সীমান্তত বাজিছে যুদ্ধৰ দামামা: লাডাখত উপস্থিত ভাৰতীয় সেনাৰ মুৰব্বী নাৰাভানে

media-handle

চীন-ভাৰত সীমান্তত বাজি উঠিছে যুদ্ধৰ দামামা।

কোন মুহূৰ্তত আগ্ৰাসনবাদী চীনে ভাৰতৰ ওপৰত জঁপিয়াই পৰে তাৰ কোনো নিশ্চয়তা নোহোৱা হৈ পৰিছে।

ইপিনে আমেৰিকাই লাডাখ সীমান্তত চীনে পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ মজুত কৰা বুলি ডাঠি কৈছে।

ৰঙা চীনৰ সেনাই লাডাখত যুদ্ধ সদৃশ পৰিবেশ গঢ়ি তোলাৰ খবৰো এতিয়া আৰু গোপন হৈ থকা নাই। এনে পৰিস্থিতিত চীনৰ আক্ৰমণ প্ৰতিহত কৰিব পৰাকৈ ভাৰতীয় সেনা কিমান সাজু তাৰেই খবৰ ল’বলৈ দুদিনীয়া ভ্ৰমণসূচীৰে লাডাখলৈ গ’ল ভাৰতীয় সেনাৰ মুৰব্বী এম এম নাৰাভানেই।

আজি দুপৰীয়াৰ ভাগত সেনা প্ৰধান গৰাকীয়ে লেহত গৈ উপস্থিত হয়।

লেহত তেওঁ সেনাৰ উচ্চ পদস্থ বিষয়া সকলৰ সৈতে আলোচনাত মিলিত হৈ সীমান্তৰ পৰিস্থিতিৰ বুজ লয়।

সেনা প্ৰধান গৰাকীয়ে কাইলৈ সীমান্তৰ বহু স্পৰ্শকাতৰ অঞ্চল ভ্ৰমণ  কৰিব বুলি জানিব পৰা গৈছে।

উল্লেখ্য ১৫ জুনৰ দিনা লাডাখৰ গালোৱান ভেলীত চীনৰ সেনাই আক্ৰমণ চলাই ২০ জন ভাৰতীয় জোৱানৰ প্ৰাণ কাঢ়ি নিয়াৰ পিছত বিগত কিছুদিন ধৰি দুয়োখন দেশৰ মাজত আলোচনা চলি আছিল ।

এনে সময়তে শেহতীয়াকৈ পুনৰ দেশ দুখনৰ সেনাৰ মাজত সংঘৰ্ষ লগাৰ খবৰে বহুতকে উদ্বিগ্ন কৰি তুলিছে।

ভাৰতীয় সেনাৰ  মুখপাত্ৰ অমন আনন্দে প্ৰকাশ কৰিছিল যে  ২৯ আৰু ৩০ আগষ্টত চীনৰ সেনাই সীমান্ত ৰেখা উলংঘন কৰি লাডাখৰ পশ্চিম প্ৰান্তৰ পাংগং লেকৰ সমীপত ভূমি দখলৰ চেষ্টা চলায়।

চীনৰ সেনাৰ এনে কাৰ্যত ভাৰতীয় সেনাই বাধা দিয়াত দুই পক্ষৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়।

ভাৰতীয় সেনাই চীনা সেনাক শক্তি প্ৰয়োগ কৰি উক্ত স্থানৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হয় বুলি সেনাৰ মুখপাত্ৰ গৰাকীয়ে প্ৰকাশ কৰে।

উল্লেখ্য ১৫ জুনৰ সংঘৰ্ষত বহু কেইজন চীনৰ সেনাও নিহত হৈছিল যদিও সেই কথা চীনে ৰাজহুৱা কৰা নাই।

শেহতীয়া সংঘৰ্ষত এজন ভাৰতীয় সেনা নিহত হোৱা বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে যদিও চৰকাৰে এই বিষয়ত কোনো মন্তব্য কৰা নাই।