NORTHEAST NOW (Assamese)

বিদায় ‘জুম’! সন্ত্ৰাসবাদক জিনি অৱশেষত জীৱন যুঁজত হাৰ মানিলে জুমে

October 14, 2022 7:58 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 14, 2022 2:46 am

সন্ত্ৰাসবাদক জিনি অৱশেষত জীৱন যুদ্ধত হাৰ মানিবলৈ বাধ্য হ’ল ‘জুম’। কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বীৰত্বৰে যুঁজি দুই সন্ত্ৰাসবাদীৰ এনকাউণ্টাৰত সেনাক সহায় আগবঢ়োৱা ভাৰতীয় সেনাৰ প্ৰশিক্ষণপ্ৰাপ্ত যুঁজাৰু কুকুৰ ‘জুম’- এ বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে।

এনকাউণ্টাৰৰ সময়ত গুলীৰ আঘাতত গুৰুতৰভাৱে আহত হোৱা জুমে বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ১২ বজাত চিৰকালৰ বাবে চকু মুদে। এক বিবৃতি যোগে ভাৰতীয় সেনাই জুমৰ মৃত্যুৰ খবৰ সদৰী কৰে।

বিবৃতিটোত উল্লেখ কৰা মতে চিকিৎসাধীন হৈ থকা জুমে পুৱা প্ৰায় ১১:৪৫ বজালৈকে ভালদৰেই সঁহাৰি দি আছিল যদিও হঠাতে জোৰে জোৰে উশাহ ল’বলৈ আৰম্ভ কৰে আৰু বাগৰি পৰে। লগে লগে যুঁজাৰু কুকুৰটোৱে প্ৰাণত্যাগ কৰে।

জুমৰ মৃত্যুত শোক প্ৰকাশ কৰি ভাৰতীয় সেনাই সন্মান প্ৰদৰ্শন কৰাৰ লগতে সাহস আৰু বীৰত্বৰে জুমে দেশলৈ আগবঢ়োৱা সেৱা সদায়ে দেশে সুঁৱৰিব বুলি উল্লেখ কৰি সেনাই জুমলৈ শেষ সন্মান জনায়।

 

উল্লেখ্য যে সোমবাৰে জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত এক সংঘৰ্ষৰ সময়ত ভাৰতীয় সেনাৰ প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰ জুম গুৰুতৰভাৱে আহত হৈছিল। জুমৰ বীৰত্বৰ কাহিনীয়ে লাভ কৰিছিল ব্যাপক চৰ্চা।

দেওবাৰে নিশা টাংপাৱা অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে তথ্য লাভ কৰাৰ পিছত নিৰাপত্তাৰক্ষী বাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰিছিল। সোমবাৰে পুৱা সেনাই জুমক সন্ত্ৰাসবাদী থকা ঘৰটোৰ ভিতৰলৈ প্ৰেৰণ কৰিছিল।

সন্ত্ৰাসবাদীৰ সন্ধান উলিওৱাৰ বাবে বিশেষভাৱে প্ৰশিক্ষণ দিয়া জুমে দক্ষিণ কাশ্মীৰত বহুকেইটা অভিযানৰ অংশ হিচাপে সেৱা আগবঢ়াইছিল। সোমবাৰে জুমক আন অভিযানৰ দৰেই সন্ত্ৰাসবাদী লুকাই থকা ঘৰটোত প্ৰাথমিক আক্ৰমণৰ দায়িত্ব দিয়া হৈছিল।

দুৰ্ভাগ্যবশতঃ অভিযানৰ সময়ত জুমৰ শৰীৰত দুটাকৈ গুলী লাগে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। কিন্তু গুৰুতৰ আঘাতৰ পাছতো জুমে বীৰত্বৰে যুঁজ দিয়ে আৰু জুমৰ এই সাহসিকতাৰ সহায়তে দুই সন্ত্ৰাসবাদী নিহত হয়।

অভিযানৰ মাজতে জুমক ততাতৈয়াকৈ সেনাৰ এডভান্স ফিল্ড ভেটেৰিনেৰী হস্পিটেললৈ লৈ যোৱা হৈছিল। এই চিকিৎসালয়তে চিকিৎসাধীন হৈ থকা অৱস্থাতে জুমে অৱশেষত মৃত্যুক আঁকোৱালি লয়।

Related News