NORTHEAST NOW (Assamese)

গুৱাহাটীত ব্যৱসায়ীৰ ঘৰত অস্ত্ৰধাৰী ডকাইতৰ তাণ্ডৱ; লুটি নিলে ১০ লাখ টকাৰ মূল্যৱান সামগ্ৰী

September 23, 2023 12:50 pm · এন ই নাও নিউজ, গুৱাহাটী
প্রতিনিধিত্বমূলক ফটো।

শুকুৰবাৰে নিশা গুৱাহাটীৰ বামুণীমৈদামত অস্ত্ৰধাৰী ডকাইতৰ দলে এজন ব্যৱসায়ীৰ ঘৰত তাণ্ডৱ চলাই ১০ লাখ টকাৰ গহনা, নগদ ধন, আৰু অন্যান্য মূল্যৱান সামগ্ৰী লুটি নিয়ে।

বাতৰি মতে, ছয়ৰ পৰা সাতজনীয়া ডকাইতৰ দলটোৱে ডেগাৰ লৈ ব্যৱসায়ী প্ৰাণজিত দাস আৰু তেওঁৰ পৰিয়ালৰ লোকক অজ্ঞাত পদাৰ্থ ছটিয়াই লুটপাত চলায়।

এই সন্দৰ্ভত চান্দমাৰী থানাত এটা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত অব্যাহত আছে।

লগতে পঢ়ক: মাত্ৰ ৩ টকাত ৰুটি, ১০০ টকাত চিকেন বিৰিয়ানী! নতুন সংসদ ভৱনৰ কেন্টিনত খাদ্যৰ দাম কিমান?

জানিব পৰা মতে, দুচকীয়া বাহনত আহিছিল অভিযুক্তসকল।

এই কাণ্ডৰ পিছত স্থানীয় লোকে অঞ্চলটোত কোনো ধৰণৰ আৰক্ষীৰ টহল নথকাৰ অভিযোগ উত্থাপন কৰি লগতে কয় যে অঞ্চলটোত আৰক্ষীৰ উপস্থিতি অতি নগন্য।

এই ঘটনা সংঘটিত হোৱা অঞ্চলটো নুনমাটি আৰক্ষী থানা আৰু চান্দমাৰী আৰক্ষী থানাৰ ঠিক মাজত পৰে।

লগতে পঢ়ক: জিমত ৱৰ্কআউট কৰাৰ সময়ত কিয় হাৰ্ট এটেক হয়? মৃত্যুৰ আশংকাৰ পৰা হাত সাৰিবলৈ কি কৰিব?

অৱশ্যে এই ঘটনাত কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই।

Related News