NORTHEAST NOW (Assamese)

“ইক’ এন ই” অনলাইন আলোচনী মুকলি আৰণ্যকৰ

May 1, 2020 10:05 pm · উত্তম শইকীয়া

উত্তৰ-পূব ভাৰতৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ অন্যতম সংস্থা আৰণ্যকে শুকুৰবাৰে “ইক’ এন ই” (www.econe.in) নামৰ এখন অনলাইন আলোচনী তথা ডিজিটেল প্লেটফর্ম মুকলি কৰে।

গুৱাহাটীত www.econe.in ৱেবছাইটটো মুকলি কৰা হয়।

আৰণ্যকে জনোৱা মতে উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশ সম্পৰ্কীয় বিষয়সমূহ হ’ব এই আলোচনীৰ মুখ্য বিষয়বস্তু।

আৰণ্যকৰ মুখ্য সচিব বিভৱ কুমাৰ তালুকদাৰে কয় উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ইক’ এন ইৰ দৰে এক অনলাইন তথা ডিজিটেল মাধ্যমৰ খুবেই প্রয়োজন আছে।

“আমি এই আলোচনীখনক সমগ্র দেশৰ লগতে বিশেষকৈ উত্তৰ-পূর্বাঞ্চলৰ পাৰিপাৰ্শ্বিক অনুকূলতা প্রকাশৰ মাধ্যমৰ জৰিয়তে নিশ্চিত কৰাৰ হকে উৎসর্গা কৰিছো,” তেওঁ কয়।

আলোচনীখনৰ মুখ্য সম্পাদক উদয়ন বৰঠাকুৰে কয়, “পৰিবেশ সংৰক্ষণৰ প্রতি আমি আগবঢ়োৱা প্ৰচেষ্টাৰ উপৰিও জনসাধাৰণৰ আগত এই বিষয়বোৰ সহজতে দাঙি ধৰাটো অতি প্ৰয়োজনীয়। উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ লেখক আৰু উদীয়মান পৰিবেশ সাংবাদিক সকলক উৎসাহ আৰু উদগনি যুগুৱাটো এই আলোচনীখনৰ প্রধান লক্ষ্য।”

তেওঁ কয় যে যোৱা বছৰ তেওঁলোকে অনুমোদন কৰা ৫জন যুৱ সাংবাদিকৰ উত্তৰ-পূৰ্বাঞ্চলৰ কিছুমান জৈৱ বৈচিত্ৰ্য আৰু পৰিবেশ সংৰক্ষণ সম্পর্কীয় তথ্যৰ ভিত্তিত উলিওৱা লেখনি এই ইক’ এন ই-ত প্রকাশ পাব।

তেওঁ লগতে জনায় যে আলোচনীখন উদীয়মান প্রকৃতিপ্রেমীৰ আলোকচিত্ৰ, তথ্যচিত্র, গল্প আদি প্রকাশৰ বাবেও আগ্রহী।

ইচ্ছুক ব্যক্তিসকলক তেওঁ www.econe.inত উল্লেখ কৰা ঠিকনাৰ লগতে contact.econe@gmail.comত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

Related News