NORTHEAST NOW (Assamese)

দল বিৰোধী কামকাজৰ অভিযোগত বিধায়ক ৰূপজ্যোতি কুৰ্মীক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

June 18, 2021 11:16 am · এন ই নাও নিউজ

দল বিৰোধী কামকাজৰ অভিযোগত কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হৈছে বিধায়ক ৰূপজ্যোতি কুৰ্মীক।

মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক শুকুৰবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এক নিৰ্দেশ যোগে দলৰ সদস্য পদৰ পৰা বহিষ্কাৰ কৰে।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই স্বাক্ষৰ কৰা এক পত্ৰৰ যোগে দল বিৰোধী কামকাজৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে কুৰ্মীক।

ইতিমধ্যে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছে।

জানিব পৰা মতে অহা সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰূপজ্যোতি কুৰ্মীয়ে বিজেপিত যোগদান কৰিব।

আনহাতে,ৰূপজ্যোতি কুৰ্মীৰ পিছত আন দুগৰাকী কংগ্ৰেছী বিধায়কেও দল ত্যাগ কৰাৰ বিষয়ে চৰ্চা লাভ কৰিছে ৷ শীঘ্ৰেই কংগ্ৰেছ ত্যাগ কৰিবলগীয়া বিধায়ক দুগৰাকীৰ এগৰাকী বৰাক উপত্যকাৰ আৰু আনগৰাকী নামনি অসমৰ বুলি জানিব পৰা গৈছে।

Related News