NORTHEAST NOW (Assamese)

ভাৰতীয় সেনাৰ শিবিৰত অঘটন: গ্ৰেণেড বিস্ফোৰণে প্ৰাণ ল’লে দুই সেনা বিষয়াৰ

July 18, 2022 4:10 pm · এন ই নাও নিউজ, গুৱাহাটী

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষত ভাৰতীয় সেনাৰ কৰ্তব্যস্থলীত দুৰ্ঘটনাবশত: সংঘটিত হোৱা এক গ্ৰেনেড বিস্ফোৰণত এজন সেনা কেপ্টেইন আৰু এজন কনিষ্ঠ কমিছনড বিষয়া (জেচিঅ’) নিহত হয়।

জম্মুৰ প্ৰতিৰক্ষা বিভাগৰ লেফটেনেণ্ট কৰ্ণেল দেৱেন্দ্ৰ আনন্দে জানিবলৈ দিয়া মতে দেওবাৰে নিশা ভাৰতীয় সেনাৰ সৈন্যৰ মেন্ধাৰ চেক্টৰত কৰ্তব্যৰত অৱস্থাত এই বিস্ফোৰণ সংঘটিত হয়।

এই বিস্ফোৰণত কেপ্টেইন আনন্দ আৰু জেচিঅ’ নাইব চুবেদাৰ ভগৱান সিং আঘাতপ্ৰাপ্ত হৈছিল। দুয়োগৰাকী আঘাতপ্ৰাপ্ত বিষয়াক তৎক্ষণাৎ হেলিকপ্টাৰেৰে উধমপুৰৰ কমাণ্ড হস্পিটেললৈ স্থানান্তৰ কৰা হৈছিল।

কিন্তু গুৰুতৰ আঘাতৰ বাবে তেওঁলোকৰ প্ৰাণ ৰক্ষা সম্ভৱ নহ’ল আৰু চিকিৎসাৰ সময়তে দুয়োগৰাকীয়ে মৃত্যুবৰণ কৰে।

নিহত বিষয়া কেপ্টেইন আনন্দ বিহাৰৰ ভাগলপুৰ জিলাৰ চম্পা নগৰ অঞ্চলৰ বাসিন্দা। আনহাতে নায়েব চুবেদাৰ ভগৱান সিং উত্তৰ প্ৰদেশৰ আম্বেদকাৰ নগৰ জিলাৰ পোখৰ ভিট্টা গাঁৱৰ নিবাসী আছিল।

Related News