• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কংগ্ৰেছ এৰি অগপলৈ নাযায় দুই জ্যেষ্ঠ নেতা, নৰ্থ-ইষ্ট নাওত স্পষ্টীকৰণ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 11, 2019 12:32 pm
Durga Das & Apurba Bhattacharya
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ১৪ অক্টোবৰৰ দিনা কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য্য, দুৰ্গাদাস বড়ো আৰু জয়নাথ শৰ্মাই পুনৰ অগপ দললৈ ঘূৰি আহিব বুলি বাতৰি প্ৰকাশ পোৱাৰ পাছতে এই কথা নস্যাৎ কৰিছে জ্যেষ্ঠ কংগ্ৰেছী তথা প্ৰাক্তন অগপ নেতা অপূৰ্ব ভট্টাচাৰ্য্যই।

নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত ইয়াক ‘নিকৃষ্ট ৰাজনৈতিক ষড়যন্ত্ৰ’ আখ্যা কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰগৰাকীৰ।

‘মই অগপত যোগদান কৰিম বুলি ওলোৱা বাতৰিটো নিকৃষ্ট ৰাজনৈতিক ষড়যন্ত্ৰ। যিটো সময়ত মই কংগ্ৰেছ দলৰ ইমানবোৰ দায়িত্ব লৈ দলৰ প্ৰাৰ্থীৰ হকে প্ৰচাৰ কৰি আছো এনে সময়ত এই কথাবোৰৰ প্ৰাসংগিকতা ক’ত?’ আমাৰ সাংবাদিকৰ আগত ভট্টাচাৰ্য্যই এইদৰে কয়।

ইপিনে, অগপত যোগদান কৰিম বুলি ওলোৱা খবৰৰ যদি কিবা উপযুক্ত প্ৰমাণ আছে তেন্তে তাক ৰাজহুৱা কৰিবলৈও প্ৰত্যাহ্বান জনায় ভট্টাচাৰ্য্যই।

তেওঁ কয় ‘মই প্ৰত্যাহ্বান জনাইছো যদি তেনে কিবা নথি-পত্ৰ আছে, তেন্তে সেইবোৰ ৰাজহুৱা কৰিব লাগে।‘

তাৎপৰ্য্যপূৰ্ণভাৱে অগপ দলৰ বৰ্তমানৰ অস্তিত্বৰ কথা উল্লেখ কৰিবলৈ গৈ তেওঁ কয় ‘যোগদান কৰিলে বিজেপিত কৰিম, য’ত সম্ভাৱনা আছে। অগপ লোকৰ বোকোচাত উঠা দল, যাৰ নিজৰে অস্তিত্ব নাই, তাত কি কৰিবলৈ যাম মই?’

অৱশ্যে জয়নাথ শৰ্মাই কোনো পাৰিবাৰিক কাৰণত অগপলৈ পুনৰ ঘূৰি যাব পাৰে বুলি মন্তব্য কৰে ভট্টাচাৰ্য্যই।

তেওঁ কয় ‘জয়নাথ শৰ্মাৰ কথাটো ঠিক স্পষ্ট নহয়, তেওঁ কিবা পাৰিবাৰিক কাৰণত যোগদান কৰিব পাৰে, তথাপি সেইটো চূড়ান্ত হোৱা নাই।‘

ইয়াৰ উপৰি কংগ্ৰেছ দলৰ জৰিয়তে এই মুহূৰ্তত ভট্টাচাৰ্য্যই অসমৰ ৰাইজৰ হৈ সেৱা কৰি যাব বুলি মন্তব্য কৰে।

আনহাতে, কংগ্ৰেছৰ আন এগৰাকী জ্যেষ্ঠ মুখপাত্ৰ দুৰ্গাদাস বড়োৱেও অগপত যোগদানৰ বিষয়টো অপ-প্ৰচাৰ বুলি সদৰী কৰে।

তেওঁ কয় ‘এইটো এটা অসত্য বাতৰি। নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ মনোবল এচামৰ এয়া চেষ্টা।‘

ইপিনে, তেওঁৰ সতীৰ্থ জয়নাথ শৰ্মাৰ ঘৰমূৱা যাত্ৰাৰ সন্দৰ্ভত তেওঁ কয় ‘জয়নাথ শৰ্মাৰ কথাটো নাজানো, হয়তো তেওঁৰ সৈতে মনোজ শইকীয়াৰ কিবা কিবি এক্সেঞ্জ হ’ব পাৰে কিন্তু আমাৰ সৈতে একো এক্সেঞ্জ হোৱা নাই।‘

উল্লেখ্য যে অগপ মুখপাত্ৰ মনোজ শইকীয়াই বৃহস্পতিবাৰে এক সংবাদমেলযোগে অহা ১৪ অক্টোবৰ অৰ্থাৎ দলৰ প্ৰতিষ্ঠা দিৱসত জয়নাথ শৰ্মাৰ লগতে অন্য দলৰ কেইবাজনো শীৰ্ষ নেতা তথা প্ৰাক্তন বিধায়কে অগপ দলত পুনৰ যোগদান কৰিব বুলি কৈছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd