গোপন বুজাবুজি! : ৰাজ্যসভাৰ এখন আসন অগপক এৰি দিবনে বিজেপিয়ে?

AGP_BJP-570x320

লোকসভা নিৰ্বাচনৰ প্রতি লক্ষ্য ৰাখি অগপৰ সৈতে বিজেপিয়ে পুনৰ মিত্ৰতা সম্পন্ন হ’ল। এই মিত্ৰতাই এক কথাত কংগ্ৰেছৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত বিজেপিৰ চিন্তা কিছু পৰিমাণে দূৰ কৰিলে।

বিজেপিয়ে এই মিত্ৰতাৰ পাছত বিজেপিয়ে অগপক লোকসভাত তিনিখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এৰি দিব বুলি সদৰী কৰিছে। একেদৰে ৰাজ্যসভাৰো এখন আসনত অগপক প্ৰাৰ্থী থিয় কৰাবলৈ দিব বুলি চৰ্চা চলি আছে। কিন্তু সঁচাকৈয়ে এয়া হ’বনে?

পুনৰ মিত্ৰতাৰ ক্ষেত্ৰত যদি দুয়োটা দলৰ মাজত তেনে কোনো সিদ্ধান্ত হৈছে তাত এক বিশেষ বিষয় হেঙাৰ হ’ব নেকি?

অগপই বিজেপিৰে মিত্ৰতাৰ বন্ধনত পুনৰ আৱদ্ধ হোৱাৰ বাবে মঙলবাৰে হোটেল ৰেডিচন ব্লুত কৰা আলোচনাতো এই বিষয়টোৱে স্থান পাইছে। ৰাজ্যসভাৰ এখন আসন অগপক এৰি দিয়াৰ ক্ষেত্ৰত বিজেপিয়ে বিবেচনা কৰিব বুলি জানিবলৈ দিয়া বুলি অগপৰ সভাপতি অতুল বৰাইও প্ৰকাশ কৰিছে।

উল্লেখ্য যে, অহা ১৪ জুনত অন্ত পৰিব ৰাজ্য সভাৰ অসমৰ সাংসদ প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিং আৰু শান্তিয়াচ কুজুৰৰ কাৰ্যকাল।

খালি হ’বলগীয়া এই আসন দুখনৰ এখন বিজেপিয়ে ৰাখি আনখন অগপক এৰি দিলে সেইখন আসনৰ পৰা প্ৰাক্তন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক অগপই প্ৰক্ষেপ কৰাৰ সম্ভাৱনা প্ৰকাশ পাইছে। কিন্তু এই দুয়োখন আসনৰ বাবে হ’বলগীয়া নিৰ্বাচনত অগপই বিজেপিৰ পৰা এখন আসন পাব বুলি চৰ্চিত বিষয়টোত সন্দেহৰ অৱকাশ আছে।

কিয়নো শেহতীয়াভাৱে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ ক্ষেত্ৰত ৰাজ্যসভাত নিজৰ সদস্য কম থকাৰ বাবেই বিজেপিয়ে মুখথেকেচা খাবলগীয়া হৈছিল। গতিকে এই বিধেয়কখন পুনৰ উত্থাপন কৰাৰ ক্ষেত্ৰত বিজেপিয়ে ৰাজ্যসভাত দলটোৰ শক্তি বঢ়াই লোৱাটো অতি গুৰুত্বপূৰ্ণ বুলি ভবাটো স্বাভাৱিক।

তেনেক্ষেত্ৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা অগপক ৰাজ্যসভাৰ এখন আসন বিজেপিয়ে এৰি দিব জানো? বিজেপিয়ে ‘খাল খান্দি ঘৰিয়াল চপোৱা’ ধৰণৰ কাম যে কৰিব তাত সন্দেহ আছে।

যদি সঁচাকৈয়ে ৰাজ্যসভাৰ এখন আসন অগপক বিজেপিয়ে এৰি দিয়ে তেনেহ’লে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত অগপই পূৰ্বৰ স্থিতি সলনি কৰাৰ ক্ষেত্ৰত ৰাজী হৈছে বুলি ভবাৰো থল আছে।

গতিকে পৰবৰ্তী সময়ত এয়া কিমানদূৰ সত্য প্ৰতিপন্ন হয় সেয়াহে লক্ষণীয় হ’ব।