মাৰ্ঘেৰিটাৰ কৈলাসপুৰত অচিনাক্ত বন্দুকধাৰীয়ে দিন দুপৰতে লুটি নিলে দুই লক্ষাধিক টকা 

Robery

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত বৰডুমচা আৰক্ষী থানাৰ অধীনৰ অসম-অৰুণাচল সীমান্তৰ কৈলাসপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ সমীপৰ তিনি আলিৰ পৰা শুকুৰবাৰে আবেলি অচিনাক্ত বন্দুকধাৰীয়ে এটা বিত্তীয় প্ৰতিষ্ঠানত কৰ্মৰত এগৰাকী কৰ্মচাৰীৰ পৰা দুই লক্ষাধিক টকা লুটি লৈ যায়।

ভূক্তভোগী কৰ্মচাৰীজন ‘চেটিং ক্ৰেডিট কেয়াৰ লিমিটেড’  নামৰ বিত্তীয় প্ৰতিষ্ঠানৰ ৰিতু শইকীয়া বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণী মতে, ৰিতু শইকীয়াই শুকুৰবাৰে আবেলি প্ৰায় ৩-৩০ মান বজাত বিত্তীয় প্ৰতিষ্ঠানটোৱে কৈলাসপুৰ, মহং, তালপথাৰ আদি কেইবাখনো গাঁৱত আত্মসহায়ক গোটৰ বাবে দিয়া ঋণৰ বাবদ পাবলগীয়া মাহেকীয়া কিস্তি সংগ্ৰহ কৰি উভতি আহি আছিল।

উভতি আহি থকাৰ সময়তে হিৰো স্প্লেণ্ডাৰ বাইকত অহা দুজন হেলমেট পৰিহিত বন্দুধাৰীয়ে কৈলাসপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ সমীপৰ তিনিআলিৰ কাষত বাট আগচি ধৰে কৰ্মচাৰী ৰিতু শইকীয়াক।

অস্ত্ৰধাৰী ডকাইত দুজনে ভাবুকি দি কৰ্মচাৰীজনৰ হাতত থকা প্ৰায় দুই লক্ষাধিক টকা লুট কৰি পলাই যায়।

আনহাতে, ঘটনাৰ বিষয়ে কাষতে থকা টঙনা আৰক্ষীয়ে জানিব পৰাত ঘটনাস্থলীত উপস্থিত হয় যদিও কোনো দুৰ্বিত্তক বাতৰি সংগ্ৰহ কৰাৰ সময়লৈ কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নায়।

ইতিমধ্যেই ঘটনা সংক্ৰান্তত ডকাইতিৰ কবলত পৰা কৰ্মচাৰীগৰাকীৰ অভিযোগৰ ভিত্তিত বৰডুমচা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে৷