পৰৱৰ্তী চৰকাৰ কংগ্ৰেছ মিত্ৰজোঁটৰ; কৃষ্ণাইত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভাত ৰিপুণ বৰা

IMG-20210402-WA0051

ফটো: নৰ্থইষ্ট নাও।

‘খেলা হবে না, খেলা হয়ে গেল! অসম থেকে বিজেপি উৎখাত হয়ে গেল ৷’ অৰ্থাৎ খেল আৰু নহয়, খেল হৈ গ’ল। শুকুৰবাৰে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ এক নিৰ্বাচনী সভাত এইদৰে মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই৷

সভাখনত বাংলা ভাষাত ভাষণ আৰম্ভ কৰি অতি উংসাহেৰে ৰিপুণ বৰাই কয়, ‘কালকেও খেলা হয়ে গেল ৩৯ সমষ্টিতে ৷’ মানে কালিও খেল হৈ গ’ল ৩৯টা সমষ্টিত।

প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা ৪৭ টা সমষ্টি আৰু বৃহস্পতিবাৰে দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৩৯ সমষ্টিৰ আটাইকেইখনতে কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটে জয় লাভৰ দাবী কৰি ৰিপুণ বৰাই ৬ এপ্ৰিলত ভোটগ্ৰহণ হ’বলগীয়া আটাই কেইখন আসনো কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটে দখল কৰিব বুলি সগৌৰৱে ঘোষণা কৰে ৷

বৰাই কয় যে এতিয়া অপেক্ষা মাত্ৰ ২ মে’লৈ ৷ সিদিনা অসমত ভ্ৰষ্টাচাৰী বিজেপিৰ অপশাসনৰ চিৰদিনৰ বাবে অন্ত পৰি কংগ্ৰেছ মিত্ৰদলৰ চৰকাৰ গঠন হ’ব ৷

কৃষ্ণাইৰ কাষৰীয়া মায়াবজাৰৰ ঝড়াবৰীত নিৰ্দিষ্ট সময় পুৱা ১০ বজাৰ পৰিবৰ্তে দুপৰীয়া প্ৰায় ১২ বজাৰ পৰা অনুষ্ঠিত কংগ্ৰেছৰ নিৰ্বাচনী সভাখনত চট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলেও বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

বাঘেলে নিজৰ চমু ভাষণত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা কৰি কয় অসম কা সৰ্বানন্দ, সব কা আনন্দ ঝুঠ হে ৷ অসম কা সৰ্বানন্দ, কয়লা চিণ্ডিকেট কা আনন্দ, ভ্ৰষ্টাচাৰী কা আনন্দ, বালু চিণ্ডিকেটকাৰীয়ো কা আনন্দ ৷

অসমৰ বানপানীৰ সময়ত এবাৰ ৰাজ্যবাসীলৈ মনত নপৰা মোদীয়ে এতিয়া নিৰ্বাচনৰ সময়ত বাৰে বাৰে অসমলৈ আহিবলৈ কেনেকৈ সময় পাইছে বুলি বিদ্ৰূপ কৰি বাঘেলে এইবাৰ অসমৰ পৰা বিজেপিক ৰাইজে আঁতৰাই পঠিয়াব বুলি নিজৰ ভাষণত ব্যক্ত কৰে ৷

সভাত বাঘেলৰ লগতে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, প্ৰখ্যাত শায়েৰী গায়ক ইমৰান প্ৰতাপগড়ী, জিলাখনৰ দুধনৈ, গোৱালপাৰা পশ্চিম আৰু গোৱালপাৰা পূৱৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ক্ৰমে যাদৱ স্বৰ্গীয়াৰী, আব্দুৰ ৰশিদ মণ্ডল আৰু এ কে ৰশিদ আলম, মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ড° মুকুল চাংমা, এআইইউডিএফৰ সাধাৰণ সম্পাদক আব্দুল হাই আদিকে ধৰি বহু নেতা কৰ্মী উপস্থিত থাকে ৷