মেঘালয় আৰক্ষীক আলফা(স্বা)ৰ নেতা দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণৰ কৃতিত্বৰ ভাগ নিদিলে ভাৰতীয় সেনাই

সংযুক্ত মুক্তি বাহিনী, অসম(স্বাধীন) চমুকৈ আলফা(স্বা)ৰ উপ মুখ্য সেনাধক্ষ্য দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণত মেঘালয় আৰক্ষীয়ে লোৱা ভূমিকাক নস্যাৎ কৰি একক কৃতিত্ব লৈছে ভাৰতীয় সেনাই।

প্ৰতিৰক্ষা মন্ত্ৰণালয়ে বৃহস্পতিবাৰে পুৱা ৯.৫৯ বজাত প্ৰকাশ কৰা এক বিবৃতিত দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণত মেঘালয় আৰক্ষীয়ে লোৱা ভূমিকাক স্বীকাৰ কৰাতো বাদেই মেঘালয় আৰক্ষীয়েও যে উক্ত অভিযানত অংশগ্ৰহণ কৰিছিল সেই সম্পৰ্কে ঘূ্ৰ্ণাক্ষেও উল্লেখ কৰা নাই।

উল্লেখ্য যে বুধবাৰে মেঘালয়ৰ দক্ষিণ গাৰো হিলছ জিলাত এক সংঘৰ্ষৰ পিছত আত্মসমৰ্পণ কৰিছিল চাৰিজন কেডাৰসহ আলফা(স্বা)ৰ উপ মুখ্য সেনাধক্ষ্য দৃষ্টি ৰাজখোৱাই।

মেঘালয় আৰক্ষী আৰু ভাৰতীয় সেনাৰ এছএফ-১০ কামাণ্ড’ৰ যৌথ অভিযান কালত দক্ষিণ গাৰো হিলছ জিলাৰ ব’লব’গক্ৰে গাঁৱত সংঘৰ্ষ আৰম্ভ হোৱাৰ আধা ঘণ্টাৰ পিছত বাধ্য হৈ আলফা(স্বা)ৰ নেতা দৃষ্টি ৰাজখোৱাই চাৰি সতীৰ্থসহ অভিযানকাৰী যুটীয়া দলটোৰ ওচৰত আত্মসমৰ্পণ কৰিছিল।

ইফালে পুৱা ৬.২২ বজাত মেঘালয় আৰক্ষীয়ে নিজৰ বিভাগীয় টুইটাৰত পেজত বুধবাৰে আলফা(স্বা)ৰ নেতা দৃষ্টি ৰাজখোৱাসহ চাৰি সতীৰ্থক অসম আৰক্ষীৰ হাতত অৰ্পণ কৰা হৈছে বুলি টুইট কৰিছে।

অৱেশ্যে মেঘালয় আৰক্ষীৰ বিভাগীয় টুইটাৰ পেজটো আলফা(স্বা)ৰ নেতা দৃষ্টি ৰাজখোৱাই মেঘালয় আৰক্ষীৰ ওচৰতহে আত্মসমৰ্পণ কৰা বুলি উল্লেখ কৰা হৈছে। যুটীয়া অভিযানটোত অংশগ্ৰহণ কৰা ভাৰতীয় সেনাৰ এছএফ-১০ কামাণ্ড’ৰ বিষয়ে টুইটাৰত উল্লেখ কৰা নাই মেঘালয় আৰক্ষীয়ে।

প্ৰতিৰক্ষা মন্ত্ৰণালয়ে প্ৰকাশ কৰা বিবৃতি কোৱা হৈছে যে ‘আলফা(স্বা)ৰ শীৰ্ষ নেতা দৃষ্টি ৰাজখোৱাই ভাৰতীয় সেনাৰ ওচৰত আত্মসমৰ্পণ কৰিছে’।

৯ মাহজোৰা নিৰবিচ্ছিন্ন অনুসৰণৰল পিছত গোপন সূত্ৰৰ পম খেদি চলোৱা এক অভিযানৰ পিছত আলফা(স্বা)ৰ উপ মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাই আত্মসমৰ্পণ কৰে বুলি ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ বিবৃতিটোত কোৱা হৈছে।

বুধবাৰে মেঘলায় আৰক্ষী আৰু সেনা বাহিনীৰ এছএফ-১০ কামাণ্ড’ৰ যৌথ বাহিনীৰ অভিযানত আলফা(স্বা)ৰ উপ মুখ্য সেনাধ্যক্ষৰ লগতে আলফা কেডাৰ ক্ৰমে বেদান্ত অসম, য়াছিন অসম, ৰূপজ্যোতি অসম আৰু মিথুন অসমে আত্মসমৰ্পণ কৰিছিল।