NORTHEAST NOW (Assamese)

এ পি এছ চিৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচীৰ সংশোধন : ২ আগষ্টৰ পৰা ২৯ আগষ্টলৈ চলিব পৰীক্ষা

July 22, 2019 10:02 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

এ পি এছ চিৰ অধীনত অনুষ্ঠিত হ’বলগীয়া ২০১৮ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক চূড়ান্ত পৰীক্ষাৰ সময়সূচীৰ পুনৰ সংশোধন ঘটাইছে লোকসেৱা আয়োগে।

দ্বিতীয়বাৰৰ বাবে সংশোধনী ঘটোৱা নতুন সময়সূচী অনুসৰি অহা ২ আগষ্টৰ পৰা ২৯ আগষ্টলৈ পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব। আয়োগৰ প্ৰধান পৰীক্ষা নিয়ন্ত্ৰকে জাৰি কৰা অধিসূচনাত এই কথা প্ৰকাশ পাইছে।

আয়োগে সংযুক্ত প্ৰতিযোগিতামূলক চূড়ান্ত পৰীক্ষাটোৰ সময়সূচীও ঘোষণা কৰিছে।

উল্লেখযোগ্য যে যোৱা ১৭ জুলাইত আয়োগৰ সচিবগৰাকীয়ে এক বিবৃতিযোগে চূড়ান্ত পৰীক্ষাৰ সময়সূচী সলনি কৰাৰ কথা সদৰী কৰিছিল।

ৰাজ্যত অব্যাহত থকা বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম লোকসেৱা আয়োগে  ২২ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া সংযুক্ত প্ৰতিযোগিতামূলক (মূল) পৰীক্ষাৰ দিন পিছুৱাই দিছিল।

সেই অনুসৰি পূৰ্বে নিৰ্ধাৰিত ২২ৰ পৰা ৩১ জুলাইলৈ হ’বলগীয়া পৰীক্ষাৰ সমূহৰ সময়সূচী সলনি কৰি পৰীক্ষাসমূহ ২ আগষ্টৰ পৰা ৯ আগষ্ট পৰ্যন্ত ধাৰ্য কৰাৰ কথা ঘোষণা কৰিছিল।

Related News