• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ ১২০০ কোটি টকাৰ চাউলৰ দুৰ্নীতি; বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ ইথানল কেলেংকাৰী

দিল্লী আৰু উত্তৰ ভাৰতৰ এফ চি আই জ’নতো একেধৰণৰ দুৰ্নীতিৰ সন্ধান পোৱা গৈছে। গৰিব কল্যাণ যোজনাৰ বাবে অসমৰ লগতে অন্যান্য ৰাজ্যলৈ পঠিয়াব লগা চাউল ধান কল আৰু বজাৰলৈ গৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 12, 2026 9:09 am
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মন্দিৰৰ পিছত এইবাৰ চাউল দুৰ্নীতি। সেইটোও ডাবল ইঞ্জিন চৰকাৰৰ মধ্যপ্ৰদেশত। এফ চি আই গুদামৰ পৰা ৰাজসাহায্যযুক্ত চাউল ইথানল উৎপাদন কাৰখানালৈ প্ৰেৰণ কৰা হৈছিল। সেই চাউলৰ মজুত ব্যক্তিগত ধান কলত প্ৰেৰণ কৰা হয়। ইয়াতেই শেষ নহয়। সেই ধান কলৰ পৰা নথি-পত্ৰ প্ৰস্তুত কৰি চৰকাৰী প্ৰকল্পৰ বাবে বজাৰৰ পৰা চাউল ক্ৰয় আঁচনিৰ অধীনত একেখিনি চাউল চৰকাৰক বিক্ৰী কৰি দিয়া হৈছে। এইদৰে ৫ লাখ টন আঁতৰোৱা হৈছে! দুৰ্নীতিৰ পৰিমাণ? প্ৰায় ১২০০ কোটি টকা।

ইতিমধ্যে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উজ্জয়িনীত ভূমি দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। কেন্দ্ৰীয় মন্ত্ৰীয়ে নিজৰ মন্ত্ৰালয়ৰ পৰাই নিজৰ সংস্থাক ৰাজসাহায্য পোৱাৰ ব্যৱস্থা কৰি দিয়াৰ বিতৰ্ক পোহৰলৈ আহিছে। ৰাম মন্দিৰৰ পৰা বদ্ৰীনাথ হৈ বাগলামুখী মন্দিৰলৈকে ইটোৰ পিছত সিটো কেলেংকাৰীয়ে জোকাৰি গৈছে।

Apply Now

মোডী চৰকাৰৰ দ্বাদশ বছৰত পাণ্ডোৰাৰ বাকচৰ দৰে আৰ্থিক অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগত উত্তাল হৈ পৰিছে ৰাজনীতি। অথচ প্ৰধানমন্ত্ৰীয়ে নিজেই ঘোষণা কৰিছিল, ‘না খাউংগা না খানে ডুংগা’। প্ৰসংগটো কি আছিল?

কমনৱেলথ, ২জি, ইউ পি এ চৰকাৰৰ আৰ্থিক দুৰ্নীতিক লৈ বিতৰ্কৰ জোৱাৰৰ মাজত ক্ষমতালৈ আহিছিল মোডী চৰকাৰ। তাৰপিছতো কিন্তু বিজেপি চৰকাৰৰ শাসনত দুৰ্নীতি-অনিয়মৰ তালিকা দীঘলীয়া হৈ আহিছে।

শনিবাৰে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কয়, ‘মোডী চৰকাৰৰ কাৰ্যকালত প্ৰতিদিনে এটাকৈ দুৰ্নীতিৰ ঘটনা ফাদিল হৈছে। আৰু মধ্যপ্ৰদেশ সেই আৰ্থিক দুৰ্নীতিৰ কেন্দ্ৰবিন্দু। কেতিয়াবা চৰকাৰে দুখীয়াৰ বাবে আবণ্টন দিয়া গুদামত থকা চাউল ধান কললৈ গৈছে, আৰু কেতিয়াবা উত্তৰ-পূব ভাৰতৰ বাবে আবণ্টিত চাউল বজাৰলৈ গৈছে।’

ইতিমধ্যে মধ্যপ্ৰদেশ আৰক্ষীয়ে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। এটা বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰা হৈছে। তথাপিও সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ ঠিক আগতে বিতৰ্কৰ ঢৌ মাৰ যোৱা নাই।

দিল্লী আৰু উত্তৰ ভাৰতৰ এফ চি আই জ’নতো একেধৰণৰ দুৰ্নীতিৰ সন্ধান পোৱা গৈছে। গৰিব কল্যাণ যোজনাৰ বাবে অসমৰ লগতে অন্যান্য ৰাজ্যলৈ পঠিয়াব লগা চাউল ধান কল আৰু বজাৰলৈ গৈছে। ইতিমধ্যে কেন্দ্ৰীয় খাদ্য বিপণন মন্ত্ৰালয়ে এই অভিযোগ লাভ কৰাৰ পিছতে এফ চি আইৰ এজন কাৰ্যবাহী সঞ্চালককে ধৰি পাঁচজন লোকক নিলম্বন কৰিছে।

প্ৰশ্ন উত্থাপন হৈছে, আন কোন কোন ৰাজ্যত এনেদৰে এফ চি আইৰ গুদামৰ চাউল ব্যক্তিগত ধানকললৈ গৈ আছে? যদিও মধ্যপ্ৰদেশৰ চাউলৰ দুৰ্নীতিয়ে সকলো ঢাকি পেলাইছে। কাৰণ, ইথানল। ইয়াক পেট্ৰ’লৰ সৈতে মিহলি কৰাৰ ‘পৰিকল্পনা’ৰ বাবে তৎপৰ হৈ পৰিছে কেন্দ্ৰ। এতিয়া বজাৰত বিক্ৰী হৈছে ই-২০ পেট্ৰ’ল। অৰ্থাৎ প্ৰতি লিটাৰত ৮০ শতাংশ পেট্ৰ’ল, ২০ শতাংশ ইথানল। ইথানলৰ পৰিমাণ আৰু বৃদ্ধি কৰিব বিচাৰিছে চৰকাৰে। সেইটোৱেই বিতৰ্ক বৃদ্ধি কৰিছে।

শনিবাৰে অৰবিন্দ কেজৰিৱালে কয়, ‘কেন্দ্ৰীয় মন্ত্ৰীসকলে ইথানলৰ বিৰোধিতা কিয় অলপ সহ্য কৰিব নোৱাৰে? কি ৰহস্য আছে?’ আমোদজনক কথাটো হ’ল এই চৰকাৰী নীতিৰ বাবেই দেশৰ ইথানল কাৰখানাসমূহ যোৱা কেইবছৰমানৰ ভিতৰত আটাইতকৈ দ্ৰুত হাৰত বৃদ্ধি পাইছে। ইথানল বনাবলৈ চাউলৰ প্ৰয়োজন। আৰু কোম্পানীসমূহক সহায় কৰিবলৈ এফ চি আইৰ পৰা এই উদ্যোগসমূহলৈ সস্তা চাউল প্ৰেৰণ কৰা হয়।

কিন্তু মধ্যপ্ৰদেশৰ ছিণ্ডৱাৰাৰ এটা উদ্যোগলৈ পঠোৱা চাউল একেবাৰেই গৈ পোৱা নাছিল। তদন্তৰ অন্তত আৰক্ষীয়ে জানিব পাৰিছে যে চাউল বালাঘাট ধান কললৈ গৈছে। মধ্যপ্ৰদেশ আৰক্ষীয়ে নিজেই কৈছে যে এয়া সম্ভৱতঃ অভেদ্য দুৰ্গ। এক বৃহৎ চক্ৰই কাম কৰি আছে। আমি তাৰ শিপৈলৈ যাম।

কিন্তু প্ৰশ্ন উত্থাপন হয়, এফ চি আইৰ চাউল আন ঠাইলৈ প্ৰেৰণ কৰাৰ এই আন্তঃৰাজ্যিক ধাৰাটো কিমান দিনৰ পৰা চলি আছে? ৰাম মন্দিৰৰ প্ৰণামীৰ পৰা আৰম্ভ কৰি নিট বিতৰ্কলৈকে, ভূমি দুৰ্নীতিৰ পৰা চাউল কেলেংকাৰিলৈকে দুৰ্নীতিৰ জোৱাৰ। সংসদৰ বৰ্ষাকালীন অধিৱেশনত ধুমুহাৰ সম্ভাৱনা স্পষ্ট।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd