• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাতত মিঠাতেলৰ বটল, সন্মুখত গেছ চিলিণ্ডাৰ লৈ অভিনৱ প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছৰ

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
July 7, 2022 9:18 pm
126
VIEWS
Share on FacebookShare on Twitter

নিত্য ব্যবহার্য খাদ্য সামগ্রী, বিভিন্ন সেৱা আদিত জি এছ টি আৰোপ কৰি সৰ্বসাধাৰণ ৰাইজক অর্থনৈতিকভাৱে শোষণ কৰা আৰু ৰন্ধন গেছৰ মূল্য পুনৰ ৫০ টকাকৈ বৃদ্ধি কৰাৰ প্ৰতিবাদত বৃহস্পতিবাৰে অসম প্রদেশ মহিলা কংগ্ৰেছৰ আহ্বানক্রমে গুৱাহাটীত এক প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

সন্মুখত মিঠাতেলৰ বটল আৰু ৰন্ধন গেছৰ চিলিণ্ডাৰ লৈ ৰাজীৱ ভৱন চৌহদত শতাধিক মহিলা আৰু অসম প্রদেশ কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে উদাত্ত শ্ল’গান দি চৰকাৰৰ এনে জনবিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

অসম প্রদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীৰ লগতে মহিলা কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বৰ উপৰি প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন, বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰা, বৰপেটা জিলা মহিলা কংগ্ৰেছৰ সভানেত্রী পদ্মাৱতী দাস, বজালী জিলা মহিলা কংগ্ৰেছ সভানেত্রী মৰমী দত্ত, কামৰূপ (গ্ৰাম্য)ৰ সভানেত্রী দীপালি তালুকদাৰ, গুৱাহাটী মহানগৰ সমিতিৰ সভানেত্রী গীতালি দাস, নলবাৰী জিলাৰ সভানেত্রী বিজুলী তালুকদাৰ, মৰিগাঁৱৰ সভানেত্রী শাহনাজ খানম প্রমুখ্যে বিভিন্ন জিলাৰ মহিলা নেত্ৰীসকলৰ উপৰি প্ৰদেশ কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে মূল্যবৃদ্ধিৰ প্ৰতিবাদত ধর্ণা দি তাৎক্ষণিকভাৱে চৰকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়।

উপস্থিত প্রতিবাদী মহিলা সকলক উদ্দেশ্যি সভানেত্রী মীৰা বৰঠাকুৰে কয়, “সমগ্ৰ ৰাজ্যখনৰ মানুহক প্ৰলয়ংকাৰী বানে জুৰুলা কৰি অৰ্থনৈতিকভাৱে কোঙা কৰি দিয়াৰ সময়তে জি এছ টি আৰোপ আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰে বিজেপি চৰকাৰে সৰ্বসাধাৰণ মানুহৰ জীৱন প্ৰণালী শেষ কৰি দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। ইয়াৰ বিৰুদ্ধে মহিলা সকলে তীব্র প্রতিবাদ গঢ়ি তোলা উচিত।”

ইফালে প্ৰাক্তন মন্ত্রী প্রণতি ফুকনেও সমবেত প্ৰতিবাদী কৰ্মকৰ্তাসকলক উদ্দেশ্যি বক্তব্য দাঙি ধৰি এই অভূতপূর্ব মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসমৰ জিলাই জিলাই মহিলা কংগ্ৰেছৰ নেতৃত্বত জোৰদাৰ আন্দোলন গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

Recent News

সেনাৰ অভিযানৰ নামত কন্যাৰ নামকৰণ: উত্তৰ প্ৰদেশত ১৭ নৱজাতকৰ নাম ‘সিন্দূৰ’

সেনাৰ অভিযানৰ নামত কন্যাৰ নামকৰণ: উত্তৰ প্ৰদেশত ১৭ নৱজাতকৰ নাম ‘সিন্দূৰ’

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd