প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ প্ৰাক্ ক্ষণত বিজেপিলৈ প্ৰদেশ কংগ্রেছৰ ৬ টা চিধা প্ৰশ্ন

APCC Question to BJP

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ প্ৰাক ক্ষণত সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অসমৰ ৰাইজৰ দুৰ্দশাৰ কথা ব্যক্ত কৰি প্ৰদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰাই এক সংবাদমেল সম্বোধন কৰে।

প্ৰদেশ কংগ্রেছৰ কাৰ্যালয়ত আয়োজিত এই সংবাদমেলত বিজেপিৰ শাসনত হোৱা বিফলতাৰ ওপৰত ৰিপুন বৰাই প্ৰত্যক্ষভাৱে ৬ টা প্ৰশ্নৰ অৱতাৰণা কৰে।

“কা”-আইনৰ ওপৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ প্ৰশ্ন-“আমি আশা কৰিছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট কৰিব যে অসমৰ জনসাধাৰণৰ আশা-আকাংক্ষাক আওকাণ কৰি কিয় “কা” আইন বলবৎ কৰিবলৈ লৈছে? কেতিয়া তেখেতে জনসাধাৰণৰ কথা শুনিব আৰু “কা” প্ৰত্যাহাৰ কৰিব?”

ৰাজ্যখনত অভাৱনীয়ভাৱে বৃদ্ধি পোৱা নিবনুৱা সমস্যাৰ ওপৰত ৰিপুন বৰাৰ প্ৰশ্ন- “বিজেপিয়ে ২৫ লাখ লোকক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু যোৱা ৫ বছৰত মাত্ৰ ৮০ হাজাৰ লোকক সংস্থাপন দিবলৈহে সক্ষম হৈছে। যিটো প্ৰতিশ্ৰুতিৰ মাত্ৰ ৩শতাংশ। মোডী ডাঙৰীয়াই স্পষ্ট কৰিব নে কিয় তেখেত সকলৰ প্ৰতিশ্ৰুতি অনুসৰি ৯৭শতাংশ লোকক সংস্থাপন দিব নোৱাৰিলে?”

একেদৰে, ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ওপৰত বৰাৰ প্ৰশ্ন-“চুতীয়া, কোচ-ৰাজবংশী, মৰাণ, মটক, টাই-আহোম আৰু চাহ জনগোষ্ঠীকে ধৰি ছয় জনগোষ্ঠীক বিজেপিয়ে জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। বিজেপিয়ে এই প্ৰতিশ্ৰুতি পাহৰি গৈছে। এই জনগোষ্ঠী সমূহক প্ৰতাৰণা কৰাৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতসকলৰ ওচৰত ক্ষমা খুজিবনে?”

বিজেপিয়ে চাহ শ্ৰমিক সকলক কৰা ভুৱা প্ৰতিশ্ৰুতিৰ ওপৰত বৰাৰ প্ৰশ্ন- “বিজেপিয়ে চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰী ৩৫১ টকা কৰাৰ প্ৰতিশ্ৰুতি দিছিল। ৫ বছৰৰ অন্তত বিজেপিয়ে মাত্ৰ ২১৭ টকালৈ বৃদ্ধি কৰিলে। কেৰেলাত চাহ শ্ৰমিকৰ দৈনিক মজুৰী ৩৮০ টকা।  কিয় অসমৰ চাহ শ্ৰমিকসকলক অৱহেলা কৰা হৈছে?”

সেইদৰে, সোণোৱাল চৰকাৰৰ দিনত অভাৱনীয় ভাৱে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ওপৰত বৰাৰ প্ৰশ্ন- “অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য আজি সাধাৰণ জনতাৰ সামৰ্থৰ বাহিৰত। বিজেপি চৰকাৰৰ দিনত পুঁজিপতি সকল বেছি ধনী হোৱাৰ পৰিবৰ্তে সাধাৰণ জনতাই কিয় দাইল, শাক পাচলি কিনিবৰ বাবে অপাৰগ হৈছে? সাধাৰণ জনতাৰ উপাৰ্জন কমি যোৱাৰ ফলত দৈনন্দিন অত্যাৱশ্যকীয় সামগ্ৰী কিনিব গৈ তেওঁলোকে কেনেকৈ ল’ৰা-ছোৱালীৰ পঢ়া-শুনাৰ খৰছ বহন কৰিব?”

আনহাতে, পেট্ৰ’ল-ডিজেলৰ অত্যাধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে সমগ্ৰ অসমব্যাপি চলি থকা প্ৰতিবাদৰ ওপৰত বৰাৰ প্ৰশ্ন-” বিজেপি চৰকাৰে ৩০ টকাত পেট্ৰ’ল কিনি ৯০ টকাত বিক্ৰী কৰি আছে। এয়া বলপূৰ্বক সংগ্ৰহ নহয় জানো? এয়া দিন দুপৰতে ডকাইতি নহয় জানো?  সাধাৰণ জনতাই দুৰ্ভোগ ভুগি থকাৰ সময়তে পেট্ৰ’ল-ডিজেলৰ অত্যাধিক কৰৰ নামত বিজেপিয়ে তেওঁলোকৰ পুঁজিপতি বন্ধু সকলক ধনী কৰাৰ স্বাৰ্থত সাধাৰণ জনতাৰ পৰা বলপূৰ্বকভাৱে ধন কাঢ়ি লৈ আছে।”

অসম কংগ্রেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া, প্ৰদেশ কংগ্রেছৰ কেম্পেইন কমিটিৰ অধ্যক্ষ প্ৰদ্যুত বৰদলৈ, ইস্তাহাৰ কমিটিৰ অধ্যক্ষ গৌৰৱ গগৈ, প্ৰচাৰ কমিটিৰ অধ্যক্ষ ৰকিবুল হুছেইন, মিডিয়া সমন্বয়ৰক্ষী কমিটিৰ অধ্যক্ষ  আব্দুল খালেক, নিখিল ভাৰত মহিলা কংগ্রেছৰ অধ্যক্ষা সুস্মিতা দেৱকে ধৰি জেষ্ঠ কংগ্রেছ নেতা সকলে  প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই উত্থাপন কৰা এই ৬ টা প্ৰশ্ন সামাজিক মাধ্যমযোগে উপস্থাপন কৰে।