NORTHEAST NOW (Assamese)

২০১০ চনৰ বিধি এতিয়াও এৰা নাই এ পি এচ চিয়ে– এফ এ আই অ’ এ পি এচ চি

July 27, 2019 9:13 pm · শান্তনু শইকীয়া
Updated: July 27, 2019 9:40 pm
গুৱাহাটী প্ৰে’ছ ক্লাবত এফ আই অ’ এ পি এচ চিৰ শনিবাৰৰ সংবাদমেল। ছবি- নৰ্থ ইষ্ট নাও।

ফাইট এগে’নষ্ট ইনজাষ্টিচ অৱ এ’ পি এচ চি নামৰ সংস্থাটোৰমতে, “পূৰ্বৰ ২০১০ৰ বিধি প্ৰত্যাহাৰ কৰিও আজিকোপতি ২০১০ বিধিৰেই (অসম লোকসেৱা) আয়োগে পৰীক্ষা অনুষ্ঠিত কৰি আহিছে”।

তেওঁলোকে কয় যে “দুৰ্নীতিৰ মহানায়ক ৰাকেশ পালৰ গ্ৰেপ্তাৰৰ পিছত ভবা হৈছিল যে সমান্তৰালভাৱে এক অনিয়মমুক্ত আৰু বিশৃংখলতাবিহীন ব্যৱস্থাৰে আয়োগে পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব। কিন্তু বাস্তৱ ক্ষেত্ৰত যেন তাৰ বিপৰীত ছবিহে দৃশ্যমান হৈছে।”

তেওঁলোকৰ মতে, তাৰেই যেন এক চূড়ান্ত নিদৰ্শন- সংযুক্ত প্ৰতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষা ২০১৮।

“য’ত মাত্ৰ প্ৰাৰম্ভিক পৰ্য্যায়তেই আয়োগে বিভিন্ন অনিয়মেৰে পৰীক্ষা অনুষ্ঠিত কৰিছিল।”

এই সন্দৰ্ভত আদালতক সম্পূৰ্ণ মিছা প্ৰতিশ্ৰুতি দি অসম লোকসেৱা আয়োগে পৰীক্ষা অনুষ্ঠিত কৰিছিল বুলিও তেওঁলোকে অভিযোগ কৰে।

ইয়াৰোপৰি সৰ্বমুঠ ৫২টা প্ৰশ্নত গ্ৰে’ছ মাৰ্ক দি আয়োগে অভিলেখ ৰচিলে বুলিও তেওঁলোকে দাবী কৰে।

সংগঠনটোৱে উল্লেখ কৰা অনিয়মবোৰ–

# ১৩ মাৰ্চ, ২০১৯ত আয়োগে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰথমখন বাচনি তালিকা প্ৰকাশ কৰে য’ত ৩৩৬১জন প্ৰাৰ্থী বাচনিভুক্ত হৈছিল। কিন্তু প্ৰকৃততে এই তালিকাখন আয়োগে সীমাহীন ত্ৰুটিপূৰ্ণ প্ৰশ্নোত্তৰেৰে পৰীক্ষণ প্ৰস্তুত কৰা হৈছিল। যিটো আয়োগৰ প্ৰথমটো অনিয়ম আছিল।

# সকলোকে আচৰিত কৰি আয়োগে ১৩ মাৰ্চ, ২০১৯ত এখন অতিৰিক্ত অৰ্থাৎ একে পৰীক্ষাৰ ২য়খন তালিকা নিজাববীয়াকৈ পুনৰ সত্যতা নিৰূপণৰ ব্যৱস্থা হাতত লৈ আয়োগৰ প্ৰায় ৯৪ টা ভুল প্ৰশ্নোত্তৰ শুদ্ধ কৰি প্ৰস্তুত কৰে। যিটো সমগ্ৰ ভাৰতৰ পৰীক্ষা ব্যৱস্থাতেই বিৰল।

# আয়োগৰ অন্তিম আৰু আটাইতকৈ বিস্ফোৰক অনিয়ম হ’ল, ন্যায়ালয়কো কথা দি কথা ৰাখিব নোৱৰা আয়োগে আমাৰ লেখ আবেদন (নং WP-civil-1998/ 17)ৰ ৰায়ৰ ভিত্তিত আদালতকো প্ৰকৃততে মিছা প্ৰতিশ্ৰুতি দি পৰীক্ষা অনুষ্ঠিত কৰিলে। ই আদালত অৱমাননা নহয়নে?

তেওঁলোকৰ মতে, তেওঁলোকৰ লেখ আবেদনখনৰ ভিত্তিত যোৱা ৩০/০৩/২০১৮ তাৰিখেই ২০১০ৰ বিধিখন প্ৰত্যাহাৰ কৰি ০১/০৪/২০১৯ তাৰিখে নতুন কাৰ্য্যপ্ৰক্ৰিয়া বলৱৎ কৰিলে যদিও আজিকোপতি কিন্তু পূৰ্বৰ ২০১০ৰ বিধিৰেই পৰীক্ষা অনুষ্ঠিত কৰি আহিছে।

আয়োগৰ এই “নীতিক প্ৰত্যাহবান জনাই” সংস্থাটোৰ হৈ প্ৰাঞ্জল কুমাৰ শৰ্মা আৰু অন্যান্যই গুৱাহাটী উচ্চ ন‍্যায়ালয়ত এখন লেখ আবেদন (নং WP-C-4600/19) দাখিল কৰিছে।

তেওঁলোকৰ মতে, সেই আবেদনৰ “গুৰুত্বপূৰ্ণ শুনানি” অহা ৮ আগষ্টত হ’ব।

Related News