• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰত আন এক চাঞ্চল্য! বেংকৰ পৰা ১৮.৮৫ কোটি টকা লুট অস্ত্ৰধাৰী দুৰ্বৃত্তৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 1, 2023 7:03 pm
Manipur
4.3k
VIEWS
Share on FacebookShare on Twitter

গোষ্ঠীসংঘৰ্ষই জুৰুলা কৰা মণিপুৰলৈ এতিয়াও ঘূৰি অহা নাই শান্তি। যোৱা মে’ মাহৰ পৰাই উপত্যকাটোত চলি থকা হিংসাত্মক কাৰ্যকলাপৰ পৰিণতিত ৰাজ্যখনত আইন-শৃংখলা পৰিস্থিতিৰ ব্যাপক স্খলন ঘটিছে।

এনে পৰিস্থিতিৰ মাজতে ৰাজ্যখনৰ উখৰুল জিলাত বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ১০ জন অচিনাক্ত অস্ত্ৰধাৰী লোকৰ এটা দলে পঞ্জাৱ নেশ্যনেল বেংকৰ পৰা ১৮.৮৫ কোটি টকা লুটপাত কৰিছে।

যোৱা ৩ মে’ৰ পৰা চলি মণিপুৰত চলি থকা জনগোষ্ঠীয় সংঘৰ্ষৰ সময়ত এয়া ৰাজ্যখনত তৃতীয়টো বেংক লুটপাতৰ ঘটনা। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বেংকৰ মেনেজাৰ আৰু কৰ্মচাৰীয়ে দিনটোৰ বাবে লেনদেন আৰু জমা কাম শেষ কৰিছিল।

কিন্তু ঘটনা সংঘটিত হোৱাৰ সময়ত মূল গেটৰ শ্বাটাৰ বন্ধ কৰি ভিতৰত কাম কৰি আছিল। হঠাতে দহজন অস্ত্ৰধাৰী লোক কেৱল বেংকৰ কৰ্মচাৰীয়ে ব্যৱহাৰ কৰা প্ৰৱেশদ্বাৰেৰে সোমাই আহে।

ভিতৰত প্ৰৱেশ কৰি অস্ত্ৰধাৰী দলটোৱে ষ্ট্ৰং ৰুমৰ ওচৰত কৰ্তব্যৰত মেনেজাৰ আৰু এজন নিৰাপত্তাৰক্ষীক আগুৰি ধৰে আৰু ইয়াৰ পিছতে বেংকৰ পৰা ১৮.৮৫ কোটি টকা লুট কৰি ঘটনাস্থলীৰ পৰা আঁতৰি যায়।

এই সমগ্ৰ ঘটনা বেংকৰ ভিতৰত স্থাপন কৰা চিচিটিভি কেমেৰাত ধৰা পৰে। চিচিটিভি ফুটেজত এ কে ছিৰিজৰ ৰাইফলকে ধৰি বিভিন্ন ধৰণৰ অস্ত্ৰৰে সজ্জিত দলটো দেখিবলৈ পোৱা গৈছে।

দলটোৱে খাকী ইউনিফৰ্ম আৰু ট্ৰেকছুট পৰিধান কৰা বুলি চিচিটিভি ফুটেজৰ আধাৰত আৰক্ষীয়ে প্ৰকাশ কৰিছে। বেংকৰ ভাৰপ্ৰাপ্ত মেনেজাৰগৰাকীয়ে জানিবলৈ দিয়া মতে, বেংকত মুঠ আঠজন নিৰাপত্তা কৰ্মী নিযুক্তি দিয়া হৈছে।

অৱশ্যে ডকাইতি সংঘটিত হোৱাৰ সময়ত সকলো নিৰাপত্তাৰক্ষী বেংকত উপস্থিত নাছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে আৰু বেংকৰ সকলো কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষীক জেৰা কৰিছে।

Recent News

পানী মিহলোৱা ডিজেল; পথৰ মাজতে বিকল হৈ পৰিল বিজেপিৰ মুখ্যমন্ত্ৰীৰ কনভয়ৰ ১৯খন বাহন

পানী মিহলোৱা ডিজেল; পথৰ মাজতে বিকল হৈ পৰিল বিজেপিৰ মুখ্যমন্ত্ৰীৰ কনভয়ৰ ১৯খন বাহন

আই আই টি মাদ্ৰাজৰ কেম্পাছত যৌন নিৰ্যাতন : গ্ৰেপ্তাৰ বহিঃৰাজ্যৰ যুৱক

আই আই টি মাদ্ৰাজৰ কেম্পাছত যৌন নিৰ্যাতন : গ্ৰেপ্তাৰ বহিঃৰাজ্যৰ যুৱক

সলনি হৈছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সমীকৰণ : ভাষা বিতৰ্কত একেলগে থিয় দিছে উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

সলনি হৈছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সমীকৰণ : ভাষা বিতৰ্কত একেলগে থিয় দিছে উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

কানাডাৰ সৈতে বাণিজ্যিক আলোচনা : কি কি সিদ্ধান্তৰ কথা ঘোষণা কৰিলে ট্ৰাম্পে?

কানাডাৰ সৈতে বাণিজ্যিক আলোচনা : কি কি সিদ্ধান্তৰ কথা ঘোষণা কৰিলে ট্ৰাম্পে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd