NORTHEAST NOW (Assamese)

আমি খিলঞ্জীয়াৰ বিৰুদ্ধে নেকি?

January 14, 2023 3:31 pm · ডঃ হীৰেন গোহাঁই
Updated: January 15, 2023 12:40 pm

আমি বামপন্থীবোৰ খিলঞ্জীয়া অসমীয়াৰ বিৰুদ্ধে বু্লি কেইটামান মহলে মাজে সময়ে তুমুল প্ৰচাৰ চলায়। কাৰণ উচ্ছেদ, মুশ্লিম-বিৰোধী প্ৰচাৰ আৰু হিন্দী-হিন্দুৰ সপক্ষে উগ্ৰ শ্লোগানৰ অশুভ প্ৰভাৱৰ বিৰুদ্ধে আমি জনমত গঠন কৰিবলৈ প্ৰচাৰ চলাওঁ আৰু আক্ৰান্ত লোকসকলৰ কাষত থিয় দিওঁ।

আজি খিলঞ্জীয়া অসমীয়া তেনেধৰণৰ বিপদৰ সন্মুখীন হৈছোঁ নে ? হোৱা হ’লে আমি প্ৰতিবাদকাৰীৰ আগশাৰীত থিয় দিলোঁহেতেন। কিন্তু আমি দেখাত এই সময়ত খিলঞ্জীয়া অসমীয়া ঠিক সেই ধৰণৰ প্ৰত্যক্ষ, মুকলি আৰু চৰকাৰৰ অনুমোদিত হিংস্ৰ আক্ৰমণৰ বলি হোৱা নাই।

কোৱা হৈছে, ভৱিষ্যতে হ’ব। মহাজন সকলে কেনেকৈ জানিলে? মুশ্লিমে জানি শুনি বহু সন্তানৰ জন্ম দিয়ে বুলি প্ৰচাৰ চলোৱা হয়। কাৰণ হেনো এয়ে যে এসময়ত সিহঁত সংখ্যাত ‘অসমীয়াতকৈ’ বেছি হৈ অসমীয়াৰ ওপৰত অত্যাচাৰ চলাব। আৰু এঠাইত কোৱা হৈছে যে বহু ঠাইত এনে অ-খিলঞ্জীয়া মুছলমানৰ উপদ্ৰৱত অসমীয়াই নিজ ভেটি এৰি পলাবলৈ বাধ্য হৈছে।

বহু শিয়ালে একেলগে হোৱা দিলেই সি চিৰসত্য হৈ নপৰে, বৰং সি শিয়ালৰ পৰিচয়হে দাঙি ধৰে। কাৰণ আমি কামৰূপ, গোৱালপাৰাত বহুদিন ধৰি এনে জনগোষ্ঠীৰ মানুহৰ লগত খিলঞ্জীয়া মানুহে মিলাপ্ৰীতিৰে বাস কৰাহে দেখিছোঁ। কিবা কথাত উখনাউখনি হ’লেও দুই সম্প্ৰদায়ৰ মাজত ৰক্তাক্ত সংঘৰ্ষ হোৱা নাই। কাৰণ উত্তৰ ভাৰতত কিছুমান মতলবী হিন্দুৰ চক্ৰান্তত সংঘৰ্ষ হয়, কিন্তু অসমত তেনে মতলবী হিন্দুৰ প্ৰভাৱ এতিয়াও ভয়ানক হৈ পৰা নাই।

মুশ্লিমৰ সংখ্যা গুৰুতৰভাবে বৃদ্ধি হ’লেই যে তেওঁলোকে খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ চলাব তেনে কোন কথা খাটাংকৈ ক’ব নোৱাৰি। আৰু যদি ধৰি লোৱা হয় যে সেইটো হ’বই, মুশ্লিমৰ জনসংখ্যা হ্ৰাস কৰিবলৈ এতিয়াৰ পৰা সমিল মিলেৰে নিশ্চিত কৰিব পাৰি। তেওঁলোকৰ মাজৰে কিছুসংখ্যকে বুজে আৰু ভাবে যে অপৰিবৰ্তিত বংশবৃদ্ধি তেওঁলোকৰ বাবেই ক্ষতিকৰ। সেইসকল লোকেৰে মিলি –জুলি এনে মুশ্লিম ৰাইজৰ মাজত প্ৰচাৰ চলাব পাৰি। যেনে, বহু সন্তানৰ জন্মৰ ফলত সন্তানে পিতৃ-মাতৃৰ আদৰ-সাদৰ পোৱাত বাধা দিয়ে। ভালকৈ খুৱাব পিন্ধাবও নোৱাৰে। তেনে বৃহৎ পৰিয়াল কেৱল দাৰিদ্ৰৰ কবলত পৰাই নহয়, সুশৃংখল স্নেহ-প্ৰেমৰ ৰস উছলি থকা পাৰিবাৰিক জীৱন এটাও যাপন কৰিব নোৱাৰে। বহু-বিবাহো এনেদৰে অপ্ৰীতিকৰ, অশুভ পৰম্পৰা বুলি তেনে পৰিয়ালক পতিয়ন নিয়াব পাৰি।

চৰ-চাপৰিত পৰিয়াল পৰিকল্পনা কেন্দ্ৰ নথকাৰ দৰে। চৰ-চাপৰিত তেনে পৰামৰ্শ, চিকিৎসা আৰু প্ৰয়োজনীয় সঁজুলি যোগান ধৰিব পৰা কেন্দ্ৰ স্থাপন কৰা উচিত। তেনেদৰে স্ত্ৰী-শিক্ষায়ো এপিনে সমাজত নাৰীৰ স্থান উচ্চ কৰিব আৰু তাৰ জৰিয়তে সচেতন হোৱা নাৰীৰ প্ৰতিৰোধৰ বাবে সন্তান বৃদ্ধিৰ যন্ত্ৰণাৰ ফলত নাৰীৰ দুৰ্দশাৰ ওৰ পৰিব।

এনে একো পৰামৰ্শ নলৈ কেৱল মুশ্লিমৰ সংখ্যা বৃদ্ধিক লৈ আতংক বিয়পাই দিয়া মহলৰ উদ্দেশ্য যে খিলঞ্জীয়াৰ সুৰক্ষা নহয়, বৰং খলঞ্জীয়াৰ নাম লৈ অসমত এক যুদ্ধ সদৃশ পৰিৱেশ ৰচনা কৰাহে, বুজিবলৈ বিশেষ কঠিন নহয়। পাঠকসকলে নাজানে বোধহয় যে আজি ষাঠি-সত্তৰ বছৰ পূৰ্বে অসমীয়া পিতৃ-মাতৃয়েও দহ-বাৰটা সন্তানৰ জন্ম দিছিল। জন্ম নিয়ন্ত্ৰণৰ ধাৰণা শিক্ষাৰ প্ৰসাৰৰ লগে লগে অসমীয়া সমাজত বিয়পি পৰিছিল। এতিয়া অসমীয়া গাঁওভূঁইতো পৰিয়ালৰ আকাৰ সীমিত। প্ৰব্ৰজনমূলীয় মুছলমান থকা অঞ্চলতো শিক্ষা, বিশেষকৈ স্ত্ৰী-শিক্ষাৰ প্ৰসাৰ হ’লে পৰিণাম একেই হ’ব। সেই পৰিণামে খিলঞ্জীয়াৰ শংকা দূৰ কৰিব। চৰকাৰে চৰ-চাপৰিত আধুনিক বিদ্যালয় আৰু পৰিয়াল কল্যাণ কেন্দ্ৰ স্থাপন কৰি দিলে বাঞ্চিত ফল পোৱা যাব। তাকে নকৰি মুছলমানক দিনে-নিশাই গালি-গালাজ কৰি থকাটো মুৰ্খামি নে বদমাচি?

আৰু এক অভিযোগ সত্ৰৰ মাটি বা চৰকাৰী মাটিত বেদখল। এই দুটা বিষয়ো শান্তচিত্তে পুনৰ্বিচাৰ কৰি চোৱা প্ৰয়োজন।

প্ৰথমতে ধৰা যাওক চৰকাৰী মাটিত বেদখলৰ কথাটো। ব্যক্তি মালিকৰ হাতত নথকা ৰাজ্যৰ সকলো মাটিয়েই চৰকাৰী মাটি। খহনীয়াই গাঁৱৰ পিছত গাঁও গ্ৰাস কৰাৰ পিছত খহনীয়াত গৃ্হহীন আৰু ভূমিহীনি মানুহে য’তেই খোপনি লয় সেই মাটিখিনিয়েই চৰকাৰী মাটি হ’বলৈ বাধ্য।

অৰ্থাৎ এটা চক্ৰান্তমূলক উদ্দেশ্যৰে এই আশ্ৰয়হীন, আতুৰ মানুহখিনিয়ে বাছি বাছি চৰকাৰী মাটি বেদখল কৰা নাই। য’তে খালি মাটি পাইছে তাতেই বহি লৈছে। কাৰণ তেওঁলোকে মাটিৰ ওপৰত বেলুনৰ দৰেও পৰি জীৱন-নিৰ্বাহ কৰিব নোৱাৰে। এওঁলোক বিদেশী বুলিও কাৰো হাতত প্ৰমাণ নাই। মুখৰ আৱাজৰ জোৰত কাকো বিদেশী সজাব নোৱাৰি। নাগৰিক হ’লে এনে আশ্ৰয়হীন মানুহক চৰকাৰেই মাটি দিব লাগিব। চৰকাৰ এই ক্ষেত্ৰত নিৰ্বিকাৰ হৈ থকাৰ বাবেই খহনীয়াই উচ্ছেদ কৰা মানুহখিনি ‘চৰকাৰী মাটি’ত বহি গৈছে। এতিয়া চৰকাৰ তেওঁলোকক পুনৰ উচ্ছেদ কৰিবলৈ লৈছে। দৰিদ্ৰ মানু্হখিনিক উৎকট জাৰৰ সময়ত একে খুন্দাতে শিশু সন্তানৰ সৈতে নিৰাশ্ৰয় কৰিছে। ইয়াতে আমাৰ একাংশ খিলঞ্জীয়া আপ্লুত হৈছে। তেওঁলোকৰ এনে ‘প্ৰভূত্ব’ৰ প্ৰতি এনে প্ৰব্ৰজিত মূলৰ মুছলমান কৃতজ্ঞ আৰু শ্ৰদ্ধাশীল হ’ব পাৰেনে? বৰং কিছুমান মুছলমান দুষ্কৃতিকাৰীৰ উচটনিত সাধাৰণ প্ৰব্ৰজিত মূলৰ এচাম মুছলমান খিলঞ্জীয়া বিৰোধী হ’লেও আচৰিত নহয়।

মুশ্লিম-বিৰোধী মনোভাব লৈ ধৰা হওঁক যে এই আটাইখিনি মানুহ বিদেশী । তেন্তে তেওঁলোকৰ ক্ষেত্ৰত কি ব্যৱস্থা লোৱা হয়? তেওঁলোকক খেদি দিব নোৱাৰি। কাৰণ চুবুৰীয়া কোনো দেশে তেওঁলোকক আশ্ৰয় নিদিব। ইমান নিযুত মানুহক কাটি মাৰি শেষ কৰিব পৰাও নাযায়। সমগ্ৰ ৰাজ্যতে অলৈ তলৈ খেদি ঘূৰাই ফুৰাবলৈ চৰকাৰৰো সামৰ্থ্য আৰু সময় নহ’ব।
অৰ্থাৎ ভালেও পাওঁ বা বেয়াই পাওঁ, আমি তেওঁলোকৰ লগত একেলগে বসবাস কৰি মিলি থাকিবই লাগিব। তেন্তে ভালে কুশলে মিলিজুলি থকাৰ বাহিৰে আমাৰ হাতত আন উপায় নাই। আহক আমি তেওঁলোকক সন্দেহ কৰা, লেই লেই চেই চেই কৰা বাদ দি তেওঁলোকক সুনাগৰিকৰূপে গঢ়িবলৈ চেষ্টা কৰোঁ। এনে চিন্তা মুঠেই খিলঞ্জীয়া বিৰোধী নহয়, বৰং খিলঞ্জীয়াৰ জীৱন আৰু সুৰক্ষা নিৰাপদ কৰিব পৰা চিন্তা।

চৰকাৰৰ খিলঞ্জীয়া-ধ্বংস অভিযান

এতিয়া পৰিকল্পিতভাবে চৰকাৰেই খিলঞ্জীয়া নাশৰ বাবে চেনেহৰ চুমাৰে নাকটি ছিঙাৰ যি ব্যৱস্থা কৰি আছে তাৰ পিনে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰোঁ।

গাঁও অঞ্চলৰ বয়সীয়াল মানুহৰ মুখত প্ৰায়ে শুনোঁ যে মানুহবোৰ এলেহুৱা আৰু নিৰ্ষ্কমা হ’ল। বিনামূলীয়া চাউলৰ হিতাধিকাৰী হোৱাৰ ফল আচলতে সাংঘাতিক অহিত। এনেকৈ নিৰুদ্বেগ হৈ চলি থাকিলে মানুহবোৰ তেনেই অকামিলা আৰু উদ্যমহীন হৈ পৰিব। আৰু তেতিয়াই ‘ওপৰৰ পৰা’ ৰুদ্ৰমূৰ্ত্তি ধৰা শাসকে হিতাধিকাৰী লোপ কৰি মানুহখিনিক পৈত্ৰিক মাটি বিক্ৰী কৰি দুদিন পিছত বাটৰ ভিখাৰী হ’বলৈ বাধ্য কৰিব। সাতামপুৰুষীয়া মাটি বনিয়াৰ হাতলৈ যাব। তাৰপিছত এদিন খিলঞ্জীয়াই বনিয়াৰ ঘৰত বা ব্যৱসায়ত গেবাৰি খটা মজুৰ হ’ব লাগিব। বিদেশী বুলি নাক কোঁচোৱা মানুহো কৃপাৰ ভিক্ষাৰী হ’ব লাগিব।

হিতাধিকাৰী কোনো সাংবিধানিক অধিকাৰ নহয়, বৰং ভোট কিনাৰ উপায় হিচাপে আৰু দৰিদ্ৰ জনতাৰ ৰোষৰ পৰা ৰক্ষা পৰিবলৈ ৰাজনৈতিক দল কিছুমানৰ পছন্দৰ এক কৌশল। ইতিমধ্যে বহু অৰ্থনীতিবিদে ইয়াক ‘বাজে খৰচ’ বুলি গৰিগণা দিছে, উচ্চতম ন্যায়ালয়েও ইয়াৰ বিৰুদ্ধে গম্ভীৰ সকীয়নি দিবলৈ ধৰিছে। আটাইতকৈ ডাঙৰ কথা, দেশৰ বিত্ত দপ্তৰৰ উচ্চ পদস্থ বিষয়াই এটা টোকাত এই ব্যৱস্থাই চৰকাৰৰ ধনভড়াঁলৰ টকা উদং কৰিব বুলি সতৰ্কবাণী শুনাইছে। হয়তো ২০২৪ ৰ নিৰ্বাচনৰ পিছতে আৰু দুবছৰমান পিছত এই ‘হিতাধিকাৰ’ নাকচ হৈ ‘তিতাধিকাৰ’ত পৰিণত হৈ ৰাইজক অথাই সাগৰত পেলাব। কাৰণ খেতিবাতিতো নোৱাৰেই, পৰিশ্ৰমী গঞা ৰাইজে উপাৰ্জন কৰাৰ কোনো আন দক্ষতা বা সামৰ্থ্য অৰ্জন নকৰিব তেতিয়ালৈ।

চৰকাৰে ধনখিনি এনেদৰে খৰচ নকৰি খেতিয়কে খেতিৰ ধানৰ পৰা যথেষ্ট আয় কৰাৰ ব্যৱস্থা কৰা – যেনে এম এছ পি (MSP) অৰ্থাৎ কৃষিজাত ফচলৰ নুন্যতম অনুমোদিত মূল্য, জলসিঞ্চন, শীতলগৃহ আদিৰ ব্যৱস্থা – প্ৰয়োজন আছিল। তাকে নকৰি জাতিৰ ৰাজহাড় ভাঙিবলৈ মানুহখিনি ধোদত পৰিণত কৰিছে।

এয়ে চৰকাৰৰ খিলঞ্জীয়াপ্ৰীতি। খিলঞ্জীয়াক উচটাই তেঁওলোকৰ বাপতিসাহোন আচল মিতিৰক গতাই দিয়াৰ চাতুৰি।

মহানগৰ নিগমৰ জনসেৱা

যোৱা পৌৰসভা নিৰ্বাচনত বিজেপি দলে বহু ছক্কা দান মাৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে জয় লাভ কৰাৰে পাছত নৱনিৰ্বাচিত পৰিষদ (Councilor) সকলে এখন সভাত মিলিত হৈ শপত খাই কৈছিল যে তেওঁলোকে ৰাইজৰ সেৱাৰ বাবে জান কবুল কৰিছে।

সেৱাৰ ভিতৰত বিভিন্ন কৰ বৃদ্ধি আৰু কৰ নিদিলে পানী-বিজুলী কৰ্ত্তন কৰাৰ সেৱা ৰাইজে বেছ পালে। এতিয়া পাৰিষদ সকলে সবিনয়ে সুধিছে ‘‘ঔৰ কই সেৱা?”

ৰাইজে ক’ব পৰা নাই, আৰু কি সেৱাই তেওঁলোকৰ শৰীৰৰ নোম থিয় কৰিব? ৰাইজ ইমানেই আপ্লুত যে আৰু কিবা বিচাৰিবলৈ মুখত ভাষা নাই।

আমি দুৰ্মতিয়েই সাহ কৰি দুটা পৰামৰ্শ দিব খোজোঁ। দুয়োটাই মানুহৰ জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ।
ডাক্তৰ সকলে কয় যে গেছ দি পকোৱা কল, বিলাহী, অমিতা আৰু বস্তাই-বস্তাই ইউৰীয়া আৰু কীটনাশক ঢালি চিকচিকিয়া কৰা কবি-বেঙেনা-লাও-পালেং শাক মানুহৰ স্বাস্থ্যৰ পক্ষে অতি অনিষ্টকৰ। এনে খাদ্য নিয়মিত খালে স্বাস্থ্য হানি অনিবাৰ্য।

নাগৰিকৰ সুস্বাস্থ্য নগৰ নিগম বা পৌৰ নিগমৰ বাবে অন্যতম প্ৰধান লক্ষ্য। গতিকে পৌৰ নিগমে এটা কাম কৰিলে নগৰবাসীৰ কৃতজ্ঞ প্ৰশংসা লাভ কৰিবই। কথাটো ৰাইজক জনাই বজাৰত দৈনিক পৰীক্ষা কৰি শাক-পাচলিৰ গুণাগুণ নিৰ্ণয় কৰি পৰীক্ষাত ফে’ল কৰা বিলাকক নিষিদ্ধ কৰিব লাগিব। এনে কাঢ়া ব্যৱস্থা ল’লে বিক্ৰেতাই নহয়, উৎপাদনকাৰীও সজাগ হ’ব। অৱশ্যে তাৰ এমাহ মান আগৰে পৰা বাতৰিকাকত-টিভিত জাননী দি থ’ব লাগিব। চিগাৰেটৰ দৰে অতি জনপ্ৰিয় নিচা এটা বন্ধ কৰা হৈছিল একে কাৰণতে। গতিকে এই পৰীক্ষাও সফল হ’ব।

একেলগে ইউৰিয়া দিয়া মাছো বন্ধ কৰিব পাৰে। অৱশ্যে যদিহে সঁচাকৈ সেৱা কৰাৰ মন থাকে!! আৰু সজকাম কৰাৰ সাহস থাকে।

Related News