ৰাজীৱ গান্ধী সন্দৰ্ভত প্ৰধান মন্ত্ৰী মোদীৰ মন্তব্য : গুৱাহাটীত বিক্ষুব্ধ কংগ্ৰেছৰ প্ৰতিবাদ

06-05-19 Guwahati- Congress protest against PM Modi (5)

ৰাজীৱ গান্ধী সন্দৰ্ভত প্ৰধান মন্ত্ৰী মোদীৰ মন্তব্যৰ বিৰুদ্ধে গুৱাহাটীত কংংগ্ৰেছৰ প্ৰতিবাদ। ফটো : য়ু বি

প্ৰয়াত প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীক সাঙুৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা মন্তব্যৰ পাছতেই ক্ষোভত ফাটি পৰিছে কংগ্ৰেছ নেতা-কৰ্মী সকল। মোদীৰ মন্তব্যৰ বিৰোধিতা কৰি কংগ্ৰছে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ছ’চিয়েল মিডিয়াৰ জৰিয়তেও ইয়াৰ গৰিহণা দিছে বহু কংগ্ৰেছ নেতাই।

সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনতো অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মোদীৰ মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। লগতে এগৰাকী প্ৰধান মন্ত্ৰীৰ মুখত এনেধৰণৰ কথাই শোভা নাপায় বুলিও প্ৰতিবাদকাৰীসকলে মন্তব্য কৰে।

উল্লেখ্য যে, ৰাফেল যুদ্ধ বিমান চুক্তিৰ নামত দুৰ্নীতি হোৱাৰ অভিযোগ আনি কংগ্ৰেছে বিজেপিক সমালোচনা কৰি থকাৰ বিপৰীতে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে বাক্য বাণ নিক্ষেপ কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ এক নিৰ্বাচনী সভাত ভাষণ প্ৰসংগত প্ৰয়াত ৰাজীৱ গান্ধীকো সাঙুৰি লৈছিল।

ৰাহুল গান্ধীক উদ্দেশ্যি মোদীয়ে কৈছিল, ‘’আপোনাৰ পিতৃক কংগ্ৰেছে ‘মিষ্টাৰ ক্লীন’ বুলি আখ্যা দিছিল। কিন্তু চাওতে চাওতে এক নম্বৰ দুৰ্নীতিগ্ৰস্ত হিচাপেহে তেওঁৰ জীৱনৰ সামৰণি পৰিছিল।‘’ মোদীয়ে ৱফৰ্চ কেলেংকাৰিৰ প্ৰসংগেৰে ৰাজীৱ গান্ধীৰ বিৰুদ্ধে এনে মন্তব্য কৰিছিল।

মোদীৰ মন্তব্যৰ বিৰোধিতা কৰি প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰঞ্জন বৰাই কয়, ‘’প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ প্ৰতি কিবা ত্যাগ-বৰঙণি আছে বুলি আমি নাভাবো। তেখেত হঠাৎ প্ৰধান মন্ত্ৰী হৈছে। প্ৰধান মন্ত্ৰী হোৱাৰ পাছত তেওঁ মিছা কথাৰে দেশ শাসন কৰিছে আৰু ৰাইজক ফাঁকি দিছে। তেখেতসকলে ক্ষমতাত থাকিব নোৱাৰিব বুলি বুজি পাইছে। সেয়ে হতাশগ্ৰস্ত হৈ এনেধৰণৰ বক্তব্য ৰাখিছে।‘’

তেওঁ লগতে ৰাজীৱ গান্ধী কেৱল প্ৰধান মন্ত্ৰী বা ভাৰতৰত্নই নাছিল, তেওঁ দেশৰ কাৰণে আত্মবলিদান দিয়া এজন চহিদ আছিল বুলিও মন্তব্য কৰে। একেদৰে ৰাজীৱ গান্ধীৰ মাতৃ তথা প্ৰয়াত প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়েও দেশৰ কাৰণেই আত্মবলিদান দিছিল বুলি মন্তব্য কৰে।