বিশ্বৰ সৰ্ববৃহৎ প্ৰযুক্তি কোম্পানী এপলে মুকলি কৰিছে তেওঁলোকৰ iPhone16 আৰু iPhone 16 Plus। ১০ ছেপ্টেম্বৰৰ পৰা এপলৰ ৱেবছাইট আৰু দিল্লী আৰু মুম্বাইৰ এপল ষ্ট’ৰৰ জৰিয়তে আইফোন ১৬ আৰু আইফোন ১৬ প্লাছৰ প্ৰি-বুকিং কৰিব পাৰিব। এপলে আইফোন ১৬ আৰু আইফোন ১৬ প্লাছলৈ আনিছে এপল ইনটেলিজেন্স ফিচাৰ।
আইফোন ১৬ আৰু ১৬ প্লাছত কেমেৰা কন্ট্ৰল উপলব্ধ হ’ব
আইফোন ১৬ আৰু ১৬ প্লাছত থাকিব ১৬এমপি আৰু ১৮এমপি কেমেৰা। ইয়াৰ লগতে এই দুয়োটা আইফোনতে থাকিব Intelligence Control Camera ফিচাৰ, যাৰ জৰিয়তে আপুনি ভাল ছবি ক্লিক কৰিব পাৰিব।
আইফোন ১৬ আৰু আইফোন ১৬ প্লাছৰ দাম
এইবাৰ এপলে ভাৰতীয় মুদ্ৰাত প্ৰায় ৬৭০৮১ টকাত আইফোন ১৬ মুকলি কৰিছে আৰু প্ৰায় ৭৫৪৭৬ টকাত উপলব্ধ হ’ব আইফোন ১৬ প্লাছ।
আইফোন ১৬ আৰু আইফোন ১৬ প্লাছৰ স্পেচিফিকেশন
এপলৰ আইফোন ১৬ আৰু আইফোন ১৬ প্লাছ স্মাৰ্টফোনত ৬.১ আৰু ৬.৭ ইঞ্চিৰ স্ক্ৰীণ আছে। ইয়াৰ লগতে আইফোন ১৬ আৰু আইফোন ১৬ প্লাছত ফ’কাছ ফিচাৰসহ নেক্সট জেনেৰেশ্যন পৰ্টাছনিক পাই যব। এই আইফোন ১৬ আৰু আইফোন ১৬ প্লাছৰ সহায়ত আপুনি মেক্ৰ’ ফটোগ্ৰাফী কৰিব পাৰিব। ইয়াৰ উপৰিও অটোফ’কাছৰ সহায়ত কেমেৰাৰ জৰিয়তে দূৰৈৰ ছবিও তুলিব পাৰিব।
আইফোন ১৬ আৰু আইফোন ১৬ প্লাছত উপলব্ধ হ’ব চেটেলাইট ফিচাৰ
আইফোন ১৬ আৰু আইফোন ১৬ প্লাছত পূৰ্বৰ আইফোনৰ দৰেই চেটেলাইট ফিচাৰ থাকিব। আইফোন ১৫ত যেতিয়া এই চেটেলাইট ফিচাৰ প্ৰৱৰ্তন কৰা হৈছিল তেতিয়া কোম্পানীটোৱে কেৱল আমেৰিকাতহে এই চেটেলাইট ফিচাৰ মুকলি কৰিছিল যদিও এইবাৰ ১৭খন দেশত এই চেটেলাইট ফিচাৰ মুকলি কৰিছে।