বিটিচি নিৰ্বাচনৰ পূৰ্বে কোকৰাঝাৰত অস্ত্ৰ,গুলি-বাৰুদ উদ্ধাৰ

Arms-and-ammunition-1024x512

কোকৰাঝাৰত উদ্ধাৰ কৰা অস্ত্ৰ-শস্ত্ৰ। ফটো: নৰ্থইষ্ট নাও

বিটিচি নিৰ্বাচনৰ পূৰ্বে শনিবাৰে কোকৰাঝাৰ আৰক্ষীয়ে অস্ত্ৰ, গুলি-বাৰুদ উদ্ধাৰ কৰিছে।

এই কথা নিশ্চিত কৰি কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে কয়,’’শনিবাৰে বিয়লি প্ৰায় ৪বজাত অসম আৰক্ষীয়ে কোকৰাঝাৰ জিলাত এক অভিযান চলায়।‘’

‘’অবৈধ অস্ত্ৰ, গুলি-বাৰুদ তথা বিস্ফোৰক লুকাই ৰখাৰ বিষয়ে বিশ্বস্ত তথ্যৰ ভিত্তিত কচুগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত বৰিমাকা (মইনাগিৰি)ৰ সমীপৰ পেপছু বননিত অভিযানটো চলোৱা হৈছিল,’’-আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে কয়।

‘’কচুগাওঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আনন্দ ৰাভাৰ নেতৃত্বত এটা আৰক্ষীৰ দল আৰু অষ্টম অসম আৰক্ষী বেটেলিয়নৰ আৰক্ষীয়ে তালাচী অভিযানটো চলাইছিল আৰু বহুখিনি অস্ত্ৰ তথা গুলি-বাৰুদ উদ্ধাৰ কৰিবলৈ সক্ষম হয়,’’-কোকৰাঝাৰ আৰক্ষীৰ মুৰব্বীগৰাকীয়ে কয়।

আৰক্ষী অধীক্ষকগৰাকীয়ে জনায় যে শনিবাৰে এটা ৯ এমএম ফেক্টৰী-মেড পিষ্টল (RUGER, made in USA)ৰ লগতে এটা মেগাজিন, এটা ৭.৬৫ এম এমৰ ফেক্টৰী-মেড পিষ্টল আৰু মেগাজিন, তিনিটা ৭.৬৫ এম এমৰ সজীৱ বাৰুদ আৰু এটা চীনা হেণ্ড গ্ৰেণেণ্ড উদ্ধাৰ কৰা হয়।

কোকৰাঝাৰ আৰক্ষীৰ মুৰব্বীগৰাকীয়ে লগতে কয়,’’পৰৱৰ্তী কাৰ্যব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে।‘’