ৰে’ল বিভাগে গোপনে বাতিল কৰা ট্ৰেইনসমূহ পুনৰ চলাচলৰ দাবী প্ৰদেশ কংগ্ৰেছৰ

WhatsApp Image 2022-02-12 at 1.40.48 PM

শনিবাৰে ৰাজীৱ ভৱনত কংগ্ৰেছৰ মুখপাত্ৰ দিলীপ শৰ্মাই এক সংবাদমেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছৰ হৈ ৰে’ল বিভাগে গোপনে বাতিল কৰা ট্ৰেইনসমূহ পুনৰ চলাচলৰ দাবী কৰে।

ক’ভিডকালীন সময়ত লক্‌ডাউনৰ অজুহাতত কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশত যিবোৰ ৰে’লসেৱা বাতিল কৰিছিল, সেয়া আজিৰ স্বাভাৱিক অৱস্থাতো অসমত পুনৰ সম্পূৰ্ণ আৰম্ভ কৰা হোৱা নাই।

বৰং ৰে’ল বিভাগে জনসাধাৰণক সকাহ দিয়াৰ পৰিৱৰ্তে অতি গোপনে অসমৰ ৰাইজক অসুবিধাত পেলাই কিছুমান ৰে’লসেৱা অসমৰ পৰা উলিয়াই নিয়াৰ লগতে কোনো ৰাজহুৱা জাননী নিদিয়াকৈ ১২ খনকৈ ৰে’লৰ সেৱা আঁতৰাই দিলে।

লগতে পঢ়ক: নিজেই অন্তৰ্ভুক্ত কৰা পাঠ্যক্ৰম আঁতৰালে ৰাজ্য চৰকাৰে; নিম্ন প্ৰাথমিকত অন্তৰ্ভুক্ত চাৰিটা নতুন জনজাতীয় ভাষা

সংগোপনে ১২ খনকৈ ৰে’লৰ সেৱা বন্ধ কৰি দিয়াৰ ফলত যাত্রীসকল স্বাভাৱিকতে যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।

সেয়েহে যাতায়াতৰ সুবিধা হোৱাকৈ গোপনে বাতিল কৰা (১) ১২০৮৬ ডিব্ৰুগড় শতাব্দী এক্সপ্ৰেছ, (২)১৫৯৪২ ঝাঝা এক্সপ্ৰেছ, (৩) ১২৫২৫ কলকাতা চুপাৰফাষ্ট, (৪) ১৫৭১৭ মৰিয়নী ইণ্টাৰচিটি, (৫) ১৫৭৭১ কামাখ্যা ইণ্টাৰচিটি, (৬) ১৫৯১১ নাহৰলগুণ ইণ্টাৰচিটি, (৭) ১৫৬০৫ ফৰকাটিং ইণ্টাৰচিটি, (৮) ৫৫৯০৩ মৰিয়নী পেছেঞ্জাৰ, (৯) ৭৫৯১১ ডাঙৰি পেছেঞ্জাৰ, (১০) ৫৫৬৬৫ শিলচৰ পেছেঞ্জাৰ, (১১) ৫৫৬০৫ মুর্কংচেলেক পেছেঞ্জাৰ আৰু (১২) ৫৫৮১৮ নিউবঙাইগাঁও পেছেঞ্জাৰ ট্ৰেইন কেইখন পুনৰ চলাচল কৰিবলৈ প্রদেশ কংগ্ৰেছ কমিটীয়ে ৰে’ল বিভাগৰ ওচৰত দাবী উত্থাপন কৰে।

লগতে পঢ়ক: বিপিএফে সোতৰ বছৰে কৰিব নোৱাৰা কাম চাৰি বছৰত কৰি দেখুৱাব প্ৰমোদ বড়োৱে!

এই ক্ষেত্ৰত অসমৰ যাত্ৰীসকলে গোপনে এইসমূহ ৰে’লসেৱা বন্ধ কৰি দিয়াৰ পৰিণতিত সন্মুখীন হোৱা সমস্যাৰ ক্ষেত্ৰত অসম চৰকাৰৰ নির্লিপ্ত ভূমিকাকো অসম প্রদেশ কংগ্ৰেছে তীব্ৰ গৰিহণা দিছে।