আজাৰবাইজান-আৰ্মেনিয়াৰ যুদ্ধকলৈ চিন্তিত বিশ্ব, মধ্যস্থতাৰ প্ৰস্তাৱ ছুইজাৰলেণ্ডৰ

armenia-aze

দীৰ্ঘ দিনৰ বিৰতিৰ অন্তত পুনৰ যুদ্ধৰ দামামা বাজি উঠিছে আজাৰবাইজান আৰু আৰ্মেনিয়াৰ মাজত।

এতিয়ালৈকে এই যুদ্ধত নিহত হৈছে দুয়ো পক্ষৰ শতাধিক সৈনিক। ইপিনে আজাৰবাজিানৰ পক্ষত থিয় দিছে তুৰস্কই।

তুৰস্কৰ সেনাই আজি ভুলতে নিজৰ দেশৰেই এখন যুদ্ধ বিমান ধ্বংস কৰা বুলি দাবী কৰিছে আৰ্মেনিয়াই।

এই যুদ্ধ যাতে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰ বাবে ৰাষ্ট্ৰসংঘকে ধৰি বিশ্বৰ বহু দেশে আহ্বান জনাইছে।

যুদ্ধৰ পৰিসমাপ্তি ঘটোৱাৰ বাবে ছুইজাৰলেণ্ডে মধ্যস্থতা কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে।

অৱশ্যে এতিয়ালৈকে আজাৰবাইজান অথবা আৰ্মেনিয়া কোনেও ছুইজাৰলেণ্ডৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনোৱা পৰিলক্ষিত হোৱা নাই।

ছুইজাৰলেণ্ডৰ চৰকাৰে কৈছে যে আজাৰবাইজান আৰু আৰ্মেনিয়াই আন্তৰ্জাতিক আইন মানি চলা উচিৎ।

ছুইজাৰলেণ্ডে সদায় সাধাৰণ মানহিৰ নিৰাপত্তাৰ দিশটোক অধিক গুৰুত্ব দিয়ে বুলি দেশখনৰ চৰকাৰে জাৰি কৰা এক বিবৃতিত প্ৰকাশ কৰিছে।

মূলতঃ সীমা সমস্যাকলৈয়ে বহু বছৰৰ পৰা আজাৰবাইজান আৰু আৰ্মেনিয়াৰ মাজত সংঘাত চলি আহিছে।

আৰ্মেনিয়াৰ প্ৰতিৰক্ষা দপ্তৰে প্ৰকাশ কৰা মতে আজি আজাৰবাজিানৰ ৮৪ জন সেনা আৰ্মেনিয়াৰ সেনাৰ আক্ৰমণত নিহত হৈছে।

দেওবাৰেও আৰ্মেনিয়াৰ সেনাই আজাৰবাইজানৰ ৪ খন হেলিকপ্তাৰ গুলীয়াই ভূপতিত কৰা বুলি দাবী কৰিছিল।একে আজাৰবাইজানৰ ১০ খন টেংকো ধ্বংস কৰা বুলি আৰ্মেনিয়াই দাবী কৰিছে।