চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰিব অৰিজিৎ সিঙে: মমতা বেনাৰ্জীয়ে দিলে সহায়ৰ প্ৰতিশ্ৰুতি

Arijit Singh

সুৰীয়া কণ্ঠৰে দেশবাসীৰ হৃদয় জিনা জনপ্ৰিয় গায়ক অৰিজিৎ সিঙে এইবাৰ আন এক ক্ষেত্ৰত ভৰি দিবলৈ সাজু হৈছে। কণ্ঠৰ মায়াজালেৰে যুৱপ্ৰজন্মক ডুবাই ৰখা গায়কগৰাকীয়ে যুৱপ্ৰজন্মৰ শিক্ষাৰ সহায়ক হোৱাকৈ এখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ মন মেলিছে।

ইতিমধ্যে অৰিজিৎ সিঙে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক এই প্ৰস্তাৱ আগবঢ়াইছে আৰু বেনাৰ্জীয়েও এই প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাই সকলো ধৰণৰ সহায় আগবঢ়োৱা হ’ব বুলি প্ৰতিশ্ৰুতি দিছে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শেহতীয়াকৈ এই কথা সদৰী কৰিছে।

অৰিজিৎ সিঙৰ প্ৰশংসাত পঞ্চমুখ মমতা বেনাৰ্জীয়ে গায়কগৰাকীক মাটিৰ মানুহ আখ্যা দিয়ে। সহজ-সৰল স্বভাৱৰ বাবে অনুৰাগীৰ মাজত বিশেষভাৱে জনপ্ৰিয় অৰিজিৎ সিঙক নিৰহংকাৰী ব্যক্তি বুলিও আখ্যা দিয়ে বেনাৰ্জীয়ে।

উল্লেখ্য যে শেহতীয়াকৈ বংগত অৰিজিৎ সিঙৰ এক অনুষ্ঠান বাতিল হৈছিল। বিগত বৰ্ষৰ সামৰণিৰ ফালে অনুষ্ঠিত হোৱা জি-২০ বৈঠকৰ প্ৰস্তুতিৰ মাজতে বাতিল কৰা হৈছিল অৰিজিৎ সিঙৰ কনচাৰ্ট। এই লৈ কিছু বিতৰ্কৰো সূত্ৰপাত হৈছিল।

মমতা বেনাৰ্জীয়ে শেহতীয়াকৈ অৰিজিৎ সিঙৰ এই পৰিকল্পনা সন্দৰ্ভত কয় যে বংগ চৰকাৰে সদায় ভাল কামক সমৰ্থন কৰিবলৈ ইচ্ছুক। বেনাৰ্জীয়ে কয়, “মুৰ্ছিদাবাদৰ মাটিৰ পুত্ৰ অৰিজিৎ এগৰাকী আচৰিত গায়ক। তেওঁ আমাক গৌৰৱান্বিত কৰিছে। সিঙে জাংগীপুৰত এখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ ইচ্ছা প্ৰকাশ কৰিছে।

“আজি মই ইয়াত উপস্থিত হৈ এই কথা ক’ব পাৰো যে আপুনি চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰক আৰু মই সকলো সম্ভৱ সহায় আগবঢ়াম। অৰিজিৎ এগৰাকী ‘ডাউন টু আৰ্থ’ ব্যক্তি। তেওঁৰ কোনো অহংকাৰ নাই আৰু সেইটোৱেই তেওঁৰ আটাইতকৈ ডাঙৰ গুণ।”— মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে লগতে কয়।