• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰাগাৰত সশস্ত্ৰ আক্ৰমণ চলাই ৪ হাজাৰ কয়দীক উলিয়াই নিলে দুৰ্বৃত্তই!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 4, 2024 12:28 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৰিবিয়ান দেশ হাইটিত সংঘটিত হৈছে এই ঘটনা। দেশৰ এখন কাৰাগাৰত সশস্ত্ৰ আক্ৰমণ চলাই দুৰ্বৃত্তই উলিয়াই লৈ ​​যায় প্ৰায় ৪ হাজাৰ কয়দীক।

এই কাৰাবন্দীসকলৰ ভিতৰত দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জোভেনেল ম’ছৰ হত্যাকাণ্ডৰ সৈতে জড়িত গেঙৰ সদস্যসকলো আছিল।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি হাইটিৰ ৰাজধানী প’ৰ্ট অ’ প্ৰিন্সৰ মূল কাৰাগাৰত সশস্ত্ৰ দুৰ্বৃত্তই আক্ৰমণ কৰে। স্থানীয় এক সাংবাদিকে জানিবলৈ দিয়া মতে, ৪ হাজাৰ কয়দীৰ অধিকাংশই পলায়ন কৰিছে।

শেহতীয়া বছৰবোৰত আটাইতকৈ দৰিদ্ৰ দেশ হাইটিত হিংসাত্মক পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। প্ৰধানমন্ত্ৰী এৰিয়েল হেনৰীক উৎখাত কৰিবলৈ কাম কৰা সশস্ত্ৰ গোটসমূহে হাইটিৰ ৰাজধানী প’ৰ্ট অ’ প্ৰিন্সৰ প্ৰায় ৮০ শতাংশ নিয়ন্ত্ৰণ কৰে।

লগতে পঢ়কঃ বিজেপিৰ প্ৰাৰ্থী তালিকাত নাই নাম; ৰাজনীতিৰ পৰাই সন্ন্যাস ল’লে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ বৰ্ধনে!

বাতৰি অনুসৰি, যোৱা বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে হিংসাৰ শেহতীয়া কাণ্ড। সেইদিনা দেশখনৰ প্ৰধানমন্ত্ৰীয়ে নাইৰোবি ভ্ৰমণ কৰি কেনিয়াৰ নেতৃত্বত বহুজাতিক নিৰাপত্তা বাহিনী হাইটিলৈ প্ৰেৰণৰ বিষয়ে আলোচনা কৰে।

তেতিয়াই গেং লিডাৰ জিমি চেৰ্জিয়েৰে (ডাকনাম ‘বাৰ্বিকিউ’) তেওঁক (প্ৰধানমন্ত্ৰী এৰিয়েল হেনৰী) অপসাৰণ কৰিবলৈ সমন্বিত আক্ৰমণৰ কথা ঘোষণা কৰে। প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীয়ে কয় যে আমি সকলো প্ৰাদেশিক চহৰসমূহৰ সশস্ত্ৰ গোট আৰু ৰাজধানীৰ সশস্ত্ৰ গোটসমূহ একত্ৰিত।

ৰাজধানী প’ৰ্ট অ’ প্ৰিন্সত সংঘটিত কেইবাটাও হত্যাকাণ্ডৰ আঁৰত গেং লীডাৰ জিমি চেৰ্জিয়েৰ বুলি অনুমান কৰা হৈছে।

সমন্বিত আক্ৰমণৰ কথা ঘোষণা কৰাৰ পিছতে এই গুলীচালনাত চাৰিজন আৰক্ষী বিষয়া নিহত হোৱাৰ লগতে ৫জন লোক আহত হয়।

লগতে পঢ়কঃ বিজেপিক তীব্ৰ প্ৰত্যাহ্বনেৰে বিহাৰত I.N.D.I.A.ৰ বিশাল জনসভা; বজালে নিৰ্বাচনী ৰণশিঙা

তাৰ পিছতে ইউনিয়ন প’ৰ্ট অ’ প্ৰিন্সৰ মুৰব্বীয়ে হাইটিৰ আৰক্ষীক কাৰাগাৰৰ নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাত সামৰিক বাহিনীক সহায় কৰিবলৈ কয়। কিন্তু শনিবাৰে গভীৰ নিশা কাৰাগাৰৰ চৌহদত আক্ৰমণ চলে।

এই আক্ৰমণৰ পিছত দেওবাৰে কাৰাগাৰৰ দুৱাৰ খোলা আছিল আৰু নিৰাপত্তাৰক্ষীৰ কোনো চিন-মোকাম নাছিল। এই সময়ত প্ৰায় সকলো বন্দী পলাই গ’ল। অৱশ্যে কাৰাগাৰৰ চোতালৰ ভিতৰত পলাবলৈ চেষ্টা কৰা তিনিজন কয়দীক মৃত অৱস্থাত উদ্ধাৰ হোৱা বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

কাৰাগাৰৰ এজন স্বেচ্ছাসেৱী কৰ্মীয়ে কয় যে ৰাষ্ট্ৰপতি মইজেছক হত্যা কৰাৰ অভিযোগত কাৰাগাৰত ভৰ্তি হোৱা কলম্বিয়াৰ প্ৰাক্তন সৈনিককে ধৰি ৯৯ জন কয়দীয়ে গুলীয়াগুলিত নিহত হোৱাৰ ভয়ত কাৰাগাৰতে বন্দী হৈ থাকিবলৈ বাছি লৈছিল।

লগতে পঢ়কঃ ব্ৰহ্মপুত্ৰ নদীত সাঁতুৰিবলৈ নামি সন্ধানহীন যুৱক

প্ৰাক্তন ৰাষ্ট্ৰপতি জোভেনেল মইইছক হত্যা কৰাৰ পিছৰে পৰা হাইটিত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে। তেওঁৰ ঠাইত কাকো স্থলাভিষিক্ত কৰা হোৱা নাই আৰু ২০১৬ চনৰ পৰা কেৰিবিয়ান দেশখনত নিৰ্বাচন অনুষ্ঠিত হোৱা নাই।

হাইটিত যদিও ৰাজনৈতিক চুক্তিৰ অধীনত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল আৰু নিৰ্বাচিত নোহোৱা প্ৰধানমন্ত্ৰী এৰিয়েল হেনৰীয়ে ৭ ফেব্ৰুৱাৰীৰ ভিতৰত পদত্যাগ কৰাৰ কথা আছিল, সেয়া নহ’ল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

September 8, 2025 9:00 pm
প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে হাতী কৰিড’ৰত বাঁহৰ বেৰিকেড! ক্ষুব্ধ স্থানীয় ৰাইজৰ প্ৰতিবাদ

প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে হাতী কৰিড’ৰত বাঁহৰ বেৰিকেড! ক্ষুব্ধ স্থানীয় ৰাইজৰ প্ৰতিবাদ

September 8, 2025 8:50 pm
কাঠফুলা খুৱাই হত্যা নিজ পৰিয়ালক! তিনিবাৰকৈ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি এৰিন পেটাৰছনক

কাঠফুলা খুৱাই হত্যা নিজ পৰিয়ালক! তিনিবাৰকৈ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি এৰিন পেটাৰছনক

September 8, 2025 8:30 pm
অসমৰ পৰা বিতাড়নৰ কৰা হ’ল ১৮ জন বাংলাদেশী অনুপ্ৰৱেশকাৰী : সদৰী কৰিলে মুখ্যমন্ত্ৰীয়ে

অসমৰ পৰা বিতাড়নৰ কৰা হ’ল ১৮ জন বাংলাদেশী অনুপ্ৰৱেশকাৰী : সদৰী কৰিলে মুখ্যমন্ত্ৰীয়ে

September 8, 2025 7:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

September 8, 2025 9:00 pm
প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে হাতী কৰিড’ৰত বাঁহৰ বেৰিকেড! ক্ষুব্ধ স্থানীয় ৰাইজৰ প্ৰতিবাদ

প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে হাতী কৰিড’ৰত বাঁহৰ বেৰিকেড! ক্ষুব্ধ স্থানীয় ৰাইজৰ প্ৰতিবাদ

September 8, 2025 8:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd