বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনলৈ পুতৌ লাগে, তিনিবাৰ জিকাৰ পিছতো নাপালে মন্ত্ৰিত্ব: ৰাণা গোস্বামী

হিমন্ত বিশ্ব শৰ্মাৰ হৃদয়ত এতিয়াও কংগ্ৰেছ আছে; সেয়ে কংগ্ৰেছৰ পৰা যোৱা সকলকহে মন্ত্ৰিত্ব দি আছে: ৰাণা গোস্বামী

ফটো: নৰ্থইষ্ট নাও।

‘বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনলৈ পুতৌ লাগে। তিনিবাৰ জিকাৰ পিছতো মন্ত্ৰিত্ব পোৱা নাই’। এইদৰে আজি বিধায়ক প্ৰশান্ত ফুকনক কটাক্ষ কৰে কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে।

গোস্বামীয়ে কয়, ‘’হিমন্ত বিশ্ব শৰ্মাৰ হৃদয়ত এতিয়াও কংগ্ৰেছ আছে। সেইবাবে তেওঁ কংগ্ৰেছৰ পৰা যোৱা সকলকহে মন্ত্ৰfত্ব দি আছে। হিমন্ত বিশ্ব শৰ্মাৰ ওপৰটোহে গেৰুৱা, ভিতৰখন খাদী হৈ আছে।‘’

দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ উপলক্ষে আজি শিৱসাগৰ জিলাৰ কংগ্ৰেছ কমিটিয়ে ‘স্বাধীনতাৰ গৌৰৱময় যাত্ৰা’ নামেৰে শিৱসাগৰত এক পদযাত্ৰা বাহিৰ কৰে। শিৱসাগৰ সমষ্টিৰ মুঠ ২১ কিলোমিটাৰ পথ আজি এইদৰে পদযাত্ৰা কৰিব শিৱসাগৰ জিলা কংগ্ৰেছে।

ফটো: নৰ্থইষ্ট নাও।

আজিৰ এই পদ যাত্ৰাত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি মঞ্জিৰ গগৈকে ধৰে বহু নেতা কৰ্মীয়ে অংশ গ্ৰহণ কৰে।

সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে বিধায়ক প্ৰশান্ত ফুকন, কেন্দ্ৰৰ বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰীক ক্ষুৰধাৰ সমালোচনা কৰে।

ফটো: নৰ্থইষ্ট নাও।

উল্লেখ্য যে কিছুদিন পূৰ্বে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছৰ ৮ জন বিধায়ক বিজেপিলৈ আহিব বুলি মন্তব্য কৰিছিল। তাৰেই প্ৰত্যুত্তৰত আজি ৰাণা গোস্বামীয়ে এইদৰে ক্ষুৰধাৰ সমালোচনা কৰে প্ৰশান্ত ফুকনক।