• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খেনোক দেখি ৰন্ধা-বঢ়া কৰে, খেনোক দেখি দুৱাৰ মাৰে অসম আৰক্ষীয়ে : ৰাজীৱ ভৱনত কংগ্ৰেছৰ বিস্ফোৰক সংবাদমেল

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 30, 2024 8:28 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খেনোক দেখি ৰান্ধে-বাঢ়ে, খেনোক দেখি দুৱাৰ মাৰে। এই নীতিৰে চলিছে অসম আৰক্ষী। ভিডিঅ’ আপলোড কৰা বাবে অসম প্রদেশ কংগ্ৰেছৰ ৱাৰ ৰুমৰ সমন্বয়ক ৰিতম সিঙক গ্ৰেপ্তাৰ কৰা কাৰ্য সন্দৰ্ভত এক সংবাদমেলত আজি এইদৰে কয় অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

“আইন সকলোৰে বাবে সমান। সেয়ে সকলোৰে বাবে আইনৰ দৃষ্টি একে হোৱাতো আমি বিচাৰো। কিন্তু মই নিজে মহাত্মা গান্ধীক অপমান কৰা বাবে অসম বিধানসভাৰ প্রাক্তন উপাধ্যক্ষ দিলীপ পাল আৰু হিন্দু নাৰী সন্দৰ্ভত কৰা আপত্তিজনক মন্তব্যৰ বাবে বদরুদ্দিন আজমল আৰু নাজিৰাতো উত্তেজক মন্তব্য দিয়া বাবে এজন লোকৰ বিৰুদ্ধে গোচৰ দিছিলো। মুখ্যমন্ত্রীয়ে ছোনিয়া গান্ধীক আক্ৰমণ কৰি তেখেতৰ ঘৰ জ্বলাই দিব লাগে বুলি কৰা বক্তব্যৰ বিৰুদ্ধেও আৰক্ষীৰ কাষ চাপিছিলো। এইবোৰৰ বিৰুদ্ধে গোচৰ দিয়াৰ পিছতো অসম আৰক্ষীৰ কোনো তৎপৰতা আমি দেখিবলৈ পোৱা নাছিলো। কিন্তু এতিয়া কংগ্ৰেছৰ এজন সদস্যক ক্ষমা খোজাৰ পিছতো আৰু ভিডিঅ’টো ডিলিট কৰি দিয়াৰ পিছতো গ্ৰেপ্তাৰ কৰিছে।”- সংবাদমেলত এইদৰে কয় দেৱব্ৰত শইকীয়াই।

শইকীয়াই আৰু কয় যে আৰএছএছৰ জন্মদাতা এম এছ গোলৱালকাৰে ৰচনা কৰা ‘বাঞ্চ অব থটছ’ গ্ৰন্থত থকা কথাবোৰ বিজেপি নেতাসকলে আজিও মানি লয় আৰু সেইধৰণৰ কথাৰ পৰাই এই ভিডিঅ’টোৰ প্ৰসংগ আহিছিল। তেওঁ কয়, “অসমৰ মুখ্যমন্ত্ৰীয়েও মনুবাদক লৈ ছ’চিয়েল মিডিয়াত এটা পোষ্ট দিছিল। এই কথাটো গোলৱালকাৰ ডাঙৰীয়াই কিতাপখনত লিখি গৈছে যে হিন্দুসকলৰ বাবে বেদৰ পিছতেই মনুস্মৃতিয়ে হৈছে মূল। দেশৰ সংবিধানো মনুস্মৃতি অনুযায়ী হ’ব লাগে। অর্থাৎ তেওঁলোকে সংবিধানখনকেই অৱজ্ঞা কৰাৰ এটা প্রচেষ্টা হাতত লৈ আছে যোৱা সময়ছোৱাত।”

আৰএছএছৰ চিন্তাত এক দেশ এক সংসদ, এক দেশ এক নির্বাচন আদিবোৰ আছে আৰু এই কথাবোৰ মানুহে বুজিবলৈ আৰম্ভ কৰিছে বাবেই এতিয়া বিজেপিয়ে সংবিধান সলনি নকৰে, সংৰক্ষণৰ বিৰোধিতা নকৰে জাতীয় কথা ক’বলৈ বাধ্য হৈ পৰিছে বুলিও শইকীয়াই সংবাদমেলত উল্লেখ কৰে।

আজিৰ সংবাদ মেলত ৱাৰ ৰুমৰ অধ্যক্ষ মেহদি আলম বৰা আৰু উপাধ্যক্ষ ড০ সঞ্জু বৰুৱাও উপস্থিত থাকে। ৱাৰ ৰুমৰ উপাধ্যক্ষ ড০ সঞ্জু বৰুৱাই ৰিতম সিঙক গ্ৰেপ্তাৰ কৰা কাৰ্যক গৰিহণা দিয়ে আৰু ৰিতম সিঙৰ বিৰুদ্ধে অপ্রয়োজনীয়ভাবে কঠোৰ ধাৰা জাপি দিয়াৰো অভিযোগ উত্থাপন কৰে। অনহাতে আজিৰ সংবাদমেলত মূল্যবৃদ্ধি সন্দৰ্ভত সৰৱ হৈ পৰে অসম প্রদেশ কংগ্রেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা।

“ভুৱা প্রতিশ্রুতি বুলিলেই এতিয়া মানুহৰ মনলৈ বিজেপিৰ কথাই আহে। দেখদেখকৈ জীয়াফাঁকি দিয়াৰ ক্ষেত্রত বিজেপি নেতাসকলক কোনেও বলে নোৱাৰে। সেয়া লাগিলে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়েই নহওক নাইবা গাঁও পঞ্চায়তৰ সভাপতিৰ দায়িত্বত থকা নেতাই নহওক কিয়! ২০১৪ চনত গোটেই গুৱাহাটীত বিজেপিয়ে ‘বহুত হুৱা মেহেংগাই কি মাৰ, অৱ-কি বাৰ মোদী চৰকাৰ’ বিজ্ঞাপনেৰে ভৰাই তুলিছিল। বিজেপিৰ নেতাসকলে তেতিয়া কংগ্ৰেছ চৰকাৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যর্থ হোৱা বুলি কৈ প্রতিবাদ কৰিছিল। কেইবাগৰাকী বিজেপিৰ নেতাই পিঁয়াজৰ দাম এটকামান বাঢ়িলেই ডিঙিত পিঁয়াজৰ মালা লৈ প্রতিবাদ কৰিছিল। চিলিণ্ডাৰৰ দাম ৫ টকা বাঢ়িলেই তালফাল লগাইছিল। বিজেপি চৰকাৰ আহিলেই বস্তুৰ দাম কম হ’ব বুলি কৈছিল। পিছে জনতাক দিয়া সেই প্রতিশ্রুতি মিছলীয়া প্রধানমন্ত্রীআৰু বিজেপিৰ নেতাসকলে শাসন লাভ কৰিয়েই পাহৰি পেলালে। মূল্যবৃদ্ধি প্রসংগক লৈ এক সংবাদমেলত আজি এইদৰে বিজেপিক তুলাধূনা দিয়ে অসম প্রদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই।

সংবাদমেলত বৰাই কয়, ‘বিজেপি চৰকাৰে মানুহবোৰক এনেকৈ ব্রেইনৱাশ্ব কৰিছে যে ১০ বছৰ পূৰ্বে চকলেট এটাৰ দাম ১০ পইছা বাঢ়িলেই তালফাল লগোৱা একাংশ বিজেপিৰ সমৰ্থকে আজি ১৫০ টকীয়া ঔষধৰ দাম ৫০০ টকা হোৱা সঁচা কথাটো ফেচবুকত লিখিলেও মানুহক অশ্লীল ভাষাৰে গালি-গালাজ কৰে। টকাৰ বাণ্ডিলৰ ওপৰত শুই ফেচবুক-হোৱাটছএপত স্টেটাছ লগোৱা বিজেপি আৰু মিত্ৰজোঁটৰ নেতা-সমর্থকসকলে সাধাৰণ জনতাৰ দুখ-দুর্দশা কি বুজিব। চকুত কাপোৰ বান্ধি থকা এনে মানুহৰ বাবেই দেশৰ সাধাৰণ জনতাৰ অৱস্থা আজি পানীত হাঁহ নচৰা সদৃশ হৈ পৰিছে।’

বৰাই কয় যে বিজেপিৰ ‘চান্দা দো ধাণ্ডা লো’ নীতিৰ ফলত আজি জীৱনদায়িনী বহু ঔষধৰ দাম ১৫০-২৪০ শতাংশ পর্যন্ত বৃদ্ধি পাইছে। চিকিৎসকসকলে আজি ক’বলগীয়া হৈছে যে সাধাৰণ ৰোগীসকলক প্রেছক্রিপশ্যনত ঔষধৰ নাম লিখি দিবলৈ লওঁতে তেওঁলোকৰ হাত কঁপি উঠা হৈছে। ‘বিজেপি চৰকাৰৰ দিনত কি কি সামগ্ৰীৰ দাম বাঢ়িছে বুলি প্রশ্ন কৰাৰ কোনো অর্থ নাই। কাৰণ যোৱা ১০ বছৰত এনে এটা বস্তু নাই যি বস্তুৰ দাম বঢ়া নাই।’-বৰাই কয়। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাকো আক্ৰমণৰ লক্ষ্য কৰি লয় কংগ্ৰেছ নেতাগৰাকীয়ে। তেওঁ কয় যে আজি আকৌ অগপৰ সেই বিভীষিকাময় দিনবোৰ ঘূৰি আহিছে। এইবাৰ বিহুৰ বতৰত বহু কৰ্মচাৰীয়ে দৰমহা নাপালে। দক্ষ মুখ্যমন্ত্রী বুলি ভাবি থকা হিমন্তৰ দিনত বিহুৰ বতৰতো দৰমহা নাপাই কৃষি বিপণনৰ বিভাগৰ দৰে কেবাটাও বিভাগক কৰ্মচাৰীয়ে কিয় ধর্ণাত বহিবলগীয়া হৈছে বুলি বৰাই প্রশ্ন কৰে।

এইখন চৰকাৰ ঋণত চলা চৰকাৰ। কৰ্মচাৰীক দৰমহা দিবলৈকো চৰকাৰে ঋণ ল’বলগীয়া হয়। এয়াই মুখ্যমন্ত্ৰী দক্ষতাৰ প্ৰকৃত স্বৰূপ। এতিয়ালৈকে ডেৰ লাখ কোটি টকা ঋণত পোত যোৱা চৰকাৰে আজি আকৌ ১০০০ কোটি ঋণ ল’বলৈ ওলাইছে।’- জনতাৰ মূৰত ঋণৰ বোজা জাপি দি ঋণ লোৱাকে সফলতা বুলি জাহিৰ কৰিবলৈকো কুণ্ঠাবোধ নকৰা হিমন্ত চৰকাৰে চৰকাৰী কৰ্মচাৰীক দৰমহা দিবলৈ আৰু কিমান ঋণ ল’ব বুলিও বৰাই কটাক্ষ কৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd