সম্বৰ্ধনাৰ নামত মেলা পাতি হিমাৰ ক্ষতি নকৰিব : অৰ্জুন ভোগেশ্বৰ বৰুৱা  

image1535371800385

‘‘হিমাক হিমাৰ ভাগে থাকিবলৈ দিয়ক, সম্বৰ্ধনাৰ নামত মেলা পাতি, বাহ বাহ ল’বলৈ সম্বৰ্ধনা অনুষ্ঠান পাতি হিমাক নষ্ট নকৰিব৷ সম্বৰ্ধনাৰ পৰিৱৰ্তে অলিম্পিকৰ বাবে প্ৰস্তুত হ’বলৈ দিয়ক হিমাক৷ চৰকাৰ, অসমবাসী আৰু হিমাৰ গাঁওবাসীকো হিমাক সম্বৰ্ধনাৰ নামত হিমাৰ ক্ষতি সাধন কৰাতকৈ তেওঁক খেলিবলৈ সুবিধা দিয়ক।’’ হিমাই এছিয়ান গেমছত প্ৰদৰ্শন কৰা শেহতীয়া সাফল্যৰ পাছত এই মন্তব্য  কৰিছে  অৰ্জুন ভোগেশ্বৰ বৰুৱাই৷

শিৱসাগৰত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত অৰ্জুন গৰাকীয়ে হিমাক এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰাৰ বাবে শুভেচ্ছা জনায় আৰু কয়, ‘‘অসমত সকলো হ’ব পাৰে ৷ হিমাক লৈও ৰাজনীতি চলিব৷ কোন ফালৰ পৰা কোনে খোঁচা বিন্ধা কৰিব ঠিক নাই৷’’ সেয়েহে কুটিল ৰাজনৈতিক পাকচক্ৰৰ পৰা আঁতৰত থাকি অসমৰ পৰা বাহিৰত একাগ্ৰচিত্তে অনুশীলনত মন দিবলৈ হিমাক উপদেশ দিছে অৰ্জুন ভোগেশ্বৰ বৰুৱাই৷

ক্ৰীড়াৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰৰ নীতিকো সমালোচনা কৰিছে ভোগেশ্বৰ বৰুৱাই। সৰ্বানন্দ সোণোৱালে ক্ৰীড়াৰ ক্ষেত্ৰত আগভাগ লৈছে যদিও আশানুৰূপভাৱে কাম কৰিব পৰা নাই বুলি খেদ প্ৰকাশ কৰিছে বৰুৱাই৷ অৰ্জুন গৰাকীয়ে বিচৰা ধৰণে ক্ৰীড়া ক্ষেত্ৰৰ কাম নোহোৱাৰ ক্ষোভতে ক্ৰীড়াৰ পৰা সম্পূৰ্ণ নিজকে আঁতৰাই আনিব ক্ৰীড়াবিদগৰাকীয়ে।

ৰাজ্য চৰকাৰে গাঁৱে গাঁৱে ক্ৰীড়া স্কুল পতাৰ সিদ্ধান্ত লোৱাৰ পৰিবৰ্তে ৰাজ্য খেলপথাৰ সমূহত ক্ৰীড়া প্ৰতিভাই অনুশীলন কৰিব পৰাৰ ব্যৱস্থা কৰাৰ লগতে আন্ত:গাঁথনি উন্নয়ন কৰাৰ বাবে আহ্বন জনায়  অৰ্জুন ভোগেশ্বৰ বৰুৱাই৷