NORTHEAST NOW (Assamese)

সময়ত ভৰসা হৈ কাষত থিয় দিছিল ৰতন টাটা; ‘গুৰুৰ জন্মদিন’ত ডাঙৰ সিদ্ধান্ত ল’লে শিষ্যই

December 29, 2024 5:23 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 29, 2024 5:24 pm

যেতিয়া ভৰসা দিবলৈ কোনো নাছিল, তেতিয়া তেওঁ আছিল। কেৱল টকাৰে ষ্টাৰ্ট আপটোক সহায় কৰাই নহয়, কোম্পানীটোক একপ্ৰকাৰ আপডাল কৰি ৰাখিছিল। তেওঁ ৰতন টাটা। তেওঁ এতিয়া নাই।

কিন্তু গুৰুজনাৰ কথা মনত ৰৈ গৈছে শিষ্যৰ। যেতিয়া টাটাৰ মৃত্যুত চৌদিশে স্মৃতিচাৰণ হৈছিল, তেতিয়া এজনে মনে মনে এক ডাঙৰ পদক্ষেপৰ বাবে প্ৰস্তুতি চলাইছিল।

শিষ্য অৰ্জুন দেশপাণ্ডেই গুৰুৰ জন্মদিনত এটা ডাঙৰ সিদ্ধান্ত লৈ পেলায়। ছ’চিয়েল মিডিয়াত পোষ্ট কৰি তেওঁ ৰতন টাটাৰ জন্মদিনত শ্ৰদ্ধাঞ্জলি জনাই ৮৭ জন কৰ্কট ৰোগীক বিনামূলীয়া ঔষধ বিতৰণ কৰিছে।

তেওঁ লগতে লিখিছে, ‘পৰামৰ্শদাতা গুৰুক দিয়া কথা পালন ৰাখিবলৈ সক্ষম হৈছো।’ তেওঁ লগতে আগন্তুক এবছৰ কেন্সাৰ ৰোগীক কম খৰচত ঔষধ যোগান ধৰিব বুলিও কয়।

অৰ্জুন জেনেৰিক আধাৰৰ মুৰব্বী। এই কোম্পানীটো প্ৰতিষ্ঠা কৰাৰ সময়ত তেওঁৰ ষ্টাৰ্টআপত কোনেও ধন বিনিয়োগ কৰিব বিচৰা নাছিল। কিন্তু সেই সময়ত তেওঁৰ কাষত থিয় দিছিল ৰতন টাটা।

অৰ্জুনে নিজৰ পোষ্টত লিখিছে, ‘ৰতন টাটা ছাৰে সদায় কৈছিল যে কেন্সাৰ ঔষধ কেৱল ধনী মানুহৰ বাবেই নহয়, প্ৰতিজন ব্যক্তিয়েই যেন ইয়াৰ ব্যয় বহন কৰিব পাৰে।’ সেই অনুসৰি ৰতন টাটাৰ ৮৭ সংখ্যক জন্মদিনত তেওঁ ৮৭ জন ৰোগীক জেনেৰিক আধাৰৰ পৰা বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰে।

Related News