মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ স্মাৰক পত্ৰ প্ৰেৰণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ

index.jpgljh

ল’কডাউনৰ ফলত ৰাজ্যবাসীয়ে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ সমাধান বিচাৰি প্ৰদেশ কংগ্ৰেছৰ হৈ দলৰ সভাপতি ৰিপুন বৰা ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাললৈ আজি এখন স্মাৰকপত্র প্ৰেৰণ কৰে ।

দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ অসম প্ৰদেশ কংগ্ৰেছৰ পৰা তিনিখন স্মাৰকপত্র প্ৰেৰণ কৰা হৈছে।

‘৩ মে’ তাৰিখে যদিও ল’কডাউন উঠাই দিয়াৰ সম্ভাৱনা আছে কিন্তু ল’কডাউন উঠাই দিলেও সমস্যা সমাধান নহয়। যেতিয়ালৈ ক’ৰ’না নিৰ্মূল নহয় তেতিয়ালৈ ক’ৰ’নাৰ সংক্ৰমণ চলি থাকিব। ক’ৰ’নাৰ বিৰুদ্ধে যুঁজ দিঘলীয়া হ’ব সেয়ে চৰকাৰক কেইটামান পৰামৰ্শ দিব খুজিছো।’ সভাপতি বৰাই কয়।

সভাপতি বৰাই লগতে কয় আনহাতে চৰকাৰে বিতৰণ কৰা সাহায্যত ব্যাপক দূৰ্নীতি সংঘটিত হৈছে। যিখিনি সাহায্য ঘোষণা কৰিছে সেইখিনি সাহায্য সকলো শ্ৰেণীৰ ৰাইজৰ ওচৰত গৈ পোৱা নাই। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাৰ ভিত্তিত ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকক সাহায্য দিবলৈ চৰকাৰক অনুৰোধ জনায়।

যিহেতু ল’কডাউনত সকলো লোক সমান ভাৱে ক্ষতিগ্ৰস্ত হৈছে। বহিঃৰাজ্যত আৱদ্ধ হৈ থকা শ্ৰমিক সকলকো খাদ্য সামগ্ৰী দিব লাগে বুলি অসম চৰকাৰক স্মাৰক পত্ৰ যোগে অনুৰোধ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে।

চৰকাৰক অনুৰোধ জনায় তেওঁ আৰু কয় যে অসম প্ৰদেশ কংগ্ৰেছে প্ৰাথমিক শ্ৰেণীৰ পৰা বিশ্ববিদ্যালয় শ্ৰেণী পৰ্যন্ত ছাত্ৰ-ছাত্ৰীসকলৰ মাচুল ডিচেম্বৰ মাহলৈ মাফ কৰি দিব লাগে।

আনকি বাছ সেৱাৰ মাচুলো মাফ কৰি দিববলৈ অনুৰোধ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে।

বেচৰকাৰী শিক্ষানুষ্ঠানসমূহৰ ক্ষতিসমূহ চৰকাৰে দিব লাগে। কৃষক আৰু আত্মসহায়ক গোটৰ ঋণ মাফ কৰি দিব লাগে। ল’কডাউনৰ ফলত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহ ক্ষতিগ্ৰস্ত হৈছে সেয়ে উদ্যোগ সমূহক অৰ্থনৈতিক পেকেজৰ দিয়াৰ লগতে পুনৰোজ্জীৱিত কৰিবলৈ চৰকাৰক অনুৰোধ কৰে ।