জুনিয়ৰ এছিষ্টেণ্ট, জুনিয়ৰ ইঞ্জিনীয়াৰ পদত শীঘ্ৰেই নিযুক্তি: মন্ত্ৰী ৰঞ্জিত দাস

মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুযায়ী সকলো বিভাগৰ নিযুক্তি এটা পৰীক্ষাৰ দ্বাৰাই সম্পাদন কৰা হব

vv

দেওবাৰে পাঠশালাত উপস্থিত হল মন্ত্ৰী ৰণজিত কুমাৰ দাস । শনিবাৰে বিয়োগ ঘটা পাঠশালাৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ ৰূপে পৰিচিত সম্পূৰ্ণানন্দ তালুকদাৰৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰীগৰাকী ।

সম্পূৰ্ণানন্দ তালুকদাৰৰ পৰিয়ালক সাক্ষাৎ কৰাৰ পূৰ্বে মৃতকৰ প্ৰতিচ্ছবিত পুষ্পঞ্জলিৰে শ্ৰদ্ধা নিবেদন কৰে মন্ত্ৰী ৰণজিত কুমাৰ দাসে ।

মুখ্যমন্ত্ৰীৰ আহ্বানত এখন চৰকাৰী সভা পিছুৱাই ৰণজিত দাস পাঠশালাত উপস্থিত হয় আৰু শিক্ষাবিদগৰাকীৰ দেহাৱসানত শোক প্ৰকাশ কৰে ।

আনহাতে সাংবাদিকৰে বার্তালাপত মন্ত্ৰীগৰাকীয়ে অসমত হব লগা এক লাখ চাকৰিৰ নিযুক্তি সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ।

অতি শীঘ্ৰেই জল জীৱন মিছনত ১১১টা জুনিয়ৰ ইঞ্জিনীয়াৰ পদত নিযুক্তি দিয়াৰ উপৰিও জনস্বাস্থ্য কাৰিকৰী বিভাগত ১৭১টা জুনিয়ৰ ইঞ্জিনীয়াৰ আৰু এছিষ্টেণ্ট ইঞ্জিনীয়াৰ নিযুক্তি দিয়া হব ।

অন্য সকলো বিভাগৰ নিযুক্তি মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুযায়ী এটা পৰীক্ষাৰ দ্বাৰাই সম্পাদন কৰা হব বুলি মন্ত্ৰী ৰণজিত দাসে মন্তব্য কৰে ।