NORTHEAST NOW (Assamese)

আলভাৰেজৰ যাদুকৰী গ’ল! ১০ জনৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে ৩-১ গ’লত জয়েৰে ছেমি ফাইনেলত মেছি বাহিনী

July 12, 2026 10:11 am · এন ই নাও নিউজ, গুৱাহাটী

বিশ্বকাপৰ নকআউট পৰ্যায়লৈ আৰ্জেণ্টিনাৰ যাত্ৰাত ভাগ্য প্ৰায় প্ৰতিখন মেচতে লিয়নেল মেছিৰ দলৰ পক্ষত আছে। আৰু লগতে  আছে লিয়নেল মেছিৰ যাদু। যিটোৱে অনিবাৰ্যভাৱে বিপক্ষৰ বাবে ভুতৰ ওপৰত দানহ পৰাদি পৰিছে। দেওবাৰে পুৱাও ইয়াৰ ব্যতিক্ৰম নাছিল। কিন্তু আজিৰ দিনটোত আৰু দুজনৰ চমক সংযোজন হ’ল। এগৰাকী জুলিয়ানা আলভাৰেজ আৰু আনজন গ’লৰক্ষক এমি মাৰ্টিনেজ।

কোৱাৰ্টাৰ ফাইনেলত চুইজাৰলেণ্ডৰ যোদ্ধাসকলে দুৰ্দান্ত যুঁজ দিছিল যদিও দিনটোৰ শেষত আৰ্জেণ্টিনাই শেষ হাঁহি মাৰিলে। আলভাৰেজৰ যাদুকৰী গ’লেৰে অতিৰিক্ত সময়ত ছুইজাৰলেণ্ডক ৩-১ গ’লত পৰাস্ত কৰি মেছি বাহিনী ছেমি ফাইনেলত প্ৰৱেশ কৰে।

বিশ্বকাপৰ নকআউটৰ প্ৰথম দুটা ৰাউণ্ডত আৰ্জেণ্টিনাই উজুটি খাই জয়লাভ কৰিবলগীয়া হৈছিল। কেপ ভাৰ্ডে প্ৰথম ৰাউণ্ডত মেছিৰ দলক যথেষ্ট চাপত পেলাইছিল। দ্বিতীয়খন খেলত মহম্মদ চালাহৰ ইজিপ্তই আৰ্জেণ্টিনাৰ অনুৰাগীৰ হৃদস্পন্দন বৃদ্ধি কৰিছিল। কোৱাৰ্টাৰ ফাইনেলতো ইয়াৰ ব্যতিক্ৰম নাছিল। দীৰ্ঘসময় ধৰি ১০জনৰ সৈতে খেলা সত্ত্বেও ছুইজাৰলেণ্ডে লিয়নেল মেছি বাহিনীক অতিৰিক্ত সময়লৈ টানি নিছিল।

দেওবাৰে পুৱা আৰ্জেণ্টিনাই মেচখন দুৰ্দান্তভাৱে আৰম্ভ কৰে। প্ৰথমটো গ’ল আৰ্জেণ্টিনাৰ মেক এলিষ্টাৰে কৰে। তাতো মেছিৰ যাদুৱে সহায় কৰিছিল। মেক এলিষ্টাৰে মাত্ৰ কৰ্ণাৰৰ পৰা লিঅ’ৰ নিখুঁত ক্ৰছত মূৰটো চুই বলটো নেটত সোমাই দিলে। সামগ্ৰিকভাৱে বিশ্বকাপত মেছিৰ এয়া আছিল দশমটো এছিষ্ট। এছিষ্টৰ সংখ্যাত তেওঁ কিংবদন্তি ডিয়েগো মাৰাডোনাক অতিক্ৰম কৰিলে।

কিন্তু সেই গ’লৰ পিছত লা আলবিচেলেষ্টে কেনেবাকৈ ম্লান হৈ পৰিল। একেৰাহে মেচ খেলাৰ ক্লান্তিয়ে নীলা-বগা ব্ৰিগেডৰ ফুটবলাৰসকলৰ ওপৰত যে চাপ আছিল সেয়া স্পষ্ট হৈ পৰিছিল। ছুইজাৰলেণ্ডে লাহে লাহে মেচলৈ ঘূৰি আহিবলৈ চেষ্টা কৰে। লগতে কেইবাটাও সুযোগৰো সৃষ্টি কৰিলে।

প্ৰথমাৰ্ধত চুইজাৰলেণ্ডে সমতা স্থাপন কৰিব নোৱাৰাৰ বাধা আছিল গ’লৰক্ষক এমি মাৰ্টিনেজ। যদি তেওঁ দুটামান ডাঙৰ ছেভ নকৰিলেহেঁতেন তেন্তে লিয়নেল স্কাল’নিৰ দলটো চাপত পৰিলহেঁতেন। বিশেষকৈ ৪১ মিনিটত ডিবুৱে নিজেই এটাৰ পিছত আনাটো চম্ভালি দলটোক ৰক্ষা কৰিলে সেইটো প্ৰশংসনীয় আছিল।

দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে চুইজাৰলেণ্ডৰ দলটোৱেও যথেষ্ট আধিপত্য বিস্তাৰ কৰিছিল। এইবাৰো ডিবুৱে কেইবাটাও কঠিন পৰীক্ষাৰ সন্মুখীন হ’বলগীয়া হ’ল। প্ৰতিবাৰেই তেওঁ চীনৰ দেৱালৰ দৰে দলটোক ৰক্ষা কৰিছিল। কিন্তু চুইজাৰলেণ্ডৰ আক্ৰমণ যেন বাঢ়ি গৈ থাকিল। অৱশেষত ৬৭ মিনিটত ছুইজাৰলেণ্ডৰ এনডোৱে অনবদ্য দলীয় গ’লেৰে খেলখন সমতা স্থাপন কৰে।

সেই সময়ত চুইজাৰলেণ্ডৰ সামান্য সুবিধাত থকা যেন লাগিছিল। কিন্তু ভাগ্যই আৰ্জেণ্টিনাক সদায় সহায় কৰি আহিছে। আজিও তেনেকুৱাই কৰিলে। ৭২ মিনিটত ডাইভিং কৰাৰ বাবে দ্বিতীয়খন হালধীয়া কাৰ্ড লাভ কৰাৰ পিছত ছুইজাৰলেণ্ডৰ ব্ৰিল এম্বোলোৱে ৰঙা কাৰ্ড লাভ কৰে। গ্ৰেনিট জাকাৰাৰ দল ১০ জনলৈ হ্ৰাস হ’ল। শেষত ১০ জনেৰে যুঁজ দিছিল। তাতেই তেওঁলোকে মেচখন অতিৰিক্ত সময়লৈ লৈ গ’ল।

অতিৰিক্ত সময়তো আৰ্জেণ্টিনাই ১০ জনীয়া চুইজাৰলেণ্ডৰ ডিফেন্সৰ ওপৰত বিশেষ হেঁচা প্ৰয়োগ কৰিব নোৱাৰিলে। এটা সময়ত এনে লাগিছিল যেন পেনাল্টিত মেচখনৰ ভাগ্য নিৰ্ণয় হ’ব। সেই সময়তে আলভাৰেজে নিজৰ যাদুকৰী মুহূৰ্তটো পাইছিল। বক্সৰ বাহিৰৰ পৰা আলভাৰেজে অবিশ্বাস্য গ’ল দি মেছি বাহিনীক জয়ৰ পথত আগুৱাই লৈ যায়। তাৰপিছত অৱশ্যে লাউটাৰো মাৰ্টিনেজৰ ভৰিৰ পৰাও আহিল আন এটা গ’ল। কিন্তু তেতিয়ালৈকে মেচখনৰ ভাগ্য নিৰ্ণয় হৈ গৈছিল।

Related News