজ্যত চলি থকা বালি, শিল, গৰু আদিৰ চিণ্ডিকেটৰ প্ৰসংগও উত্থাপন কৰি দুৰ্নীতিমুক্ত চৰকাৰৰ কথা কোৱা বিজেপি চৰকাৰখনৰ স্বচ্ছতাক লৈ প্ৰশ্ন উত্থাপন কৰে।

একেখন সংবাদমেলতেই অপূৰ্ব ভট্টাচাৰ্য্যই জাগীৰোডৰ নগাঁও কাগজ কল আৰু পাঁচগ্ৰামৰ কাছাৰ কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ বাবে ২০১৪ আৰু ২০১৬ ৰ নিৰ্বাচনৰ আগত বিজেপিয়ে দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাৰ কথাও উল্লেখ কৰে। লগতে বৰ্তমান কাগজ কল দুটা নীলাম কৰাৰ বাবে চৰকাৰে যো-জা চলোৱা বাতৰি প্ৰকাশ পোৱাৰ পাছত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মৌনতাক ধিক্কাৰ দিয়ে।

২০১৬ ত চৰকাৰ গঠনৰ পাছতেই অসমৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দিল্লীলৈ গৈ কাগজ কল দুটা সন্দৰ্ভত কেন্দ্ৰীয় গুৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী অৰবিন্দ শ্বাৱন্তক লগ ধৰিছিল আৰু তাৰ পাছত কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে পুঁজিৰ আৱন্টন দিয়াৰ লগতে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰিছিল।

ইয়াৰ পাছত ২০১৮ চনৰ ২৭ ছেপ্টেম্বৰত মন্ত্ৰী পাটোৱাৰীয়ে অসম বিধান সভাত এক প্ৰশ্নোত্তৰত দুয়োটা কাগজ কলৰ পুনৰুজ্জীৱিত কৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১৯০০ কোটি টকাৰ পেকেজ প্ৰস্তুত কৰা বুলি জানিবলৈ দিছিল। কিন্তু ইয়াৰ পাছত কল দুটা নীলাম কৰিব ওলোৱা কাৰ্য্যই চৰকাৰৰ মিথ্যাচাৰী নীতিক পুনৰ উদঙাই দিয়া বুলি প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ গৰাকীয়ে উল্লেখ কৰে।