অসম লোকসেৱা আয়োগৰ ২০১৮’ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক ( প্ৰাৰম্ভিক) পৰীক্ষা অহা ৩০ ডিচেম্বৰত সমগ্ৰ ৰাজ্যতে অনুষ্ঠিত হ’ব। এইবাৰ ৰাজ্যখনত নতুনকৈ বহুকেইটা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে অসম লোকসেৱা আয়োগে অনুমোদন দিছে।
লোকসেৱা আয়োগে অনুমোদন দিয়া এই নতুন কেন্দ্ৰসমূহৰ ভিতৰত মাজুলীতো অসম লোকসেৱা আয়োগৰ ২০১৮’ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক ( প্ৰাৰম্ভিক) পৰীক্ষা অহা ৩০ ডিচেম্বৰত অনুষ্ঠিত হ’ব। জিলাখনৰ কমলাবাৰীস্থিত মাজুলী মহাবিদ্যালয়ত ‘মাজুলী পৰীক্ষা কেন্দ্ৰ’ নামৰে নামকৰণ কৰা পৰীক্ষা কেন্দ্ৰটোত এই পৰীক্ষা অনুষ্ঠিত হ’ব।
অহা ৩০ ডিচেম্বৰৰ ৰাতিপুৱা ১০ বজাৰ পৰা ১২ বজালৈ আগবেলাৰ পৰীক্ষা আৰু আবেলি ২ বজাৰ পৰা ৪ বজালৈ বিয়লিৰ পৰীক্ষা অনুষ্ঠিত হ’ব। অসম লোকসেৱা আয়োগৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষা প্ৰথমবাৰৰ বাবে মাজুলীত অনুষ্ঠিত হোৱাকলৈ মাজুলীৰ যুৱ সমাজৰ লগতে সকলো শ্ৰেণীৰ ৰাইজৰ মাজতে উৎসাহ বৃদ্ধি পাইছে।
জানিব পৰা মতে, প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া এই পৰীক্ষাত ‘মাজুলী পৰীক্ষা কেন্দ্ৰ’ত মুঠতে ৩১৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব।
উল্লেখযোগ্য যে অলপতে অসম লোকসেৱা আয়োগে মাজুলীৰ উপৰি আন কেইবাটাও নতুন পৰীক্ষাকেন্দ্ৰত অনুমোদন জনাইছিল। এই নতুন কেন্দ্ৰসমূহৰ ভিতৰত আছে চৰাইদেউ (চৰাইদেউ জিলা), হোজাই (হোজাই জিলা), দক্ষিণ শালমাৰা (দক্ষিণ শালমাৰা), পশ্চিম কাৰ্বি আংলং (কাৰ্বি আংলং)।
তদুপৰি, অসম লোকসেৱা আয়োগে ইয়াৰ পৰীক্ষাকেন্দ্ৰৰ তালিকাত মুচলপুৰ (বাক্সা), কাজলগাওঁ (চিৰাং), ওদালগুৰি (ওদালগুৰি) আৰু বিশ্বনাথ চাৰি আলি (বিশ্বনাথ)কো অন্তৰ্ভুক্ত কৰিছে। এতিয়াৰ পৰা অসম লোকসেৱা আয়োগৰ পৰীক্ষা এই কেন্দ্ৰবোৰতো অনুষ্ঠিত হ’ব।