ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰক্ৰিয়াৰ সম্পূৰ্ণ পুনৰীক্ষণৰ দাবী এ পি ডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাৰ

অভিজিৎ শৰ্মা।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত উচ্চতম ন্যায়ালয়ে ১০ শতাংশ পুনৰীক্ষণ কৰাৰ বাবে প্ৰদান কৰা নিৰ্দেশক আদৰণি জনোৱা অসম প্লাবিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই আজি সংবাদ মাধ্যমৰ আগত এন আৰ চি প্ৰক্ৰিয়াৰ পুনৰীক্ষণ কৰি এখন শুদ্ধ এন আৰ চি দিয়াৰ বাবে দাবী জনায়।

উল্লেখযোগ্য যে, সচেতন নাগৰিক মঞ্চ, অসমে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ বিসংগতি দূৰ কৰি এখন শুদ্ধ নাগৰিকপঞ্জী প্ৰস্তুত কৰাৰ দাবীত দীঘলীপুখুৰী পাৰৰ  সিদ্ধিনাথ শৰ্মা ভৱনত অনুষ্ঠিত কৰা ‘অৱস্থান ধৰ্মঘট’ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটো বিসংগতিপূৰ্ণ বুলি দাবী কৰে শৰ্মাই।

তেওঁ লগতে কয়, “এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া ২০১৫ চনত আৰম্ভ হৈছিল যদিও কংগ্ৰেছ চৰকাৰৰ কেবিনেট উপ কমিটিৰ বদমাচি, বিশেষকৈ ৰেচন কাৰ্ড, পঞ্চায়তৰ নথি-পত্ৰ তথা নাগৰিকত্ব প্ৰমাণ পত্ৰকে ধৰি এনেকুৱা ধৰণৰ ১৫খন নথি লাগিব বুলি কৈ শপতনামা দাখিল কৰি এন আৰ চি প্ৰক্ৰিয়া আৰম্ভ কৰিলে।”

‘এই সুযোগতে বেছিভাগ সন্দেহযুক্ত বিদেশীৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হ’ল’ বুলি তেওঁ লগতে কয়।

ইয়াৰোপৰি তেওঁ কয়, “মৰিগাঁৱত ৩৯জন সন্দেহযুক্ত বিদেশীৰ নাম এন আৰ চিত সোমাইছে। সন্দেহযুক্ত নাগৰিকে চাকৰি কৰি আছে তথা কালিও বহু মানুহৰ নাম ধৰা পৰিছে।”

“১৫খন নথি গ্ৰহণ কৰি ২ কোটি ৯০ লাখ মানুহৰ নাম এন আৰ চিত সোমাল। আৰু ’৪০ লাখ ৭ হাজাৰ ৭০৭গৰাকী নাম বাদ পৰা মানুহৰ কাৰণে ১০খন নথি কৰা হৈছে। যদি ১০বিধ নথি কৰিব লাগে গোটেই প্ৰক্ৰিয়াটোৰ বাবে কৰক।  এই বাদ পৰাসকলৰ ভিতৰত অসমৰ খিলঞ্জীয়া মানুহো আছে।” এইদৰে কয় অভিজিৎ শৰ্মাই।

ইয়াৰোপৰি তেওঁ কয়, “পুনৰ নিৰীক্ষণ কৰিবলৈ এখন নিৰীক্ষণ কমিটী বনাই শুদ্ধকৈ এখন এন আৰ চি প্ৰস্তুত হ’ব লাগে। ২-৩ বছৰ প্ৰয়োজন হওক, মুঠতে এখন শুদ্ধ এন আৰ চি পাব লাগে।”